‘বিৰিণা গোষ্ঠী, অসম’ৰ সভাপতিৰ কলমত…

✍️লীলাধৰ পাঠক🌹

নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ অতি পুৰণি গাঁও কছুৱাত জন্মগ্ৰহণ কৰা গীতাঞ্জলি বৰ্মন ডেকা সাম্প্ৰতিক সময়ৰ এগৰাকী সুলেখিকা।

সততা আৰু দায়বদ্ধতাৰে সাহিত্য চৰ্চা কৰা গীতাঞ্জলি বৰ্মন ডেকাৰ পিতৃ শ্ৰীযজ্ঞুৰাম বৰ্মন (মহাজন) আৰু মাতৃ শ্ৰীমতী দময়ন্তী ভূঞা বৰ্মন ।

বিবাহসূত্ৰে তেওঁ বৰ্তমান গুৱাহাটী ৰূপনগৰৰ বাসিন্দা। স্বামী পবিত্ৰ ডেকাৰ আৰু তেওঁৰ পুত্ৰদ্বয়ৰ পূৰ্ণ সহযোগিতাত তেওঁ সমাজ সেৱা আৰু সাহিত্য চৰ্চাত নিজক সমৰ্পণ কৰিবলৈ সক্ষম হৈছে । স্কুলীয়া শিক্ষা গাঁৱতে আৰম্ভ কৰা গীতাঞ্জলিয়ে বৰক্ষেত্ৰী মহাবিদ্যালয়ৰ পৰা স্নাতক উত্তীৰ্ণ হয়। স্কুলীয়া জীৱনৰ পৰাই অবিৰত ভাৱে লেখা-মেলা কৰা আৰু বিভিন্ন সামাজিক কামত আগভাগ লোৱা গীতাঞ্জলি বৰ্মন ডেকা আপাততঃ এগৰাকী কবি আৰু অনুগল্পকাৰ ।

অসম সাহিত্য সভাৰ আজীৱন সভ্য গীতাঞ্জলি বৰ্মন ডেকা ৰূপনগৰ স্বৰ্ণ শাখাৰ সদস্য হোৱাৰ উপৰিও মুম্বাই স্বৰ্ণ শাখাৰ প্ৰচাৰ সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। অসম কবি সন্মিলন ,অসম লেখিকা সমাৰোহ আদি বিভিন্ন সাহিত্যানুষ্ঠানৰ লগত জড়িত গীতাঞ্জলি বৰ্মন ডেকা ৰাজ্যখনৰ অন্যতম সাহিত্য-সাংস্কৃতিক অনুষ্ঠান বিৰিণা গোষ্ঠী, অসমৰ এগৰাকী নিষ্ঠাবান প্ৰতিনিধি। প্ৰত্যুষৰ অপেক্ষাত ,দৰদী হিয়াৰ সুবাসে সুবাসে, হৃদয় সাগৰত সৃষ্টিৰ ঢৌ, সেউজীয়া বিচাৰি সেউজীয়া বাটেৰে আদি তেওঁৰ প্ৰকাশিত কবিতা পুথি। ‘মানৱতা’ তেওঁৰ পঞ্চমখন গ্ৰন্থ তথা প্ৰথমখন অনুগল্প পুথি ।

নীৰিহ, দুখীয়া,নিৰ্যাতিত আৰু বেদনাৰে জৰ্জৰিত হৈ থকা জনৰ মুখত অলপ হাঁহি বিৰিঙাবলৈ তথা সমাজখনক ইতিবাচক দিশেৰে আগবঢ়াই নিবলৈ কলম হাতত তুলি লোৱা গীতাঞ্জলি বৰ্মন ডেকাৰ কবিতা, অণুগল্প, আদি বিভিন্ন কাকত-আলোচনীত প্ৰকাশ পোৱাৰ উপৰিও নিজে একাংকিকা নাট লিখি একক অভিনয় কৰি বৰক্ষেত্ৰী মহাবিদ্যালয়ত শ্ৰেষ্ঠ অভিনেত্ৰীৰ পুৰস্কাৰ বুটলিবলৈও সক্ষম হৈছিল।

প্ৰকৃতিৰ গছ-বন, জীৱ-জন্তুৰ প্ৰতিও আছে তেওঁৰ দুৰ্বাৰ প্ৰেম। সাহিত্য চৰ্চা আৰু সমাজ সেৱাৰ স্বীকৃতি হিচাপে ইতিমধ্যে তেওঁ লাভ কৰিবলৈ সক্ষম হৈছে শুভাকাংক্ষী বঁটা, আজিৰ কবিতা বঁটা , অসম গৌৰৱ সন্মান, বৰলুইত বঁটা, নাৰী শক্তি গৌৰৱ বঁটা , ভাৰতৰত্ন ড° ভূপেন হাজৰিকা ৰাষ্ট্ৰীয় বঁটা-২০২৩, প্ৰেৰণা বঁটা ,উত্তৰণ সৌৰভ সন্মান আদি বিভিন্ন বঁটা আৰু সন্মান।

সম্প্ৰতি অসমীয়া গদ্য সাহিত্যৰ এক জনপ্ৰিয় বিভাগ অনুগল্প (Flash Fiction) । অনুগল্প হৈছে বৌদ্ধিক ভাৱনাৰ এক মূৰ্ত্ত প্ৰকাশ। ক্ষুদ্ৰ হ’লেও ইয়াৰ এটা স্বাধীন সত্তা আছে। ইয়াৰ ভাৱ-ভাষা শক্তিশালী হোৱাৰ উপৰি বাক্যবোৰ কবিতাৰ দৰে অলংকাৰযুক্ত। মূলত়ঃ এটা ৰূপকৰ মাজেৰে গল্পকাৰে নিজৰ বক্তব্য তুলি ধৰে।আজি সামাজিক মাধ্যম শক্তিশালী হোৱাৰ লগে লগে অনুগল্পৰো প্ৰসাৰ বাঢ়ি গৈছে।

গীতাঞ্জলি বৰ্মন ডেকাৰ ‘মানৱতা’ অনুগল্প পুথিত সন্নিৱিষ্ট বেচিভাগ অনুগল্পই বিষয়বস্তু উপস্থাপন কৰি তাৰ সমাধানো দিবলৈ যত্ন কৰিছে। কেইবাটাও অনুগল্পত জীৱনবোধৰ ধাৰনাও দেখা পোৱা যায়। বিষয়ভিত্তিক আৰু ভাৱভিত্তিক বিষয়বস্তুৰে লিখা কেইবাটাও অনুগল্পতেই মানৱতাবাদক মূল উপজীৱ্য হিচাপে লোৱা দেখা গৈছে। আশা কৰোঁ পাঠক সমাজে মানৱতাক মানৱীয় দৃষ্টিৰে চাই গল্পকাৰক কৃতাৰ্থ কৰিব।

বিৰিণা গোষ্ঠী ,অসমৰ বিশেষ প্ৰতিনিধি গীতাঞ্জলি বৰ্মন ডেকাৰ অনুগল্প পুথি ‘মানৱতা’ বিৰিণা গোষ্ঠীয়ে প্ৰকাশ কৰিবলৈ পাই অতিশয় সুখ অনুভৱ কৰিছোঁ ।

কবি-গল্পকাৰ তথা সমাজহিতৈষী গীতাঞ্জলি বৰ্মন ডেকাই আগলৈ এটি সেন্দূৰীয়া আলিয়েদি বাট বুলক এই মুহূৰ্তত আমি তাকেই কামনা কৰোঁ।

                                লীলাধৰ পাঠক
                                      সভাপতি
                         বিৰিণা গোষ্ঠী, অসম

Leave a Reply

Your email address will not be published. Required fields are marked *