
💐মানসিক স্বাস্থ্য – জীৱনযাপন আৰু সুখৰ মন্ত্ৰ
💐💐💐আৰাধনা বৰুৱা💐💐💐
দাম – ১৫০ টকা
প্ৰকাশক – আঁক-বাক
মানসিক সমস্যা তথা ৰোগৰ বিষয়ে আলোচনা আৰু নিৰাময়ৰ বিধান থকা কিতাপ অসমীয়া ভাষাত তেনেই তাকৰ।
এইবোৰৰ ভিতৰত “মানসিক স্বাস্থ্য – জীৱনযাপন আৰু সুখৰ মন্ত্ৰ” এখন গুৰুত্বপূৰ্ণ গ্ৰন্থ।
চাইক’লজিষ্ট আৰাধনা বৰুৱাৰ এই গ্ৰন্থখনৰ বিশেষভাৱে মন কৰিবলগীয়া দিশ এয়ে যে মানসিক স্বাস্থ্য বিষয়ক ইমানবোৰ বিষয় ইয়াৰ আগেয়ে কোনো এখন গ্ৰন্থই সামৰি লোৱা নাই।
মানুহৰ মনটো বৰ স্পৰ্শকাতৰ।
এগৰাকী মানুহ সুন্দৰ আৰু সুস্থ বুলি ক’লে তেওঁৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য সুস্থ-সবল হোৱাটোকে বুজায়।
কিন্তু এই মানসিক স্বাস্থ্য সম্পৰ্কে মানুহ কিমান সচেতন?
জটিল মানসিক ৰোগৰ উপৰি মানসিক চাপ, হতাশা, এংজাইটি, ফ’বিয়া, আত্মহত্যাৰ প্ৰৱণতা, নিচাসক্তি আদিয়ে কেনেদৰে মানুহৰ জীৱনক আচ্ছন্ন কৰি আগবাঢ়ি যোৱাত বাধা দিয়ে অথবা একো একোটা জীৱন, একো একোটা পৰিয়াল ধংসস্তূপত পৰিণত কৰে তাক নিচেই ওচৰৰ পৰা দেখা চাইক’লজিষ্ট আৰাধনা বৰুৱাই এই গ্ৰন্থত তেনে ভালেমান বিষয় সামৰি লৈছে।
