💐💐💐গ্ৰন্থ সুবাসৰ উদ্যোগত কিতাপ পঢ়ক আনকো পঢ়ুৱাওক:💐💐💐

💐আজিৰ অতিথি✍ সুকন্যা গাৰ্গী শইকীয়া💐

গ্ৰন্থ : ‘মান্দালয়’।

লেখক : মৃণাল তালুকদাৰ।

         শেহতীয়াকৈ মই পঢ়া এখন কিতাপ হৈছে, মৃণাল তালুকদাৰৰ "মান্দালয়"।কিতাপখনৰ মূল বিষয় বস্তু হৈছে গঁড়, গঁড়ৰ খৰ্গৰ বজাৰ আৰু কাজিৰঙা সম্পৰ্কীয় কিছু কথা।
      লেখকে অসমৰ গঁড়ৰ খৰ্গৰ বজাৰ আৰু চোৰাং চিকাৰীৰ আতিগুৰি বিচাৰি জখলাবন্ধাৰ পৰা চীন-ভিয়েটনাম সীমালৈ কৰা এক অকল্পনীয় যাত্ৰাৰ বিৱৰণেই এই কিতাপখনত আছে।
    উত্তৰ বাৰ্মাৰ মূল চহৰ এই মান্দালয়।লেখক যিহেতু এজন সাংবাদিক, গতিকে যোৱা২৫টা বছৰত কাজিৰঙাৰ অতি অভিজ্ঞ বনবিষয়াৰ লগত হোৱা বিভিন্ন কথা-বতৰাৰ পৰা পোৱা পৰোক্ষ জ্ঞান কিতাপখনত লিপিবদ্ধ কৰিছে।২০০৬চনৰ পৰা ২০১৭চন পৰ্যন্ত কাজিৰঙাত হত্যা হোৱা গঁড়ৰ তালিকা ইয়াত উল্লেখ কৰিছে। কাজিৰঙাৰ সমগ্ৰ উচ্চ পদস্থ বিষয়াৰ পৰা বনকৰ্মীজনে দিন-ৰাতি, ৰ'দ-বৰষুণ, গৰমৰ দিনত কিম্বা হাৰ কপোৱা শীতৰ ৰাতিটোতো  কাজিৰঙাখনক সুৰক্ষাৰ বাবে, বিশেষকৈ গঁড়ৰ সুৰক্ষাৰ বাবে চোৰাং চিকাৰী লগত সংঘৰ্ষত কিদৰে লিপ্ত হয় সেই কাহিনীও লেখকে  সুন্দৰকৈ বৰ্ণনা কৰিছে।কাজিৰঙাত গঁড় গণনা কাৰ্যটো লেখকে অংশ লোৱাৰ সুবিধা পোৱাৰ কথা উল্লেখ কৰিছে।এক ৰোমাঞ্চকৰ বৰ্ণনা।
   লেখকৰ মূল অনুসন্ধানমূলক কথাটো হৈছে যে, অসমৰ পৰা যে গঁড়ৰ খৰ্গবোৰ নি চোৰাং চিকাৰীয়ে ক'ত বিক্ৰী কৰে?আন্তঃৰাষ্ট্ৰীয় বজাৰত গঁড়ৰ খৰ্গৰ মূল্য বহুত বেছি।সেই বজাৰ বিচাৰি লেখকে Indo ASEAN car rallyত গৈছিল গুৱাহাটীৰ পৰা বেংকক। অনুসন্ধান কৰিছিল কোন কোন পথেদি অসমৰ খৰ্গ চীনলৈ যায়।গঁড় সুৰক্ষাৰ বাবে যিখন যুদ্ধ অসমত এতিয়াও চলি আছে, সেই একে যুদ্ধ নেপালৰ ছিটৱান আৰু দক্ষিণ আফ্ৰিকাৰ কুগেৰত চলি আছে।
    লেখকে যেতিয়া গঁড়ৰ খৰ্গৰ বজাৰ অনুসন্ধান কৰি মান্দালয় পাইছিল, তাত তেওঁ লগ পাইছিল হেৰাই যাব ধৰা কিছু অসমীয়াক।চীনৰ কুনমিং চহৰৰ এখন দোকানত উজ্জ্বল ধাতুৰ ৰূপত পাইছিল গঁড়ৰ খৰ্গ।

দক্ষিণ আফ্ৰিকাৰ ব্যৱসায়ী জন হিউমৰ “গঁড় খেতি”ৰ কথাও লেখকে লিখিছে।
গ্ৰন্থখন পঢ়ি সঁচাই ভাল লাগিল।এখন তথ্যভিত্তিক গ্ৰন্থ।গঁড়, গঁড়ৰ খড়্গৰ বজাৰ তথা কাজিৰঙাৰ বিষয়ে বহু খিনি তথ্য জানিব পাৰিলো। কাজিৰঙাৰ সমগ্ৰ প্ৰশাসনৰ প্ৰতি থকা ভুল ধাৰণা মাৰ গল,কাৰণ মই ভাবিছিলোঁ যে বন বিভাগৰ গাফিলটিৰ বাবেই চোৰাং চিকাৰীয়ে সহজে গঁড় হত্যা কৰিব পাৰিছে।কিন্তু বনকৰ্মীসকলৰ কাজিৰঙাৰ প্ৰতি যি ত্যাগ সেয়া কিতাপখন পঢ়াৰ পিছত হে জানিলো। লেখকে কিতাপ খন অসমৰ গঁড়ৰ কাৰণে জীৱন উচৰ্গা কৰা সকললৈ উচৰ্গা কৰিছে।এইছেগতে লেখক মৃণাল তালুকদাৰ চাৰলৈ বহুত ধন্যবাদ, পাঠক সমাজক এখন তথ্যকেন্দ্ৰিক গ্ৰন্থ উপহাৰ দিয়াৰ বাবে।
ধন্যবাদেৰে,
সুকন্যা গাৰ্গী শইকীয়া।
আমগুৰি, শিৱসাগৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *