
উপন্যাস-“ভেম”
লেখিকা-মনীষা শৰ্মা
প্ৰকাশন -”ৰেখা প্ৰকাশন”
প্ৰচ্ছদ: হেমেন শইকীয়া
উপন্যাসৰ কথাৰে—
সৰু সৰু অভিমান সৰু সৰু ভেমত কেতিয়াবা থান -বান হৈ যায় এখন ঘৰ।
মানুহৰ জীৱনৰ সকলো ত্যাগ ,হিয়াৰ সীমাহীন ভালপোৱা দিওঁ যেতিয়া বুকুৰ আপোনবোৰৰ ওচৰত গুৰুত্বহীন হৈ পৰে তেতিয়া অৰ্থহীন হৈ যায় জীৱন।
নিজৰ মানুহৰ ওচৰত গুৰুত্বহীন হৈ পৰাৰ যি গোপন বেদনা ,তাক আনে হয়তো নেদেখে ,আনক দেখুৱাব নোৱাৰাৰ অন্য এক সহ্যাতিত যন্ত্ৰনাত দগ্ধ হৈ মৃত্যুতকৈও গভীৰ এক দুখে খান্দি উকা কৰে এটা পৰিপাটি জীৱনৰ সকলো শৃংখলা।
খাবও নোৱাৰা হয় ,কাকো খুৱাবলৈও সামৰ্থহীন হৈ পৰে।নিজৰ ওপৰতেই নিজৰ এক ঘৃণা ওপজে।
সেই ঘৃণাৰে হয়তো অন্য এক নাম ”ভেম” ।

