
💐💐💐💐💐বীৰ চিলাৰায়💐💐💐💐💐
বীৰ চিলাৰায়ৰ প্ৰকৃত নাম আছিল শুক্লধ্বজ।
তেওঁৰ পিতৃ ষোলশ শতিকাৰ কোচ ৰাজ্যৰ প্ৰতিষ্ঠাপক বিশ্বসিংহ, মাতৃ পদ্মাৱতী আৰু ভ্ৰাতৃ ৰজা নৰনাৰায়ণ।
তেওঁ নৰনাৰায়ণৰ সুদক্ষ সেনাপতি আছিল।
তেওঁ চিলাৰ দৰে চোঁ মাৰি ৰণ কৰিছিল, সেয়ে তেওঁক চিলাৰায় বুলিও জনা যায়।
চিলাৰায়ে দেৱান বা মন্ত্ৰীৰ কামো কৰিছিল, সেই কাৰণে তেওঁক লোকে চিলাৰায় দেৱান বুলিছিল।
তেওঁৰ বীৰত্ব আৰু পাৰদৰ্শিতাৰ ফলতে কোঁচ সৈন্যই ভূটীয়া, কছাৰী আৰু আহোম সৈন্যক বহুকেইখন যুদ্ধত পৰাস্ত কৰিছিল।
ইতিহাসত পোৱা যায় যে, কোঁচ ৰাজ্যৰ প্ৰতিষ্ঠাতা বিশ্ব সিংহই ১৯ গৰাকী কুঁৱৰী বিবাহ কৰাইছিল।
কুঁৱৰী সকলৰ ভিতৰত জ্যেষ্ঠ গৰাকী নেপালৰ আছিল– তেওঁৰ পুত্ৰ নৰসিংহ।
গৌড়ৰ দুগৰাকী কুঁৱৰী আছিল: হেমপ্ৰভা আৰু পদ্মাৱতী দেৱী।
নৰ নাৰায়ণ হেমপ্ৰভাৰ পুত্ৰ আৰু শুক্লধ্বজ পদ্মাৱতীৰ পুত্ৰ আছিল।
বিশ্ব সিংহৰ মুঠ ১৯ জন পুত্ৰৰ আছিল বুলি বুৰঞ্জীত পোৱা যায়।

