
🌹🌹🌹🌹🌹 মানুহজনী ফেঁচা হ’ল🌹🌹🌹🌹🌹
অৰূপা পটংগীয়া কলিতাই ব্যক্তিক সমাজ আৰু ইতিহাসৰ পৰা বিচ্ছিন্ন কৰি নাচায়।
সেয়ে ব্যক্তি মনৰ গহনলৈ সোমাই যোৱাৰ সময়তো সমাজ বাস্তব, বিশেষ ঐতিহাসিক মুহূর্ত অথবা ঐতিহাসিক ঘটনা একোটাৰ অভিজ্ঞতা লেখকৰ মনত সক্ৰিয় হৈ থাকে।
এই কাৰণতো অৰূপা পটংগীয়া কলিতাৰ গল্প বিশেষ ধৰণে আকর্ষণীয় হয়।
এই সংকলনটোৰ গল্পসমূহেও লেখকৰ এই বৈশিষ্ট্য বহন কৰিছে।
দেশ এখন দুফাল কৰি দিয়া হ’ল।
অতীত কালত।
কিন্তু সেই ৰেডক্লিফ চাহাবৰ চুৰীখনে যেন এতিয়াও দেশখন ফালিয়েই আছে, আমাৰ জীৱনবোৰ ছিৰাছিৰ কৰি আছে, সেয়া লেখকে দেখিছে।
মুষ্টিমেয় কৰ্পোৰেটৰ স্বাৰ্থত চলি থকা ৰাষ্ট্ৰ এখনত শোষিত, নিপীড়িত, যন্ত্রণাক্লিষ্ট মানুহৰ ব্যক্তিত্বৰ বিকাশ ৰুদ্ধ অথবা বিকৃত হৈছে, অস্থিৰতা, অসহায়তা আৰু যন্ত্ৰণাৰ এখন পৃথিৱীত অধিকাংশ মানুহ ককবকাই ফুৰিছে।
লেখকে মানুহৰ এই ৰুক্ষ জীৱনক গল্পৰ উপজীব্য কৰিছে আৰু ব্যক্তি জীৱনৰ মনস্তাত্ত্বিক জটিলতাক সূক্ষ্মদর্শী ইতিহাসবোধ আৰু সমাজ চেতনাৰে উপস্থাপন কৰিছে।
পুৰুষতান্ত্রিক সমাজ এখনত নাৰীৰ স্বকীয় অস্তিত্ব আৰু আত্মপ্ৰতিষ্ঠাৰ সংগ্ৰামৰ ছবিও লেখকে আঁকিছে।
পৰিয়ালবোৰ ভাগি গৈছে, মানুহ একাকীত্বৰ কবলত পৰিছে, তাৰ মাজতো অৰূপা পটংগীয়া কলিতাৰ গল্পৰ চৰিত্ৰই ‘আত্মীয়’ বিচাৰি পাইছে।
সর্বগ্রাসী হতাশা আৰু হৃদয়হীনতাই ঊষৰ কৰি তোলা এখন ‘ভার্চুৱেল পৃথিৱীত চাৰিটা নাৰিকলৰ লাডুৰ শুভ্ৰ উজ্বলতাই হৃদয় মন পোহৰাই তোলে।
সমাজ, ইতিহাস স্থবিৰ নহয়, গতিশীল, আৰু দুঃসময়ৰ পৰা সুসময়লৈ যাত্ৰা কিন্তু মানুহেই সম্ভৱ কৰি তোলে।
অৰূপা পটংগীয়া কলিতাৰ এই সংকলন ‘মানুহজনী ফেঁচা হ’ল’, সেই যাত্রাপথতেই এক বলিষ্ঠ খোজ।

