🌹🌹🌹🌹🌹🌹মাধৱদেৱ🌹🌹🌹🌹🌹

✍️❤️ড° সঞ্জীৱ কুমাৰ বৰকাকতী

অসমীয়া জাতিৰ প্ৰাণ প্রতিষ্ঠাতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰধান সহযোগী আছিল মাধৱদেৱ।

মধ্যযুগৰ ভক্তি আন্দোলনলৈ শংকৰদেৱৰ প্রায় সমানেই গুৰুত্বপূৰ্ণ অৱদান আছিল মাধৱদেৱৰ।

এইগৰাকী মহাপুৰুষৰে সম্পূৰ্ণ জীৱনী গ্ৰন্থ ‘মাধৱদেৱ’।

সকলো শ্ৰেণীৰ পঢ়ুৱৈৰ উপযোগীকৈ সহজ-সৰল ভাষাৰে লিখা এই গ্ৰন্থখনৰ লেখক ড° সঞ্জীৱ কুমাৰ বৰকাকতী বৃহদাকাৰৰ গ্ৰন্থ ‘পূৰ্ণাংগ কথা গুৰুচৰিত’ প্ৰণয়নৰ অভিজ্ঞতাৰে পুষ্ট।

এই জীৱনীখন প্ৰস্তুত কৰোঁতে ‘পূৰ্ণাংগ কথা গুৰুচৰিত’ৰ পৰা বহুখিনি সমল লোৱা হৈছে।

কিন্তু সেই গ্ৰন্থতকৈ ইয়াত মাধৱদেৱৰ জীৱনৰ সৈতে জড়িত ঘটনাবোৰ অধিক বহলভাৱে আলোচনা কৰা হৈছে।

তদুপৰি সেই গ্ৰন্থখনৰ গৱেষণামূলক আৰু তুলনামূলক বৰ্ণনাৰ বিপৰীতে এই গ্ৰন্থত সিদ্ধান্তমূলকভাৱে বৰ্ণনাসমূহ আগবঢ়োৱা হৈছে।

‘পূৰ্ণাংগ কথা গুৰুচৰিত’কে ধৰি অসমীয়া আৰু ইংৰাজী ভাষাত প্ৰায় তিনি কুৰি গ্ৰন্থৰ ৰচয়িতা ড° সঞ্জীৱ কুমাৰ বৰকাকতীৰ কৰ্মৰাজি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো স্বীকৃত হৈছে।

বিশ্বখ্যাত অক্সফৰ্ড, কেম্‌ব্রিজ, ষ্টেনফর্ড, মিচিগান, য়েল, ট’ৰ’ণ্ট’, চিকাগো আদি বিশ্ববিদ্যালয়ৰ পুথিভঁৰালত তেওঁৰ গ্ৰন্থ সংৰক্ষিত হৈছে।

ইণ্টাৰনেটৰ মাধ্যমেৰে শংকৰদেৱ চৰ্চাক জনপ্ৰিয় কৰি তোলাৰ ক্ষেত্ৰত তেওঁ বাটকটীয়া।

Leave a Reply

Your email address will not be published. Required fields are marked *