
গুনীন চৌধুৰীৰ মাটিৰ সুৰ
দিনেশ চন্দ্ৰ গোস্বামী “গনশিল্প আৰু প্ৰতিবাদৰ কথা”লেখক গুনীন চৌধুৰীৰ লিখনিৰ মূল বক্তব্য ৷ ইতিমধ্যে চৌধুৰী এজন সচেতন প্ৰগতিশীল লেখক হিচাবে প্ৰতিস্থিত হৈছে ৷বৌদ্ধিক মহলতো চিনাকি এটা গঢ়ি উঠিছে ৷ কিছু ব্যতিক্ৰমী লিখনি আৰু চিন্তাৰে সচেতন পঢ়ুুৱৈ সকলৰো দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৷অবশ্যে তেওঁৰ লিখনি নিৰ্দিষ্ট সীমাৰ মাজত আবদ্ধ হৈ থকা নাই ৷গল্প,কবিতা,অনুবাদ সাহিত্যৰ লগতে চিন্তা উদ্ৰেক কাৰী মননশীল লিখনিও তেওঁৰ কাপৰ পৰা নিঃসৃত হৈছে ৷ আটাইকেইটা বিভাগতে তেওঁ দখল সাব্যস্ত কৰিবলৈ সক্ষম হৈছ ৷ইতিমধ্যে তেওঁৰ দুখন কাব্য সংকলন ক্ৰমে “কোলাহল ”আৰু “ৰেলে কটা মূৰ ”প্ৰকাশ পাইছে আৰু কাব্য ৰসিকৰ পৰা বেচ সমাদৰ পোৱা দেখা গৈছে ৷ “বৈধ কি অবৈধ কি ”তেওঁৰ ব্যতিক্ৰমধৰ্মী গল্প সংলন খনে পঢ়ুৱৈৰ বিশেষ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৷“আটঘৰাৰ মহিম হালদাৰ” নামৰ অনুবাদ গল্প সংঙ্কলন খনতো তেওঁ দক্ষতাৰ পৰিচয় দিবলৈ সক্ষম হৈছে ৷এই গল্পবোৰ পঢ়িলে অনুবাদ গল্প পঢ়া যেন নালাগে , মৌলিকতাৰ গোন্ধে আপোনাক চুই যাব ৷ আৰ্থাত সাহিত্যৰ প্ৰতিটো দিশতে তেওঁৰ যেন পাৰদৰ্শী হাতৰ পৰস পৰিছে৷সেহতীয়া প্ৰবন্ধ সংঙ্কলন “ মাটিৰ সুৰ —গণশিল্প আৰু প্ৰগতিবাদৰ কথা ,চৌধুৰীৰ চিন্তাআৰু ধাৰণাৰ সেহতীয়া ফচল ৷ কিতাপখন প্ৰকাশ কৰিছে সাহিত্যানুৰাগী , উদ্যমী ডেকা প্ৰকাশক ৰূপজ্যোতি দেৱনাথে তেওঁৰ আধ্যবন্ত প্ৰকাশন গোষ্ঠী“জাগৰণ সাহিত্য প্ৰকাশন”ৰ দ্বাৰা ৷ কিতাপখন দেখিলেই হাতত তুলি লবলৈ মনযায় তাৰ কাৰণ হ’ল আকৰ্ষণী বেটুপাট ৷কিতাপখনৰ চুম্বকীয় নামটোৰ কথা বাৰু নকলোৱেই
আটকধুনীয়া “গেট—আপ” আৰু অৰ্থবহ বেটু পাত ৷অৰ্থাত বেটুপাতটোৱে যেন চিনাকি কৰি দিয়ে কিতাপৰ গৰ্ভৰ সংবাদ ৷সচাকৈয়ে কিতাপ খনৰ শিল্পী ৰাজীৱ ৰয়ে দক্ষতাৰে অকা বেটুপাতটোৱে কিতাপখনৰ গাম্ভীৰ্য আৰু সৌন্দৰ্য্য সুন্দৰকৈ প্ৰকাশ কৰিছে যাৰ বাবে আপোনাৰ কিতাপখন পঢ়াৰ বাবে আগ্ৰহান্বিত কৰি তুলিব ৷ অস্বীকাৰ কৰি লাভ নাই যে কিতাপ এখন হাতত তুলি লোৱাৰ প্ৰথম আকৰ্ষণ বেটুপাত ৷এই ক্ষেত্ৰত শিল্পী ৰাজীৱ ৰয়ে লিখক চৌধুৰীক নিৰাশ কৰা নাই৷তেওঁৰ দক্ষ হাতৰ বেটুপাতটোৱে কিতাপখন পঢ়াৰ বাবে নিশ্চিত ভাবে আপোনাক আকৰ্ষিত কৰিব ৷ ইয়াৰ পিছতে আপুনি ভূমিকাত ভুমূকি মাৰিলে দেখা পাব ড° পৰমানন্দ মজুমদাৰৰ চৌধুৰীৰ কিতাপখন সম্পৰ্কত এক সাৰুৱা লিখনি যাৰ পৰা মোটামুটি ভাবে কিতাপখনৰ ওপৰত আপোনাৰ এটা সুস্পষ্ট ধাৰণা লবলৈ সক্ষম হব ৷ ভূমিকাৰ মাজেৰেই শ্ৰীযুত মজুমদাৰে কিতাপখনৰ লিখনি সমুহৰ ওপৰত এটা সুন্দৰ পৰ্যালোচনা আগবঢ়াইছে যাৰ দ্বাৰা কিতাপখনৰ এক সুকীয়া মাত্ৰা দিয়াৰ লগতে কিতাপখনৰ ওজনো বঢ়াইছছে বুলি বিনা দ্বিধাই কব পাৰি
চৌধুৰীয়ে কিতাপখনিৰ আৰম্ভ কৰিছে বামপন্থী প্ৰগতিশীল লিখক অনিল ৰায়চৌধুৰী সম্পৰ্কে লিখা দুটা সোঁৱৰণীসুচক , বিশ্লেষাত্মক লিখনিৰে ৷ইয়াত অনিল ৰায়চৌধুৰীৰ চমু জীৱন পৰিক্ৰমা,ৰাজনৈতিক আদৰ্শ,দৃষ্টিভঙ্গী,
সাহিত্য পৰিক্ৰমা ,সামাজিক ,ৰাজনৈতিক
সাংস্কৃতিক কামকাজ আদি কথাবোৰ তেনেই চমুকৈ অথচ সকলো দিশ সামৰি আমনি নলগাকৈ উথ্থাপন কৰা হৈছে ৷ কম পৰিসৰৰ লিখনি দুটাৰ মাজেৰেই লিখক চৌধুৰীয়ে অনিল ৰায় ৰায়চৌধুৰী নামৰ মানুহজনক চিনাকি কৰি দিয়াত সফল হৈছে ৷আকৌ অমূল্য বৰুৱাৰ ওপৰত লিখা লিখনিটোৰ মাজেৰে তেওঁৰ কবি হিচাবে চিন্তা আৰু কাব্য সাধনাৰ উত্তৰণ ,প্ৰেক্ষাপট
সম্পৰ্কে বিভিন্নজনৰ লিখনিৰ উদ্ধৃতি,বাখ্যাৰ দ্বাৰা এটা নিটোল ধাৰণা দিয়াৰ চেষ্টা কৰিছে ৷সম্পূৰ্ণ জীৱনী নহয় অথচ অমূল্য বৰুৱাক বুজিবলৈ হলে এই লিখনিটো পঢ়া উচিত কাৰণ অমূল্য বৰুৱ সম্পৰ্কীয় কোনো গুৰুত্বপুৰ্ণ কথাই লিখনিটোৰ পৰা বাদ পৰি যোৱা নাই ৷ ভাৱবাদী ৰোমাণ্টিক কাব্য সাধনাৰ পৰা বাস্তৱ পৰিস্থিতি,ঘটনা প্ৰৱাহৰ মাজেৰে কেনেদৰে বাস্তৱবাদী প্ৰগতিশীল কবি হিচাবে আত্ম প্ৰকাশ কৰিলে তাৰো বিশ্লেষণ ,উদ্ধৃতি আদিৰ দ্বৰা পঢ়ুৱৈৰ আগত তুলি ধৰাৰ বাবে তেওঁ যথেষ্ট চেষ্টা কৰা দেখা গৈছে ৷বিশেষকৈ চিন্তা আৰু কাব্যিক উত্তৰণৰ দিশটোত প্ৰভাৱ বিষ্টাৰ কৰা কাৰক সমুহ খুব কম কথাৰে প্ৰাঞ্জল ভাষাৰে বাখ্যা কৰাত লেখক সফল হৈছে ৷
গণ শিল্পী হেমাঙ্গ বিশ্বাস অসমৰ গন সংস্কৃতিৰ প্ৰথম ধাৰক আৰু বাহক ৷অসমৰ অবহেলিত গনকৃষ্টি ,সংস্কৃতি আৰু শিল্পী সকলক জনসমাজলৈ আগুৱাই লৈ গৈ মান্যতা দিয়াৰ লগতে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত তেওঁৰ অবদানক কোনেও অস্বীকাৰ কৰিব নোৱাৰে ৷বঙ্গভাষী হোৱাৰ লগতে বঙালী কৃষ্টি সংস্কৃতিৰ মাজত শৈশৱ কৈশোৰৰ সময় চোৱা পাৰ কৰাৰ পিছতো তেওঁ হৈ পৰিছিল এজন কট্টাৰ অসমীয়া সংস্কৃতিৰ সাধক আৰু বাহক ৷গননাট্য সংঘৰ মাজেদি অসমলৈ বোৱাই আনিছিল প্ৰগতিশীল মাৰ্ক্সীয় ধ্যান ধাৰণা ৷ ভাৰতীয় গন নাট্য সংঘ আৰু হেমাঙ্গ বিশ্বাস যেন মুদ্ৰাটোৰ ইপিঠিসিপিঠি ৷ অসমৰ প্ৰেক্ষাপটত গন নাট্য সংঘৰ কথা কোৱা মানে হেমাঙ্গ বিশ্বাসৰ নামৰ লগতে তওঁৰ প্ৰসংগ আহি পৰাতো স্বাভাৱিক কথা ,কাৰণ হেমাঙ্গ বিশ্বাসক বাদ দি অসমৰ গন নাট্য সংঘৰ কথা আলোচনালৈকে আনিব নোৱাৰি ৷ আনকি অসমৰ থলুৱা লোক কৃষ্টি সংস্কৃতি সমুহো উদ্ধাৰ কৰি অসমৰ পৰা ভাৰতহৈ বিশ্বৰ দৰবাৰলৈ আগুৱাই লৈ গৈ প্ৰতিস্থা কৰাৰ বাবেও তেওঁ কম অহোপুৰুষাৰ্থ নেৰানেপেৰা চেষ্টা কৰা নাছিল ৷ বহুতে হয়তো নাজানে অসমৰ
ঐতিহ্যময়ী বিহুক জাতীয় উৎস হিচাবে প্ৰতিস্থিত কৰাৰ ক্ষেত্ৰত তেওৰ চিৰস্মৰণীয় অবদানৰ কথা ৷এক কথাত কবলৈ গলে এয়াই যেন আছিল তেওঁৰ জীৱনৰ একান্ত সাধনা ৷পিছে তেওঁৰ এই সাধনা আৰু পৰিশ্ৰমৰ স্বীকৃতি দিয়াত যেন আমি কিছু দ্বিধাগ্ৰষ্ট ৷ ইয়াৰ মূল কাৰন হ’ল তেওঁ এজন কমিউনিষ্ট ৷বঙালী হোৱাতো হয়তো কিছু কাৰণ হব পাৰে কিন্ত তাতকৈও ডাঙৰ কাৰণটো হল তেওঁ কমিউনিষ্ট , যাৰ বাবে ইচ্ছাকৃত ভাৱে বিশ্বাসৰ নামটো যেন বহুক্ষেত্ৰত বাদ দিব বিছাৰো ,প্ৰাপ্য স্বীকৃতি দিব নিবিছাৰো ৷তেওঁৰ সম্পৰ্কে বহু কথাই কব লগা থাকে কাৰণ শ্ৰীমন্তশঙ্কৰদেৱৰ ,মাধৱদেৱ সাহিত্যৰথীৰ প্ৰবাহমান ধাৰাটোৰ লগত প্ৰগতিশীল মাৰ্ক্সীয় ধাৰাটোক সংযোজিত কৰি গতীশীল আৰু প্ৰবাহমান কৰাৰ বাবে তেওঁৰ প্ৰচেষ্টা অনস্বীকাৰ্য ৷এই ধাৰাটোৰ প্ৰতিনিধি জ্যোতিপ্ৰসাদ,বিষ্ণু ৰাভাৰ পৰা শেষৰজন সুধাকণ্ঠলৈকে প্ৰত্যেকজন সম্পৰ্কে মন চুই যোৱা আলোচনা চৌধুৰীয়ে আগবঢ়াইছে ৷ তেওঁৰ আলোচনা তাত্ত্বিক নহয় ,বিশ্লেষণাত্মক ৷গাৱঁৱে ভূঞে অবহেলিতভাৱে ,জনচক্ষুৰ পৰা আতৰত ৰৈ যোৱা বহু শিল্পী হেমাঙ্গ বিশ্বাসৰ প্ৰচেষ্টাতে স্বীকৃতি,সন্মান পাবলৈ সক্ষম হৈছিল ,প্ৰতিষ্ঠা লাভ কৰিছিল আৰু এই সকলক গন নাট্য সংঘৰ মাধ্যমেৰে প্ৰগতিশীল ধাৰাটোৰ সতে চিনাকি কৰি দিছিল ৷গন নাট্য সংঘৰ মাজেই সেই সময়ত ষাঠিৰ দশকৰ পৰা প্ৰায় সত্তৰ দশকলৈকে শিল্প সংস্কৃতিত এটা নতুন লহৰ,এটা নতুন গতি,এটা নতুন দিশা দিবলৈ সক্ষম হৈছিল ৷বিশেষভাবে উল্লেখ কৰিব পাৰি যে ড° ভূপেন হাজৰিকাৰ বহু সফল আৰু সংগ্ৰামী গীতৰ শৃষ্টি কিন্তু ষাঠিৰ দশক অথবা তাৰ আশেপাশে এই প্ৰবাহমন ধাৰাৰ ভিতৰতে ৷ এই গীতবোৰ আজিও প্ৰাসংগিক, গণজীৱনক উদ্বোদ্ধ কৰে ,সংগ্ৰামী কৰিতোলে , আবেগিক কৰি তোলে ৷এনে বহু গীত সেই সময়ৰে কালজয়ী শৃষ্টি ৷অবশ্যে ভূপেন হাজৰিকাৰ গীতত সমাজ চেতনা আৰু মানবতাবাদী দৰ্শন সম্পৰ্কে অন্য এটাত লিখনিত চৌধুৰীয়ে খুটিয়াই চোৱাৰ চেষ্টা কৰিছে ৷চৌধুৰীৰ হেমাঙ্গ বিশ্বাস,জ্যোতিপ্ৰসাদ,বিষ্ণু ৰাভা,ভূুপেন হাজৰিকাৰ ওপৰত লিখা লিখনি কেইটাৰ মাজেৰে এই কথাবোৰকে আলোকপাত কৰিব বিছাৰিছে ৷শ্ৰীমন্ত শংকৰদেৱৰ ওপৰত লিখা প্ৰবন্ধ টোৰ মাজেৰে তেওঁ শংকৰদেৱক এজন ধৰ্মগুৰুৰ এক সংকীৰ্ণ গণ্ডীৰ মাজত আবদ্ধ কৰি ৰাখিব খোজা নাই এক বহল ,উদাৰ আৰু প্ৰগতিশীল দৃষ্টিভঙ্গীৰে বিচাৰ বিশ্লেষণ কৰাৰ চেষ্টা কৰিছে আৰু এজন সৰ্ব গুণাকৰ মানৱতাবাদী হিচাবে প্ৰতিস্থা কৰাৰ চেষ্টা কৰিছে ৷ শংকৰদেৱ এজন যুগনায়ক ৷ ইয়াৰ লগতে প্ৰায় একে ধাৰাৰে লোকগীতৰ একান্ত সাধক
গকুল পাঠক সম্পৰ্কেও সশ্ৰদ্ধ সোঁৱৰণীৰ মাজেৰে তেওঁৰ বক্তব্য আগবঢ়োৱা দেখা গৈছে ৷ সংস্কৃতিৰ চিন্তা নায়ক গোকুল পাঠকৰ জীৱন সোঁৱৰণী,সম্পূৰ্ণ জীৱনী নহয় অথচ ঘটনাবহুল সংগ্ৰামী জীৱনৰ প্ৰায়বোৰ উল্লেখনীয় ঘটনাই ইয়াত স্থান পাইছে ,চুই গৈছে ৷লোকগীত,হোলি গীতক স্বকীয় মৰ্যাদা বৈশিষ্ট্যৰে অসমৰ জনমানসত প্ৰতিস্থা লাভ কৰাত পাঠকৰ অবদান অপৰিসীম ৷বঁওপন্থী চিন্তা আৰু আদৰ্শৰে এক সংগ্ৰামী জীৱন পাৰ কৰা পাঠকৰ জীৱনৰ মূল মূল কথাবোৰ চৌধুৰীয়ে তেওঁৰ লিখনিৰ কম পৰিসৰৰ ভিতৰতে সামৰি লৈ তুলি ধৰাত সফল হৈছে ৷ লিখনিটোৰ মাজেৰে বিষ্ণু ৰাভাৰ আভাও ইয়াৰ মাজে মাজে স্ব—মহিমাৰে উজলি উঠিছে ৷চৌধুৰীৰ কিতাপ খনত হেমাঙ্গ বিশ্বাস,বিষ্ণু ৰাভা জ্যোতিপ্ৰসাদ ,ভূপেন হাজৰিকা আদি সকলক বিশেষ গুৰুত্ব সহকাৰে আলোচনা কৰা দেখা গৈছে ৷ ঠিক তেনেদৰে ভোৰতাল নৃত্যৰ স্ৰষ্টা নৰহৰি বুঢ়াভকতেও চৌধুৰীৰ লিখনি স্ব—মহিমাৰে মহিমামণ্ডিত হৈছে ৷চৌধুৰী জীৱনী লিখক নহয় অথচ জীৱনৰ সামগ্ৰিক ঘটনা প্ৰবাহৰ লগতে জীৱনৰ গুৰুত্বপূৰ্ণ ঘটনা প্ৰবাহৰ যেন ধাৰাভাষ্যকাৰ ৷পঢ়ি আমনিও নালাগে অথচ ব্যক্তি জনৰ ব্যক্তিত্ব ,কৰ্মৰ লগতে প্ৰতিভাৰো আভাস পোৱা যায় ৷
“মৰুভূমি এইদৰে আহে লাহে মাহে মাহে বছৰে বছৰে”কবি নৱকান্ত বৰুৱাৰ কবিতাৰ পংক্তিৰে শিৰোনামটো দেখিলে হয়তো ভাব হব লিখনিটো নিশ্চয় কোনো সাহিত্য সংস্কৃত
সম্বন্ধীয় হব কিন্ত নহয় ,ই এটা সাংঘাতিক ৰাজনৈতিক সংকটৰ আগ জাননী,সকিয়নী ৷ চৌধুৰীয়ে এই লিখনিটোৰ দ্বাৰা অসমৰ আৰ্থ—সামাজিক
সাংস্কৃতিক সংকট আৰু তাৰ ভয়াবহ ভবিষ্যতৰ ইঙ্গিত দিয়াৰ চেষ্টা কৰিছে ৷হিটলাৰৰ কুকুৰা( মুৰ্গী)টোৰ উদাহৰণ উথ্থাপন কৰি আজিৰ নাগৰিকক কি এক পৰমুখাপেক্ষী অবস্থালৈ লৈ যাব বিচৰা হৈছে তাৰ এক নিৰ্মম বাস্তৱ পৰ্য্যালোচনা লিখনিটোৰ দ্বাৰা কৰিব বিচৰা হৈছে ৷সচাকৈয়ে আজি আমাৰ হিটলাৰে পাখিবোৰ উঘালি টকলা কৰি এৰি দিয়া মুমুৰ্ষু কুকুৰাটোৰ দৰে অবস্থা হৈছে ৷ গাৰ ছাল বাকলি গৈ শেষ ,তথাপি অন্ধভক্তিত গদ গদ ৷ ৰাজনীতি ,সমাজৰ বাস্তৱ অবস্থাটো অনুধাৱন কৰাৰ ক্ষেত্ৰত সচাকৈয়ে লিখনিটো গুৰুত্বপুৰ্ণ ৷লিখনিৰ মাজে মজে যেন অম্বিকাগিৰীৰ ছাঁটোৱে আহি ভুমুকি মাৰিছে ৷
থিক তেনেদৰে বেঙ্ক ব্যক্তিগতকৰণ সম্পৰ্কে
লিখা লিখনিটোও সমপৰ্য্যায়ৰ চিন্তনীয় বিষয়ৰ উথ্থাপন ৷
আনহাতে কবি ৰবীন্দ্ৰ সৰকাৰৰ আত্মলেখা —দিনবোৰ মোৰ সোনৰ সজাত” ৰ ওপৰত লিখা লিখনিটোও এটা গুৰুত্বপুৰ্ণ ৷ কথা হল কোনো জীৱনী(আত্মকথা),প্ৰবন্ধ ,আলোচনা সমালোচনাৰ ওপৰত পুনৰ আলোচনা কৰা ,বিশ্লেষণ কৰা বৰৰ জটিল ককাম ৷মোৰো তেনেকুৱাই হৈছে ৰবীন্দ্ৰ সৰকাৰৰ আত্মালেখা অথবা মোহনকৃষ্ণ মিশ্ৰকে ধৰি এনেবোৰ লিখনিৰ ওপৰত আকৌ আমাৰ মতামত দাঙি ধৰাতো এটা বৰ কঠিন কাম ৷ তথাপিও চৌধুৰীৰ কিতাপখন হাতত তুলি লোৱাৰ মূল কাৰন হ’ল আকৰ্ষণ ৷কিতাপ খনে আকৰ্ষণ কৰা বাবে আলোচনা বা সমালোচনা নহয় , সাধাৰণ অবলোকন বা মোৰ মনৰ ভাবৰ আদান প্ৰদান কৰাৰ তীব্ৰ ইচ্ছা মাত্ৰ ৷ তেওঁৰ গভীৰ অনুসন্ধান,অধ্যয়ন ,বিশ্লেষণ কৰাৰ পিছত তাৰ ওপৰত আমাৰ টিপ্পনী বা মন্তব্য গুৰুত্ব পুৰ্ণ নহয় তথাপিও মোৰ ভাল লগা কথাবোৰ ভাগবতৰা কৰাৰ মানসিকতাৰেহে আমাৰ এই প্ৰচেষ্টা ৷সামগ্ৰীক ভাবে সাহিত্য,সংস্কৃতিৰ পৰা ৰাজনীতিলৈকে আটাইবোৰ গুৰুত্বপুৰ্ণ কথা বা বিষয় কিতাপখনত সামৰি লোৱা দেখা গৈছে ৷ এশ ছয়চল্লিশ পৃষ্ঠাৰ কিতাপ খনৰ সাতাইশটা প্ৰবন্ধত, সৈনিক শিল্পী অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ জনক ব্ৰজ শৰ্মা , বৰপেটাৰ কিংবদন্তি অভিনেতা ৰাজিন বেকাৰী ,অথবা বৰপেটাৰ এটা সময়ত ৰজনজনাই থকা মঞ্চাভিনয়ৰ গৌৰৱময় ইতিহাস বিজৰিত মিলন মন্দিৰৰ ওপৰতো তেওঁ আলোকপাত কৰিবলৈ পাহৰি যোৱা নাই ৷অবশ্যে এটা কথা থিক অকল যে বৰপেটাতে তেনেকুৱা ৰজহুৱা মঞ্চ গঢ়ি উঠিছিল তেনে নহয় ,এটা সময়ত ৰাইজৰ প্ৰচেষ্টাত বিভিন্ন মফচলীয়া চহৰত এনে ধৰণৰ বহুু ৰজহুৱা মঞ্চ বা অনুষ্ঠান কিছুমান গঢ়লৈ উঠিছিল ৷তাত অভিনয় নৃত্য কলা আদিৰ চৰ্চা হৈেছিল ৷ইয়াৰ দ্বাৰাই আমি অনুমান কৰিব পাৰো অসম কেনে এখন সাৰুৱা পথাৰ আছি কিন্তু আজি সময়ৰ সোঁতত ,আধুনিকতা আৰু পাশ্চাত্য ধামখুমীয়া পৰিবেশত সেই ঐতিহ্য যেন লাহে লাহে পাব ধৰিছে আৰু শেহতীয়াভাবে অহা উত্তৰ ভাৰতীয় সাংস্কৃতিক প্ৰবাহৰ মাজত আমাৰ আপুৰুগীয়া কৃষ্ট /সংস্কৃতি সমুহৰ লগতে যেন আমাৰ সেই ঐতিহ্য লাহে লাহে লোপ পাই আহিব ধৰিছে ৷ অবশ্যে তাৰ মাজতো অসমৰ দুই/এখন ঠাইৰ অতীতত ঐতিহ্য/পৰম্পৰা সুৰক্ষিত কৰি ৰখাৰ বাবে এচামে অহৰহ প্ৰচেষ্টা চলাই থকা গৈছে ৷ আমি এই সম্পৰ্কে
বিস্তৃত বাখ্যালৈ যাব বিছৰা নাই ৷কিন্ত আমি এটা কথা কব লাগিব যে প্ৰতিটো লিখনিয়েই বিষয় বস্তুু অনুযায়ী যথাযথ হৈছে ৷ আমি আগতেই কৈছো তেওঁৰ প্ৰতিটো লিখনিৰে সন্মুখত এটা উদ্দেশ্য আছে ৷এটা দৰ্শন আছে ৷আছে এটা সুন্দৰ দৃষ্টিভঙ্গী ৷তেওঁ লিখনিৰ দ্বাৰা এটা বাৰ্তা দিব বিছাৰে ৷অকল লিখক হোৱাৰ বাবে নিলিখে গতিকে তেওঁৰ লিখনি বস্তুনিষ্ট ,উপদেয় ৷বিবেক ,বিবেচনা,চিন্তন মননৰ দ্বাৰা লিখে৷সেই বাবেই তেওঁ আগ কথাত কৈছে “প্ৰয়োজন বুলি ভাবি বিবেকৰ তাগিদাত”হে হাতত কলম তুলি লয় ৷লিখনিৰে তেওঁ তাৰ প্ৰমাণ আমাৰ আগত দাঙি ধৰিছে “ মাটিৰ সুৰ গণ শিল্প আৰু প্ৰগতিবাদৰ কথা”ত সন্নিৱিষ্ট লিখনি সমুহৰ দ্বাৰা ৷
***

