✍️🌹 সাঁচিপতীয়া পুথিৰ ব্ৰজাৱলী ভাষাৰ কাইথেলী আৰু আধুনিক অসমীয়া লিপিত
” মহাপুৰুষ শ্ৰীশ্ৰী শংকৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱ বিৰচিত বৰগীত “✍️🌹

খৃষ্টীয় পঞ্চদশ শতিকাত অসমত আবিৰ্ভাৱ ঘটা মহাপুৰুষ শ্ৰীশ্ৰী শংকৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱ গুৰু দুজনাৰ সাংগীতিক সৃষ্টিৰাজিক আন আন গীত-ৰচকসকলৰ দ্বাৰা ৰচিত গীতসমূহৰ তুলনাত মহত্ব প্ৰদানৰ উদ্দেশ্যে ইবোৰক বৰগীত ৰূপে অভিহিত কৰা হয়।

এই গীত সমূহ কেৱল অসমৰে নহয়, সমগ্ৰ ভাৰতৰ ভক্তি সংগীতৰ অনন্য সাধাৰণ উপাদান।

বিশিষ্ট বৈষ্ণৱ পণ্ডিত, অধ্যাপক তিলকচন্দ্ৰ মজুমদাৰে কাইথেলী লিপিত লিখিত গুৰু দুজনাৰ বৰগীত সমূহৰ পাঠোদ্ধাৰ কৰি তাৰ সমস্ত পাঠ আধুনিক অসমীয়া লিপিত যুগুতাই উলিয়াই পুথি আকাৰত প্ৰস্তুত কৰি তোলে।

এই গ্ৰন্থখনত প্ৰাচীন কাইথেলী লিপিৰ লগতে আধুনিক অসমীয়া লিপিত গুৰু দুজনাৰ সৰ্বমুঠ এশ একানব্বৈটি বৰগীতৰ আৱশ্যক অনুসৰি শব্দৰ পাঠান্তৰ আৰু শব্দাৰ্থ-টোকা সন্নিবিষ্ট কৰা হৈছে।

এনে এটি দুৰূহ কামৰ জৰিয়তে এক জাতীয় দায়িত্ব সম্পাদন হোৱা বুলি ক’ব পাৰি।

পাঁচশ টকা মূল্যৰ এই আপুৰুগীয়া গ্ৰন্থখন অসম প্ৰকাশন পৰিষদে ইতিমধ্যে পঢ়ুৱৈ সমাজৰ বাবে মুকলি কৰি দিছে।✍️🌹

Leave a Reply

Your email address will not be published. Required fields are marked *