💐”মই মানুহজন
ছদ্মবেশী হৈ পৰিছোঁ নেকি
যাৰ বাবে ভিতৰৰ আচল মানুহজন
অদৃশ্যমান
আৰু ছায়ামূৰ্তিটো–
প্ৰতিদ্বন্দী হৈ থিয় দিছে মোৰ আগত।”💐

নিজক লৈ অলেখ প্ৰশ্ন, জীৱনৰ প্ৰতি প্ৰবল ভালপোৱা, এন্ধাৰক নেওচা দি পোহৰৰ নিৰন্তৰ অন্বেষণ– অৰ্জুন দাসৰ “ভোকৰ ঈশ্বৰ” কবিমনৰ অব্যক্ত-অপ্ৰকাশ্য ভাবৰাশিৰ অনুপম শাব্দিক প্ৰকাশ ।

ভোকৰ ঈশ্বৰ!! দাৰিদ্ৰ্য জীৱনৰ কাৰুণ্যৰ মৰ্মস্পৰ্শী অনুভৱ,শ্ৰমজীৱী অথবা কৃষকৰ জীৱনৰ আশা-নিৰাশাৰ অন্তৰ্ভেদী বহিঃপ্ৰকাশ—

” ন ধানৰ পাঁচোটা শীহ মূৰত লৈ
বাক্ হীন ঘৰলৈ ওভতে কৃষকজন

শীহ পাঁচোটা কঢ়়িয়াই কঢ়়িয়াই
তেওঁ ভাবে–
এইবেলি ঘৰৰ ধানেৰে বছৰটো চলিবনে! “

চহৰীয়া জীৱনৰ অন্তঃসাৰশূন্য বিলাসিতাৰ প্ৰতি এফালে মৃদু তাচ্ছিল্য ; আনফালে গ্ৰাম্য জীৱনৰ সৰলতাৰ এখন মন পৰশা ছবি কবিতাত সজীৱতাৰে প্ৰাণ পাই উঠিছে—

“গো-বাটটোৰে ধূলি উৰুৱাই
গৰখীয়াজন এইপিনে উভতিছে
কোনো লৰালৰি নাই।
তাৰ কেঁচা ওঁঠৰ সুৰটো
এই বৰষুণত তিতিব,
তিতক। “

আত্মবিলাপত মগ্ন কবিক স্মৃতিকাতৰতা অথবা অতীতৰ ধূসৰ সোঁৱৰণে প্ৰায়ে অস্থিৰ কৰি তুলিছে–

“উশাহ-নিশাহবোৰে অজ্ঞাতে কঢ়়িয়ায়
পুৰণি মাটিৰ গোন্ধ

পাহৰিও পাহৰিব নোৱৰা সিখন
সোঁৱৰণী- বিল, বিলৰ নিদ্ৰিত পানী
কঢ়়িয়াই ফুৰে মোৰ ধমনীৰ তেজে “

নিজৰ দুখুনী মাতৃ অথবা আপোন মাটিৰ কবিতা লিখা কবিয়ে কেমেৰাটোকেই বন্দুক বুলি ভাবি আত্মসমৰ্পণ কৰা ‘ছিৰিয়া’ৰ কণমানিজনীৰ কথা ক’বলৈও পাহৰা নাই। প্ৰতিবাৰেই ফাগুনে লম্ভা প্ৰেমিক কবিয়ে নিজকে লিংগহীন, আত্মপৰিচয়হীন, দেশহীন নাগৰিক বুলি প্ৰতিবাদ কৰিবলৈও শংকিত হোৱা নাই।

অৰ্জুন দাসৰ “ভোকৰ ঈশ্বৰ” প্ৰেম, হিংসা, সন্ত্ৰাস, অভাৱ অথবা দৰিদ্ৰতাৰ জীয়া ছবি আৰু মানৱতাহীন পৃথিৱীৰ প্ৰতি আক্ষেপ তথা অভিযোগ। অথচ, তাৰ মাজেৰেই আলোকিত হৈ উঠিছে আশাবাদৰ ৰেঙনি।

বিষয়বৈচিত্ৰ্যৰ লগতে সুন্দৰ ভাষা আৰু উপমা- চিত্ৰকল্পৰ সাৱলীল প্ৰয়োগেৰে কবিতাসমূহ অনন্য হৈ উঠিছে।

“ভোকৰ ঈশ্বৰ” ত সন্নিৱিষ্ট কবিতাসমূহে নিশ্চিতভাৱে পাঠকক আপ্লুত কৰিব।

এবাৰ পঢ়ি চাবচোন।

💐ভোকৰ ঈশ্বৰ 💐

 অৰ্জুন দাস

 পূৰ্বায়ণ প্ৰকাশন

Leave a Reply

Your email address will not be published. Required fields are marked *