💐”সপোনে তাৰ হাতত জোঁৰ তুলি দিলে।

💐সপোনে তাৰ বুকুত সেউজীয়া ৰং সানি দিলে।

প্ৰাত্যহিক পুৱতি নিশাতে পথাৰলৈ যোৱাৰ তাৰ ধাউতি দেখি বাপেকে তাৰ মাকক সুধিলে—পোনা আজিকালি কেনেকৈ সোনকালে উঠে?

মাকে ক’লে—তাক বোলে কেতিয়াবা কৃষ্ণই জগাই দিয়ে–কেতিয়াবা পথাৰখনে। “

💐’ভাৰতীয়ত্বৰ উম’–১৬ টি গল্প সন্নিৱিষ্ট বিঃজিতকুমাৰ বৰুৱাৰ এই সংকলনটিত প্ৰকাশ কৰি উলিয়াইছে পূৰ্বায়ণ প্ৰকাশনে। 💐

পৰম্পৰাগত শৈলী তথা গতানুগতিক ধাৰাটোৰ পৰা দূৰত অৱস্থান কৰা গল্পকাৰগৰাকীৰ গল্পসমূহৰ বিষয়বস্তু, চৰিত্ৰ চিত্ৰণ, উপস্থাপন শৈলী, বাকভংগী আদি সকলো দিশতে অভিনৱত্ব লক্ষ্য কৰা যায়।

তদুপৰি লেখকৰ সূক্ষ্ম অন্তৰ্দৃষ্টি তথা বিজ্ঞানমনস্কতা আৰু ইতিহাস চেতনায়ো গল্পলানিক সমৃদ্ধ তআৰু ৰসোত্তীৰ্ণ কৰি তুলিছে। কোৱা হৈছে যে—

“প্ৰতিভাশালী গল্পকাৰ বিঃজিত কুমাৰ বৰুৱাৰ গল্পৰ বাগধাৰা একে হ’লেও গল্পভেদে বিষয়বস্তু ভিন্ন, কাহিনীৰ পটভূমি, উৎকণ্ঠা বা উপস্থাপনশৈলী সুকীয়া। দুটিমান গল্পত আধুনিক সাহিত্যৰ ইংগিতময়তা, চিত্ৰকল্পৰ দৰে কাৰুকলাৰ কুশলী প্ৰয়োগে আমাৰ দৰে অনুৰাগী পাঠকচিত্ত উদ্বেলিত কৰি যাব।

কোনো কোনো গল্পৰ বিষয়বস্তুৰ পৰিসৰ বহল যদিও গাঁথনি বেচ আটিল। ‍এনেকি তেওঁৰ কাহিনীক্ৰমৰ বিন্যাস বা ঘটনা প্ৰবাহৰ মুভমেণ্ট কাহানিও শিথিল হোৱা পৰিলক্ষিত নহয়।… ইয়াৰ মূলতে হ’ল কথাশিল্পীগৰাকীৰ কথ্যভাষাৰ কালিকা, বাছকবনীয়া কাহিনী নিৰ্বাচন, জীৱন্ত চৰিত্ৰ আৰু পৰিৱেশৰ নিখুঁট চিত্ৰণ, বৰ্ণনাভংগীৰ সাৱলীলতা আৰু বাস্তৱৰ বহুবৰ্ণিত সমৃদ্ধ অভিজ্ঞতা। “

“সোণকলিয়ে একো নকয়। তাই যেন কেঁচকলি বগৰী এটাহে চোবাইছে, এনে ভাবত মুখখন বিকটাই চেনিমাইৰ আঁৰত থিয় হয়। স্কুলৰ পৰা উভতি আহোঁতে নাৱৰ বাবে ৰ’বলগা হ’লে মথাউৰিৰ কাষতে থকা গছত উঠি আমলখি পাৰিব পৰা চেনিমায়ে কয়–“তুমি দেখোন ভিনি হৈয়ে আছা। এজনী থকা এটালৈ কোননো যাব? “

অত্যন্ত সৰল আৰু প্ৰাঞ্জল ভাব, ভাষাৰে বৰ্ণিত গল্পসমূহত মানৱীয় আৱেগ-অনুভূতিৰ সজীৱ চিত্ৰণে পাঠকক মুগ্ধ কৰি ৰাখিব।

ভাৰতীয়ত্বৰ উম

বিঃজিতকুমাৰ বৰুৱা

পূৰ্বায়ণ প্ৰকাশন

দাম ২২০ টকা

Leave a Reply

Your email address will not be published. Required fields are marked *