বহুতে এইবুলি আক্ষেপ কৰা শুনা যায় যে অসমীয়া সাহিত্যত গল্প, উপন্যাস, কবিতা আৰু সাহিত্য-সংস্কৃতি বিষয়ক আলোচনামূলক গ্ৰন্থৰ তিমান অভাৱ না- থাকিলেও শিক্ষিত সৰ্ব্বসাধাৰণ পঢ়ুৱৈয়ে পঢ়ি সোৱাদ পাব পৰা বিজ্ঞান, দর্শন আদি তত্ত্বগধৰ বিষয়ৰ আলোচনামূলক ৰচনাৰ একান্ত অভাৱ।

পিছে তেনেবিধ গ্ৰন্থ ৰচনা কৰি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিবলৈহে কোনো লিখক সতকাই আগবাঢ়িব নোখোজে।

বিশেষকৈ মনস্তত্ত্ব বিষয়টোক লৈ ৰচনা কৰা আলোচনা- মমূলক গ্ৰন্থ অসমীয়া সাহিত্যত নাই বদলিয়ে ক’ব পাৰি।

সেয়েহে আগ-পিছ গণি আৰ নিজৰ যোগ্যতা সম্পর্কে’ মনত সন্দেহ থকা সত্ত্বেও ‘মন আকাশৰ অচিন দিগন্ত’ নামৰ এই গ্ৰন্থ খনি অসমীয়া পাঠকসকলৰ উদ্দেশ্যে আগবঢ়ালে”।

এই লিখকৰ প্ৰথম ৰচনা ‘চেতনা আৰ, অৱচেতনা’ৰ (১৯৬৮ ) দৰেই ‘মন আকাশৰ অচিন দিগন্ত’ও কোনো গৱেষণামূলক গ্রন্থ নহয়।

ই মনস্তত্ত্ব বিষয়ক এটা পৰ্য্যালোচনা মাথোন।

উদ্দেশ্য হৈছে মনস্তত্ত্ব বিষয়ক শেহতীয়া আৱিষ্কাৰ আৰু, ধ্যান-ধাৰণাৰ সৈতে অসমীয়া পঢ়ুৱৈসকলক চিনাকি কৰি দিয়াৰ লগতে মনস্তত্ত্ব বিষয়টোক লৈ চিন্তা-চৰ্চা কৰিবলৈ তেওঁলোকক প্ৰেৰণা যোগোৱা ৷

যিসকল গ্ৰন্থকাৰৰ ৰচনাৰপৰা কিতাপখনৰ কাৰণে তথ্য-পাতি সংগ্ৰহ কৰা হৈছে, সেইসকললৈ লিখকৰ সশ্রদ্ধ কৃতজ্ঞতা থাকিল ।

লগতে নগাঁও মহাবিদ্যালয়ৰ অসমীয়া সাহিত্যৰ অধ্যাপক শ্রীসঙ্কেশ্বৰ ৰাজৰে, এম. এ., ডি-ফিল. ডাঙৰীয়াই কিতাপখন ৰচনাৰ ক্ষেত্ৰত লিখকক ভালেখিনি দিহা-পৰামর্শ’ দিয়াৰ উপৰিও কিতাপখনৰ চমু পৰিচয় এটা পঢ়ুৱৈসকললৈ আগবঢ়োৱা কাৰণে তেখেতৰ প্ৰতিও আন্তৰিক শ্ৰদ্ধা আৰু, কৃতজ্ঞতা আগবঢ়ালো।

প্রকাশক শ্রী যুত নৰেন্দ্র নাথ দাস ডাঙৰীয়াৰ কথা উল্লেখ নকৰিলোঁৱেইবা ।

নগাঁও, অসম

২৩ মার্চ’, ১৯৮৫ চন

বিনীত

ডা: হৰনাথ শৰ্ম্মা বৰদলৈ

Leave a Reply

Your email address will not be published. Required fields are marked *