💐💐লেখিকা নমিতা নাথৰ কথাৰে আহকচোন পঢ়োঁ…..💐💐💐

কিতাপৰ নাম–মনস্বিনী

লেখিকা-ডাঃ মিনতি দাস

প্ৰকাশন-মণিকূট প্ৰকাশন

পৃষ্ঠা-৩৬৩

মূল্য-২৭০/-

ভাৰতবৰ্ষৰ অন্য ৰাজ্যৰ আবাসী সকলৰ মনত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ লোকৰ প্ৰতি যি ধৰণৰ (যেনে- জংঘলী, এইমাত্ৰ বান্দৰৰ পৰা ৰূপান্তৰ হৈ আহিছে); অতীজৰ পৰাই অসমত থকা কাৰীকৰী শিক্ষানুষ্ঠানবোৰৰ ভিতৰত পশুচিকিৎসা বিজ্ঞান মহাবিদ্যালয় তথা পাঠ্যক্ৰমটোৰ প্ৰতিও এসময়ত ছাত্ৰ-অভিভাৱক সকলোৰে এক উপহাসমূলক দৃষ্টিভংগী আছিল৷

“একো হব নোৱাৰিলে, গৰুৰ ডাক্তৰেই হ’ল আৰু’-এনে মনোভাৱ!

অথচ সকলোৱে ’গোমাতা’ বুলি পূজা কৰে, গৰুৰ প্ৰস্বাৱ পান কৰে প্ৰায়চিত্ত কৰিবলৈ, বজাৰত মহাৰ্ঘ মাংস, গাখীৰ, কণী আটাইতকৈ বেছি দাম দি কিনি আনি গৌৰৱবোধ কৰে!

যিদৰে, তাতে আকৌ ছোৱালী হৈ পশুচিকিৎসা বিজ্ঞান পঢ়াৰ দৰে দুঃসাহস কৰিছিল ’মনস্বিনী’ নামৰ ছোৱালীজনীয়ে সৌ তাহানিতে৷

সচাঁকৈয়ে অতিকৈ প্ৰশংসাযোগ্য পদক্ষেপ, যাৰ দ্বাৰা কনিষ্ঠাসকলৰ বাবে বাট এটা কাটি থলে নিজৰ অজানিতেই আৰু সেই সেন্দূৰীয়া আলিটোৰে বাট বুলি ভৱিষ্যতে সৃষ্টি হ’ল অনেক মনস্বিনীৰ!

আৰম্ভণিৰ দিনাৰ পৰাই, চাৰে চাৰি বছৰীয়া হোষ্টেল আৰু কলেজীয়া জীৱনত লাভ কৰিলে অনেক তিতা-কেঁহা-মিঠা অভিজ্ঞতা- মনস্বিনীহঁতৰ শ্ৰেণীৰ সকলো ছাত্ৰ-ছাত্ৰী বন্ধু-বান্ধৱীয়ে৷

গৰিষ্ঠসংখ্যকেই গাৱঁৰ সহজ-সৰল নিভাজ জীৱন কটাই অহা৷ গতিকে, তাল মিলাবলৈ গৈ পদে পদে উজুতি খাব লগাও হৈছিল৷ দুই একে আকৌ তাল মিলাব নোৱাৰি উফৰি পৰিব লগাও হৈছিল৷

নিজৰ দেহটোত কেইডাল হাড় আছে, কিমানটা মাংসপেশী আৰু দাঁত আছে তাকেই জীৱ বিজ্ঞানৰ পৰীক্ষাত লিখিব নোৱাৰা ছাত্ৰ-ছাত্ৰীবোৰে কুকুৰা চৰাইটোৰ পৰা আৰম্ভ কৰি কুকুৰ, মেকুৰী, শহাপহু,গৰু, ছাগলী, গাহৰি, ভেড়া, মহ, হাতীটোলৈকে সবৰে হাড়, দন্তবিন্যাস, স্বাভাবিক শৰীৰ তত্ত্বৰ পৰা বিসংগতিৰ তত্ত্ব, বংশগতি, পোষকতত্ত্ব, পৰিসংখ্যা আৰু বেমাৰ-চিকিৎসা, প্ৰতিৰোধলৈকে পঢ়ি ছমাহৰ মূৰে মূৰে পৰীক্ষা দিব লাগে, সিহঁতৰ অৱস্থা কেনে হব পাৰে ভাবি চাওঁকচোন!

মাছ আৰু মানুহৰ বাহিৰে সকলো বনৰীয়া ঘৰচীয়া জীৱ-জন্তু,পোক-পতংগ (ৰোগৰ বীজাণু কঢ়িওৱা মহ, মাখি)লৈকে পঢ়িব লাগে৷

তাৰ পিছতো আখ্যা ’গৰুৰ ডাক্তৰ’৷

অৱশ্যে, বৰ্তমান সেই অৱস্থাৰ আমূল পৰিৱৰ্তন ঘটিছে৷
সচাঁকৈয়ে এক ব্যতিক্ৰমী, পাঠ্যক্ৰম; প্ৰথম বছৰটোত শৰীৰ বিজ্ঞান, অস্হিবিজ্ঞান আদিৰ লগতে গৰু-ছাগলী-ঘোঁৰা বগৰোৱাৰ দৰে উত্তেজনাময় বিষয়, এন.চি.চিৰ মাৰ্চপাষ্ট, ঘোঁৰাচালনা আদি শিকোতে কেতিয়া যে দুটা ষাম্নাষিক পাৰ হৈ গল ততকে ধৰিব নোৱাৰিলে মনস্বিনী, ৰুণজুন, নীনা, পাকিজা হঁতে৷ কলেজ, হোষ্টেল উভয়তে একেলগে থাকি আজন্ম চিনাকি ঘৰখন এৰি অহা দুখখিনি লাহে লাহে পাতলিবলৈ ধৰিলে৷

নৱাগত আদৰণি সভাৰ পিছত, ভয়তে পেপুৱা লাগি থকা চিনিয়ৰ বাইদেউকেইজনীও বুকুৰ আপোন ’বা’ হৈ পৰিল৷

তাৰ মাজতে ভুমুকি মৰা মিড টাৰ্ম, এণ্ড টাৰ্ম পৰীক্ষা,ব্যৱহাৰিক, মৌখিক পৰীক্ষা,এচাইনমেণ্টবোৰে দুদিনমান সকলোৰে টোপনি হৰণ কৰে যদিও সেয়া আছিল ক্ষণস্থায়ী ; আকৌ ঘূৰি আহে হাঁহি-খিকিন্দালি, চিনেমা, বন্ধুৰ ঘৰত নিমন্ত্ৰণ ৰক্ষা আদি এশ এবুৰি মনোৰঞ্জনৰ ৰাষ্টা!

সেয়েহে, কোৱা হয় হোষ্টেলত থাকি নোপোৱা লৰা-ছোৱালীবোৰে কলেজীয়া জীৱন সম্পূৰ্ণকৈ উপভোগ কৰিব নোৱাৰে৷

ব্যক্তিগত দুখ কাৰনো নাথাকে?

বন্ধুৰ আগত তাকে কৈও পাতলাব পাৰি মনৰ ভাৰখন৷ পশুচিকিৎসা বিজ্ঞান মহাবিদ্যালয়তে নহয়, সকলোবোৰ শিক্ষা প্ৰতিষ্ঠান তথা হোষ্টেলৰ জীৱন প্ৰায় একে ৷

মহাবিদ্যালয় সপ্তাহ আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত কৃৃষি, পশুচিকিৎসা তথা গাৰ্হস্থ্য বিজ্ঞান মহাবিদ্যালয় -তিনিওখনে লগলাগি পতা আন্তঃমহাবিদ্যালয় সপ্তাহৰ খেল-ধেমালি, সাংস্কৃতিক অনুষ্ঠানবোৰৰ কথা কবই নালাগে৷

ইয়াৰোপৰি সম্প্ৰসাৰণ বিভাগৰ শিৱিৰ, এন.চি.চি. শিৱিৰৰ ৰোমাঞ্চকৰ অভিজ্ঞতা, তৃতীয় বৰ্ষৰ পৰা থকা এম্বুলেটৰী ক্লিনিকৰ ক্লাছ, শলা চিকিৎসা আদিৰ শ্ৰেণীবোৰৰ কি যে অনন্য অভিজ্ঞতা! অন্য পাঠ্যক্ৰমৰ তুলনাত সম্পূৰ্ণ পৃথক তথা প্ৰত্যাহ্বানমূলক !

তাৰোপৰি মনস্বিনীহঁতৰ সহপাঠী সকলৰ শিক্ষামূলক ভ্ৰমণকালৰ প্ৰতিটো মুহূৰ্তৰে বৰ্ণনাৰে এখন বাস্তৱ ছৱি দাঙি ধৰিছে লেখিকা মিনতি দাসে৷

বাক্যৰ গাঠনি, ভাষা, ধাৰাবাহিকতা সকলোতে লেখিকাই নিজৰ অভিজ্ঞতাপুষ্ট, পূৰঠ মনটোৰ পৰিচয় দিছে৷ প্ৰথম প্ৰচেষ্টা হিচাপে তেখেতে পাঠকক নিৰাশ কৰা নাই৷ তদুপৰি, কোভিড সৃষ্ট অৰ্থনৈতিক মন্দাবস্থাৰ বাবে মানুহে বিশেষকৈ যুৱচামে, আদিমতম বৃত্তি পশুপালনলৈ ঘূৰি আহিবলৈ কৰা প্ৰয়াসৰ সময়তে এই কিতাপখন পঢ়ি পশুপালন বৃত্তি আৰু পশুচিকিৎসাৰ বিষয়ে বহুখিনি জ্ঞান লাভ কৰিব পাৰিব বুলি মই আশাবাদী৷

সদৌ শেষত, সুন্দৰ উজ্জ্বল ৰঙৰ বেটুপাত, অলংকৰণ আৰু প্ৰচ্ছদপটেৰে কিতাপখন ইমান কম সময়ৰ ভিতৰত আকৰ্ষণীয়কৈ পাঠকৰ মাজত উলিয়াই দিয়া বাবে “মণিকূট প্ৰকাশন“ ধন্যবাদৰ পাত্ৰ৷

পাঠকসমাজে ’মনস্বিনী’ক ইতিমধ্যে আদৰি লৈছেই৷ লেখিকা ডা°মিনতি দাসলৈ পুনৰ ধন্যবাদ আৰু তেখেতক লিখনি অব্যাহত ৰাখিবলৈ অনুৰোধ জনালো৷

(সমালোচনা নহয়, কিতাপখন পঢ়ি মনত জন্মা অনুভূতিখিনিহে প্ৰকাশ কৰিলো৷)

💐💐💐💐 নমিতা নাথ 💐💐💐💐

Leave a Reply

Your email address will not be published. Required fields are marked *