🌹🌹🌹🌹🌹a LOVE story lost within a HATE story🌹🌹🌹🌹🌹

প্ৰতিটো সম্পর্কই জীয়াই থাকে সন্মানৰ ভেটিত।

তাতে আকৌ যদি সেই সম্পর্ক হয় প্ৰেমৰ দৰে আলফুলীয়া—শ্ৰদ্ধা, ভালপোৱা তথা বিশ্বাস অবিহনে সেই সম্পর্কই স্থায়িত্ব লাভ নকৰে ৷

আৰম্ভ হয় সংঘাত।

বাঢ়ি বাঢ়ি গৈ থাকে দূৰত্ব—যি কেতিয়াবা ঢুকি পোৱাৰ পৰা বহু নিলগলৈ আঁতৰি যায়।

‘মান্যতা’ও তেনে এক সম্পৰ্কৰে কাহিনী। আনহাতে, মান্যতা নামৰ এক বলিষ্ঠ চৰিত্ৰই কাহিনীক এক অন্য গতি প্ৰদান কৰিছে।

মান্যতাৰ আছে এক গোপন অতীত, যাৰ বিষয়ে তাই একোকে নাজানে।

এই গোপনীয়তা সমাজখনে গঢ়ি তোলা মানসিক জগতখনৰে এটা কৰুণ অধ্যায়।

সীতা অথবা কৰ্ণৰ দৰেই এক কৰুণ চৰিত্ৰ মান্যতা।

এই চৰিত্ৰ আৰু তাৰ সংঘাতপূর্ণ পৃষ্ঠভূমিকে উপন্যাসখনত বলিষ্ঠভাৱে উত্থাপন কৰা হৈছে।

ইন্দ্ৰাণী শৰ্মাৰ নামত বিভিন্ন কাকতত গল্প আৰু নিবন্ধ প্রকাশ পাইছে যদিও ‘মান্যতা’ ইন্দ্ৰাণী শৰ্মা পাঠকৰ প্ৰথমখন উপন্যাস।

দীৰ্ঘদিন ধৰি সমাজখনত বৰ্তি থকা মানসিক জগতখনৰ বিৰুদ্ধে থিয় দি মান্যতা অথবা ৰশ্মিৰেখা পৰাশৰৰ দৰে চৰিত্ৰই প্ৰেম, বিশ্বাস আৰু সন্মানেৰে পৰিপূৰ্ণ এখন সুন্দৰ মানসিক জগত গঢ়ি তোলাটো কিমান দূৰ সম্ভৱ—উপন্যাসখনত এই প্ৰশ্নকে পঢ়ুৱৈৰ সন্মুখত তুলি ধৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *