
💐💐সমাজ বাস্তৱতাৰ উপস্থাপনত নতুন সুৰ আৰু সৌমিত্ৰ যোগীৰ “মধুশালা”💐💐
……………………………………………………
ডঃ বিৰিঞ্চি কুমাৰ দাস💐💐
…………………………………………………….
তথাকথিত বাস্তৱবাদী উপন্যাসত বাস্তৱতাৰ চিত্ৰায়ন কৰোঁতে লেখকৰ দৃষ্টিৰে বাস্তৱতাৰ এক চূড়ান্ত ৰূপ দাঙি ধৰাটোৱেই পৰম্পৰাগত উপন্যাসৰ ৰীতি যদিও চিত্ৰায়িত বাস্তৱতাৰ মাজত অনেক ফাঁক ৰৈ যোৱাৰ সম্ভাৱনাটো সম্প্ৰতি কিছুমান লেখকে নুই কৰিব নোখোজে আৰু সেয়ে এইসকল লেখকে উপন্যাসত বাস্তৱতাৰ উপস্থাপন কৰোঁতে পঢ়ুৱৈৰ বাবেও কিছু খালী ঠাই ৰাখি থয়। তেওঁলোকৰ বাবে দেখা বা দেখিব পৰাখিনিৰ লগতে দেখা নোপোৱাকৈ ৰহস্যাবৃত হৈ ৰৈ যোৱাখিনি লগ হৈহে বাস্তৱতাৰ নিৰ্মাণ কৰে। দেখিব নোৱৰাকৈ ৰৈ যোৱাৰ সম্ভাৱনা থকাখিনিক লেখকে নিজে সজাই লৈ পঢ়ুৱৈৰ বাবে কোনো সুযোগ ৰাখি থ’ব নোখোজা মনোবৃত্তিৰ পৰিৱৰ্তে সেইখিনিৰ অদৃশ্যময়তাক তাৰ সেই ৰূপতেই ৰখাৰ ফলত তেওঁলোকৰ দ্বাৰা চিত্ৰায়িত বাস্তৱতাই বিভিন্ন ব্যাখ্যা আৰু প্ৰতিব্যাখ্যাৰ সম্ভাৱনা ৰাখি চলে। এই দৃষ্টিকোণেৰেই সৌমিত্ৰ যোগীৰ বহুচৰ্চিত উপন্যাস ‘মধুশালা’ পঢ়িছিলোঁ। ক’বলৈ গ’লে ‘মধুশালা’ পৰিচিত পটভূমিত ৰচিত এখন উপন্যাস। অনৈতিকভাৱে আৰ্জিত সীমাহীন ক্ষমতা আৰু অৰ্থৰ বলেৰে বলশালী এগৰাকী লোকৰ স্বাৰ্থ পূৰণৰ বাবে চলা কৰ্মকাণ্ড আৰু ইয়াক কেন্দ্ৰ কৰি উদ্ভাসিত হৈ উঠা সাংবাদিকতাৰ জগতখনৰ কেতবোৰ ছাঁ-আবৃত দিশ, এগৰাকী বিবাহিতা নাৰীৰ বৈবাহিক জীৱনৰ অপূৰ্ণতাৰ ইংগিত, এগৰাকী সচেতন অধ্যাপক আৰু এচাম চিন্তাশীল যুৱকৰ মাজেৰে সমাজ সচেতনতাৰ প্ৰকাশ— এইখিনিয়েই উপন্যাসখনৰ মূল কথা। “মধুশালা” নামৰ ৰহস্য আৰু কৌতূহলৰ সমাহাৰ দৃষ্টিনন্দন চৌহদটোৰ মালিক, সমাজৰ সকলো স্তৰৰে মানুহৰ সমীহ আদায়কাৰী নবাব বুলি পৰিচিত সীমাহীন ধন আৰু ক্ষমতাৰ গৰাকীজনৰ বিষয়ে প্ৰকাশিত ঋণাত্মক বাতৰিৰ কাৰণেই তেওঁৰ ব্যৱসায়িক স্বাৰ্থ বিঘ্নিত হ’বলৈ ওলোৱাত তেওঁৰ অধীনস্থ মিজানুৰ নামৰ ৰহস্যময় কবিজনে বাতৰি কাকতখনৰ সাংবাদিক, আৰ্থিক সমস্যাৰে জৰ্জৰিত হেমন্তক অকল্পনীয়ভাৱে স্বচ্ছল, বিলাসবহুল জীৱনৰ প্ৰলোভনৰ মাজেৰে নবাবৰ বশ কৰিবলৈ যত্ন কৰে। সুন্দৰী নাৰীৰ প্ৰতি আকৃষ্ট সেইজন মিজানুৰেই চতুৰতা আৰু তোষামোদেৰে বিবাহিতা নাৰী মেঘনা আৰু জুলেখা চৌধুৰীৰ কাষ চাপিবলৈ চেষ্টা কৰে। মেঘনাৰ ক্ষেত্ৰত তেওঁৰ এই চেষ্টাই মেঘনাৰ আত্মসচেতনতা আৰু সমাজ সচেতন অধ্যাপক অৰ্ণৱ দুৱৰাৰ তৎপৰতাৰ বাবেই সফলতা অৰ্জন কৰিবলৈ ব্যৰ্থ হয়। অৰ্ণৱৰ সান্নিধ্যই স্বামী ৰাহুল আৰু নিজৰ মাজত ৰৈ থকা খালী ঠাইখিনি সম্পৰ্কে সচেতন কৰি তোলা মেঘনাৰ অৰ্ণৱৰ সৈতে বন্ধুত্ব গাঢ়তৰ হয়। মেঘনাক লৈ অৰ্ণৱৰ সৈতে সংঘাতৰ সন্মুখীন হোৱাৰ পাছত অৰ্ণৱক এশিকনি দিবলৈকে মিজানুৰে নিজৰ প্ৰভাৱ খটুৱাই সংবাদ মাধ্যমৰ জৰিয়তে অৰ্ণৱৰ চৰিত্ৰহনন কৰাৰ লগতে তেওঁক অপৰাধী সজোৱাৰ চেষ্টা কৰে যদিও এই চেষ্টা ব্যৰ্থ হয়। ইয়াৰ লগতে আছে এচাম যুৱকৰ জীৱন সম্পৰ্কীয় উপৰুৱা ধাৰণা আৰু অৱশ্যম্ভাৱী নৈতিক স্খলনৰ বিপৰীতে আন এচাম সচেতন যুৱকৰ জীৱনৰ গভীৰতালৈ প্ৰৱেশৰ আশাপ্ৰদ প্ৰয়াস। উপন্যাসখনৰ একেবাৰে শেষত ছমাহৰ কাৰণে আমেৰিকালৈ যাবলৈ ওলোৱা অৰ্ণৱ দুৱৰাই মেঘনাক কোৱা এই কথাখিনি গোটেই উপন্যাসখনৰ পৰিপ্ৰেক্ষিততে তাৎপৰ্যপূৰ্ণ— ‘মানুহ তেতিয়ালৈকে ‘পজিটিভ’ হৈ থাকে যেতিয়ালৈ নিজৰ স্বাৰ্থ বিঘ্নিত নহয়। ফুলটোৰ স্থানত যেতিয়া তুমি নিজক কল্পনা কৰিলা তেতিয়াই তুমি কথাটো বেলেগকৈ ভাবিবলৈ ল’লা। নহ’লে আমি সকলোৱেই সহজতে ‘ফুলটো ছিঙি নিলেও কথা নাই’ বুলিয়েই ক’লোঁহেঁতেন। আমাৰ ইতিবাচক চিন্তাবিলাক সিমানলৈকে ইতিবাচক।’
কিন্তু এই উপন্যাসখনৰ বাস্তৱতা কেৱল এই পৰিচিত ঘটনা প্ৰবাহৰ মাজতেই সীমিত নহয়। লক্ষণীয় কথাটো হৈছে, ঘটনাবোৰৰ গতি প্ৰবাহ অনুসৰণ কৰি গৈ গৈ আমি পোনপটীয়াকৈ উপনীত হ’ব পৰা কোনো এটা ‘সত্য’কে নিৰ্ভেজাল আৰু চূড়ান্ত বুলি ধাৰণা নিদি সত্যৰ আন আন ৰূপৰ সম্ভাৱনাও উপন্যাসখনে প্ৰকট কৰিছে। এইখিনিতে কেইটামান কথা ভাবিবলগীয়া। এক, লেখকে মেঘনাৰ মাজেৰে দাঙি ধৰা এইখিনি কথা— ‘আচলতে সত্য কি? পৃথিৱীত সত্যৰ এনেকুৱা স্বৰূপো থাকেনে যাক সেই সত্যৰে জড়িতজনেই নাজানে? সত্য এনেকৈও নিৰ্মাণ কৰা যায়নে? নে নিৰ্মিত সত্যৰ চৰিত্ৰই এনেকুৱা?’ ই স্পষ্টকৈ ‘সত্য’ৰ অনিৰ্ণেয়তাৰ প্ৰতি ইংগিত দিছে। দুই, মিজানুৰে মেঘনাক এটা মনেসজা কাহিনী কৈছে, মেঘনাই তেওঁৰ স্বামী ৰাহুলক এখন বাছত প্ৰথম লগ পোৱাৰ কাহিনী, অথচ মিজানুৰে নিজে ধৰিব পৰা নাই সেই কাহিনীটো কেতিয়াবা কাৰোবাৰ মুখত শুনিছিল নেকি, নাইবা আন কাৰোবাৰ মুখত শুনা অজস্ৰ কাহিনীৰ মাজৰ কোনোবা এটাই ৰূপ সলাই সলাই এতিয়া তেওঁ দিয়া বৰ্ণনাৰ ৰূপতে তেওঁৰ মনত থিতাপি লৈছে নেকি। কাহিনীটো সম্পৰ্কে মেঘনাই ভাবিছে, তেওঁ আগতে নুশুনা কাহিনী এইটো, কিন্তু কাহিনীটো তেওঁক ৰাহুলে নোকোৱাকৈ আছিল নেকি? তিনি, মিজানুৰে শুনি আছে কোনো এটা অট্টালিকাৰ এটা বেলকনিত নিয়মিত নিৰ্বস্ত্ৰা হৈ থিয় হৈ ৰোৱা এগৰাকী সুন্দৰী নাৰীৰ বিষয়ে, তেওঁ নাজানে কথাটো সঁচা নে মিছা অথবা কোন সেই সুন্দৰী নাৰী আৰু কথাটোৰ সত্যাসত্য নিৰূপণ কৰিবলৈ তেওঁ অৱশেষত জুলেখা চৌধুৰীৰ ওচৰ পাইছে, জুলেখা চৌধুৰীয়েই সেইগৰাকী নাৰী বুলি তেওঁ পতিয়নো যাব খুজিছে, অথচ শেষলৈকে কথাটো ছয়াময়া এক কাহিনীৰ ৰূপতেই ৰৈ থাকিল, সত্য ঘটনাৰ চৰিত্ৰ ই নাপালে। চাৰি, মিজানুৰে জুলেখা চৌধুৰী আৰু জীৱন চৌধুৰীৰ ওচৰ চাপোঁতে আৰু সংগীত ভৱনতো তেওঁৰ সকলোৱে জনা পৰিচয়টো দাঙি নধৰি হুমায়ুন চৌধুৰী নামৰ এগৰাকী সাংবাদিক হিচাপে নিজৰ চিনাকিটো দিছে। কেতিয়াবা কেতিয়াবা তেওঁৰ মিজানুৰ হিচাপে পৰিচয়টোৰ ওপৰত হুমায়ুন চৌধুৰীৰ পৰিচয়টো ‘ছুপাৰ ইম্পোজড’ হোৱা যেন লগা হৈছে। পাঁচ, মিজানুৰে নীনা মহন্ত নামৰ ছোৱালীজনীৰ আত্মহত্যাৰ গইনা লৈ অৰ্ণৱ সম্পৰ্কে মিছা কাহিনী সংবাদ মাধ্যমৰ জৰিয়তে প্ৰচাৰ কৰাৰ মাজেৰে সত্যক অতিবাস্তৱতাৰ পৰ্যায়লৈ লৈ গৈছে। আচলতে লেখকে কোনো এটা ঘটনাৰে সহজে দৃশ্যমান ৰূপটোক চূড়ান্ত হিচাপে দাঙি ধৰা নাই, পাঠকে বাস্তৱ জীৱনত এনেধৰণৰ ঘটনা একোটাৰ যিমানখিনিলৈকে দেখিবলৈ পোৱাটো স্বাভাৱিক হ’লহেঁতেন, সিমানখিনিলৈকে দাঙি ধৰি লেখকে এই ইংগিতটোও ৰাখি থৈছে যে নেদেখাকৈ ৰৈ যোৱাখিনিও সামগ্ৰিক বাস্তৱতাৰেই একোটা অপৰিসীম গুৰুত্বপূৰ্ণ অংশ। প্ৰতিটো ঘটনাৰ কাষে কাষে ৰৈ যোৱা খালী ঠাইখিনিৰ প্ৰতি আৰু সেই খালী ঠাইখিনিৰ মাজত নিহিত থকা অন্য সম্ভাৱনাৰ প্ৰতি তেওঁৰ সজাগতা অটুট আছে। সত্যৰ নিৰ্মাণৰ কথাটো কোৱাৰ লগে লগে এই নিৰ্মাণৰ অন্তৰালত নিহিত থকা ক্ষমতা আৰু অৰ্থৰ দ্বাৰা নিৰ্ধাৰিত স্বাৰ্থ সম্পৰ্কিত কাৰকসমূহৰ প্ৰতিও লেখকে আঙুলি টোঁৱাইছে।
গোটেই উপন্যাসখনক প্ৰতীকী ব্যঞ্জনাৰে আৱৰি ৰখা মধুশালা নামৰ বিশাল ৰহস্যময় চৌহদটো, ইয়াৰ ভিতৰত ঐশ্বৰ্য আৰু ক্ষমতাৰ উপস্থিতিৰ বিপৰীতে বাহিৰত থকা মামৰে ধৰা টিনৰ ফলকখনৰ অসামঞ্জস্যই উপন্যাসখনত বাস্তৱতাৰ এক সুকীয়া তাৎপৰ্যলৈ আমাক লৈ গৈছে। মধুশালাৰ প্ৰাসাদোপম ঘৰটোৰ ‘আস্তানা’ৰ স্বপ্নময় পোহৰ আৰু তাত ‘গৰম চিকেন ফ্ৰাই’ৰে সুৰা, অথবা চিগাৰেটৰ আমেজ লৈ থকা মানুহবোৰৰ নীৰৱ, পুতলাসদৃশ আচৰণ ক্ষমতাকেন্দ্ৰৰ আশে-পাশে অৱস্থান কৰা মানুহবোৰৰ বাস্তৱতাৰেই এটা ৰূপ। এইখিনি মানুহৰ কাৰণে মধুশালা হ’ল নিজৰ বলেৰে ঢুকি পাব নোৱৰা সপোনৰ, ভোগৰ এখন অতি আকাংক্ষিত জগত, য’ত তেওঁলোক ক্ষমতাকেন্দ্ৰৰ সম্পূৰ্ণ নিয়ন্ত্ৰণাধীন, স্বকীয়তাৰহিত কেতবোৰ অস্তিত্ব। উপন্যাসখনত মধুশালাক আৰু এই মধুশালাৰ গৰাকী, আমাৰ উল্লিখিত ক্ষমতাকেন্দ্ৰ নবাবক আদিৰ পৰা অন্তলৈকে ৰহস্যময় কৰি ৰখা হৈছে। হেমন্ত আৰু মিজানুৰে নবাবৰ যিমানখিনি দেখিছে, লেখকে আমাক তাতকৈ বেছি দেখুওৱা নাই; কাৰণ নিজে দেখিব পৰা আৰু সংবাদ মাধ্যমে তুলি ধৰিব পৰাখিনিতে বাস্তৱতা সীমিত হৈ থকা সাধাৰণ মানুহে এনে এক ক্ষমতাকেন্দ্ৰৰ বহুত বেছিখিনি দেখিবলৈ সততেই নাপায়। লেখকে এনেদৰেই আমাৰ সমাজ ব্যৱস্থাত অতি প্ৰভাৱশালী নবাবৰ দৰে লোকৰ জগতখনৰ জটিলতা আৰু ৰহস্যময় তমসাচ্ছন্নতাক পঢ়ুৱৈৰ মুখামুখি কৰাইছে।
উপন্যাসখনৰ মুখ্য চৰিত্ৰসমূহৰ মাজৰ সহজে চকুত নপৰা অথচ গুৰুত্বপূৰ্ণ দূৰত্বখিনিয়ে উপন্যাসখনৰ বাস্তৱতাৰ বহুত্বক পুনৰ তুলি ধৰিছে। এইখিনিতে মন কৰিবলগীয়া কথাটো হ’ল উপন্যাসখনৰ কেন্দ্ৰীয় চৰিত্ৰসমূহৰ মাজৰ কোনো বিধিগত সম্পৰ্কৰ অনুপস্থিতি। কেৱল মেঘনা আৰু ৰাহুল পতি-পত্নী যদিও গোটেই উপন্যাসখনত ৰাহুলৰ উপস্থিতি নিষ্ক্ৰিয়প্ৰায়। জীৱন চৌধুৰী আৰু জুলেখা চৌধুৰীৰ মাজৰ সম্পৰ্কটোকো প্ৰশ্নাতীত বুলিব নোৱাৰি। বিভিন্ন চৰিত্ৰৰ মাজত শাৰীৰিক নৈকট্য থাকিলেও কোনোৱেই কাৰো ওচৰতে সহজবোধ্য হৈ ধৰা নিদিয়া কথাটো মন কৰিবলগীয়া। একোটা চৰিত্ৰই কেতিয়াবা আনকি নিজৰ ওচৰতো দুৰ্বোধ্য হৈ ধৰা দিছে। ইয়ে চৰিত্ৰসমূহৰ বহুমাত্ৰিকতাকে তুলি ধৰিছে। প্ৰথমৰে পৰা মিজানুৰৰ পৰিচয় কবি হিচাপে, অথচ অৰ্ণৱৰ ওপৰত প্ৰতিশোধ লোৱাৰ স্বাৰ্থতে তেওঁ তৰুণ কবি এচামক কিছু কাব্যিক-অকাব্যিক কামত সহায় কৰিবলৈ লোৱাৰ বাহিৰে তেওঁৰ মাজত কোনো কাব্যিক চিন্তাৰ উপস্থিতি আমি দেখা নাপাওঁ। তেওঁৰ সৰ্বজনগ্ৰাহ্য পৰিচয় আৰু তেওঁৰ কৰ্মৰ মাজৰ বৈপৰীত্যত উপন্যাসখনৰ বাস্তৱতাৰ অন্য এটা দিশ লুকাই আছে।
অৰ্ণৱ হ’ল সমাজ বাস্তৱতাক নিজৰ বোধগম্যতাৰ গণ্ডীলৈ আনিবলৈ অহৰহ যত্ন কৰা এটা চৰিত্ৰ। মেঘনাই তেওঁৰ বহু কথা বুজি নোপোৱাকৈ থাকিলেও তেওঁৰ চিন্তাৰ বিশালতাই মেঘনাক আশ্বস্ত কৰি ৰাখিছে। মেঘনাৰ সৈতে অৰ্ণৱৰ ঘনিষ্ঠতাৰ মাজত যে বিবাহ-বহিৰ্ভূত যৌনতাৰ স্থান নাছিল, আনকি এনিশা মেঘনাই ঘটনাক্ৰমে অৰ্ণৱৰ সৈতে একেখন বিছনাতে শুই পৰা সত্ত্বেও, সেই কথাটোও এই প্ৰসংগতে মন কৰিবলগীয়া।
উপন্যাসখনত সমকালীন সামাজিক ব্যাধিসমূহক গভীৰ অন্তৰ্দৃষ্টিৰে বুজিবলৈ যত্ন কৰাৰ কাষে কাষে সঠিক স্থানত সঠিকভাৱে ভুমুকি মাৰিছে ব্যংগই। আমাৰ সমাজত উঁৱলি যাব ধৰা মানৱীয় প্ৰমূল্যসমূহৰ প্ৰতি এক আস্থাৰ মনোভাবক লেখকে দাঙি ধৰিছে আবুৰ নিচিনা ক্ষুদ্ৰ চৰিত্ৰ একোটাৰ মাজেৰে। অৰ্ণৱে গঠন কৰা ‘চৰ্চা’ নামৰ গোটটোৰ যুৱ সদস্যসকলৰ মাজত আদৰ্শগত দ্বন্দ্ব থাকিলেও তেওঁলোকৰ চিন্তাধাৰা গভীৰ আৰু সমাজৰ স্বাৰ্থৰ অনুকূল হোৱাটো এটা গুৰুত্বপূৰ্ণ কথা। উপন্যাসখনত ব্যৱহাৰ কৰা ভাষাৰ নগৰীয়তা কাহিনীটোৰ নগৰীয়া প্ৰকৃতিৰ সৈতে একাকাৰ হৈ গৈছে।

