
🌺🌺🌺 ভোক 🌺🌺🌺
লেখিকা– পম্পী বৰ্মন
প্ৰকাশক — বি এণ্ড এম পাব্লিছাৰ্ছ এণ্ড প্ৰিন্টাৰ্চ (বামুণীমৈদাম, গুৱাহাটী) ।
গ্ৰন্থৰ মূল্য –৪৮০ টকা মাত্ৰ ।
ভোক জীৱনৰ এক চিৰাচৰিত বাসনা ।
ভোক অবিহনে সু-স্বাদু ভোজনো হৈ পৰে অতৃপ্তিকৰ ।
সময় আৰু পৰিস্থিতিৰ তাগিদাত , পেটৰ ভোকৰ উপৰিও কেইবাপ্ৰকাৰৰ ভোকৰ সঞ্চাৰ ঘটে মানৱ প্ৰাণত ।
জীৱন থাকে মানেই প্ৰাণে অনুভৱ কৰে ভোক ।
পেটৰ ভোক, প্ৰাণৰ ভোক , পিতৃ-মাতৃৰ স্নেহৰ ভোক, সন্তান প্ৰাপ্তিৰ ভোক, আদৰ-যতন লাভৰ ভোক, প্ৰেমৰ ভোক , সান্নিধ্য লাভৰ ভোক, শিক্ষা লাভৰ ভোক, প্ৰতিষ্ঠা লাভৰ ভোক আদিৰ দৰে ভিন ভিন প্ৰকাৰৰ ভোকে উকমুকাই থাকে মানৱ প্ৰাণত ।
“ভোক” উপন্যাসখনৰ কাহিনীভাগৰ জৰিয়তে এনে ভিন্ন প্ৰকৃতিৰ ভোকৰ পৰিচয় দাঙি ধৰাৰ প্ৰয়াস কৰিছে ।
৮০-৯০ দশকৰ গাঁৱলীয়া সমাজ জীৱনৰ এখনি ছবি অংকন কৰিবলৈ প্ৰয়াস কৰা হৈছে ।
দৰিদ্ৰতাৰ ক’লাছায়াই পুৰি শেষ কৰিব নোৱৰা আত্মবিশ্বাসৰ এক সুদৃঢ় ভেটি ।
সমালোচনাই গিলি নিশেষ কৰিব নোৱৰা প্ৰেমৰ এক পৱিত্ৰ ভেটি ।
মানুহে মানুহৰ হৃদয়ত সজা বিশ্বাস আৰু আস্থাৰ শক্তিশালী ভেটি ।
সুখ-দুখ, প্ৰেম-ভালপোৱা, প্ৰাপ্তি-অপ্ৰাপ্তিৰ মাজেৰে ভিন্নৰসৰ সমষ্টি এই উপন্যাসখন ।
গ্ৰন্থ সুবাসৰ পৱিত্ৰ মজিয়াত , আপোনাসৱৰ প্ৰেৰণা আৰু আশীৰ্বাদৰ ফলত সৃষ্টি হোৱা এই “ভোক” উপন্যাসখন এতিয়া কিতাপ আকাৰে আপোনাৰ মাজলৈ আগবঢ়োৱা হৈছে ।
আপোনাসৱে আন্তৰিকতাৰে আঁকোৱালি ল’ব বুলি আশাৰে বাট চালোঁ ।

