🌹🌹🌹🌹🌹🌹 পাতনি 🌹🌹🌹🌹🌹🌹

‘ভিভিয়ানৰ লিলি’ত মোৰ নিৰ্বাচিত উপন্যাস কেইখনমানে ঠাই পাইছে।

আটাইকেইখন বিহু সংখ্যাৰ বিশেষ আলোচনীত প্রকাশিত।

সাপ্তাহিক জনমভূমিৰ সম্পাদক শ্ৰীদুলাল শর্মাই ২০০১ চনৰ বিহু সংখ্যা ‘জনমভূমি’ত প্ৰথমে মোক ঔপন্যাসিক হিচাপে দাঙি ধৰিছিল।

এই কথা কাহানিও নাপাহৰো।

কৃতজ্ঞতাৰ চিন স্বৰূপে প্ৰতি বৰ্ষতে লিখি আহিছো তাত একোখনকৈ উপন্যাস।

তাৰ সমান্তৰালভাৱে ‘সাদিন’ আৰু ‘অসম বাণী’ৰ বিহু সংখ্যাতো লিখি আহিছো।

তাৰ বাবে সম্পাদকদ্বয় অনুৰাধ শৰ্মা পূজাৰী আৰু দিলীপ চন্দন ধন্যবাদৰ পাত্ৰ ৷

তেওঁলোকৰ হেঁচা মোৰ বাবে প্ৰেৰণাৰ অমল উৎস।
সামৰিক বিভাগৰ আবাসিক অঞ্চলৰ ভিতৰচ’ৰাই মোক বৰকৈ আকৃষ্ট কৰে ।

যাৰ ফলস্বৰূপে সৃষ্টি হৈছিল ‘ভিভিয়ানৰ লিলি’।

২০০৭ চনৰ প্ৰথমৰ ফালে মাৰ্ঘেৰিটা-লিডুৰ এখন সভাত যোগদান কৰিবলৈ যাওঁতে এগৰাকী মহিলাৰ সাক্ষাৎ পাইছিলো, যি সৰলভাৱে স্বামীৰ মৃত্যুৰ বৰ্ণনা কৈ শুনাইছিল ৷

ৰাজনীতিবান সেই ব্যক্তিয়ে নিৰ্বাচনত প্ৰাৰ্থী হিচাপে থিয় দি কিদৰে আমন্ত্ৰণ কৰিছিল মৃত্যুক, অতি কৰুণ আছিল সেই কাহিনী।

শুনি স্তব্ধ হৈ ৰৈ গৈছিলো।

কাষত মামণি ৰয়ছম গোস্বামী আছিল, খোৱামেজত মোৰ চকুলৈ চাই ক’লে—লিখি পেলাবা ।

যাৰ ফলত সৃষ্টি হ’ল ‘জ্যোৎস্না’।

যি উপন্যাস নিতান্তই চমু সময়ৰ বাবে শুনিবলৈ পোৱা এগৰাকী নিৰুপায় নাৰীৰ হাহাকাৰৰ এক ক্ষুদ্ৰ চিত্ৰহে মাথোন।

‘দৰদী দথি’ কাশ্মীৰৰ জন্মৰ পটভূমিত ৰচিত। চৰিত্ৰ আৰু অঞ্চলসমূহ, অলি-গলি… ধৰ্মশালা-মন্দিৰ সকলোবোৰ কাল্পনিক।

একমাত্র সত্য বৈষ্ণুদেৱী আৰু কাট্ৰা নগৰী ।

‘ৰাস্না’ সত্য কাহিনীৰ আলমত ৰচিত।

মোৰ স্বামী পৰাণ কুমাৰ ফুকনে বিচাৰকৰ আসনৰ পৰা লক্ষ্য কৰা এক বিধ্বস্ত ঘটনা আছিল সেয়া।

‘অন্য এক অৰুন্ধতী’ মোৰ প্ৰথম উপন্যাস।

অৰুন্ধতীলৈ দূৰৈৰ পৰা চাই ৰোৱা উপন্যাস।

বিবাহেও বান্ধি ৰাখিব নোৱাৰা নাৰীৰ প্ৰেম কাহিনী।

‘দোকমোকালি’ এখন মৰম লগা উপন্যাস। ‘ভিভিয়ানৰ লিলি’ৰ দৰে ইয়াৰ নায়িকাও কিশোৰী।

প্ৰেমৰ ছলেৰে জীৱনক উপলব্ধি কৰিব খোজাৰ কোমল মনস্তত্ত্বৰ এক নিৰ্মল প্ৰয়াস মাথোন। পাঠকে আদৰিব বুলি আশা ৰাখিছো ।

আশা ৰাখিম সংকলনখনকেই সাগ্রহে আদৰিব বুলি।
ৰচনাকেইখন উপন্যাসৰ সাঁচত ৰচিত হ’লেও আকৃতিত শিশু।

সেয়েহে উৎসৱবিশেষ আলোচনীত প্ৰকাশ হোৱা পৰিসৰলৈ চাই বহুতে এইবোৰক উপন্যাসিকা বুলিও অভিহিত কৰে ।

এই কথা কৃতবিদ্যজনৰ বিবেচনালৈ এৰিলো ।
‘চন্দ্ৰ প্ৰকাশ’ৰ দৰে অসমৰ প্ৰসিদ্ধ প্ৰকাশন গোষ্ঠীৰ শ্ৰীযুত ৰাজেন্দ্ৰ মোহন শৰ্মা আৰু ডাঃ ৰবীন্দ্ৰ মোহন শৰ্মালৈ মোৰ কৃতজ্ঞতা জনালো।

এই বৰ্ষতে তেওঁলোকে মোৰ অন্য দুখনি গ্রন্থ যথাক্রমে ‘প্ৰস্তৰ কন্যা’ (গল্প সংকলন, ২য় সংস্কৰণ) আৰু ‘কবিগংগা’ (গল্প সংকলন) প্ৰকাশ কৰি মোৰ প্ৰতি যি আস্থা প্ৰদৰ্শন কৰিলে, এই কথা ম‍ই চিৰদিন মনত ৰাখিম ।

মনত ৰাখিম মই ভাতৃসম বিন্দু ভূষণ বৰাকো ।

সদৌ শেষত ধন্যবাদ জনালো বেটুপাতৰ শিল্পী উৎপল বৰা, পাপৰি দত্ত, তেজপুৰৰ পঙ্কজ, অক্ষৰ বিন্যাস কৰা আৰু গ্ৰন্থখন সজাই-পৰাই তোলা মেডিয়া প্লাচ আৰু ‘চন্দ্ৰ প্ৰকাশৰ কৰ্মীবৃন্দক ।

১০ অক্টোবৰ, ’০৭

কাহিলিপাৰা, গুৱাহাটী-১৯

✍️🌹🌹🌹🌹🌹🌹মণিকুন্তলা ভট্টাচার্য

Leave a Reply

Your email address will not be published. Required fields are marked *