🌹🌹🌹ভাৰতত বিজ্ঞানৰ উজ্বল পৰম্পৰা🌹🌹🌹

বিজ্ঞান আৰু প্ৰযুক্তিৰ পৃথিৱীখনত পাশ্চাত্যৰ দেশসমূহক জনক বুলি অভিহিত কৰা হয় যদিও ভাৰতবৰ্ষৰ বৈজ্ঞানিক পৰম্পৰা তথা বৈজ্ঞানিক দৃষ্টিভংগীক আওকাণ কৰাৰ কোনো থল নাই।

ভাৰতীয় ইতিহাস আৰু পৰম্পৰাক বহুক্ষেত্ৰত হেয় কৰাৰ এক প্ৰৱণতা দেখা যায়, কিন্তু বিজ্ঞানৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ অমূল্য অৱদান সাম্প্ৰতিক কালত বিনাদ্বিধাই স্বীকাৰ কৰি লবলৈ বিদ্বৎ সমাজ বাধ্য হৈ পৰিছে।

বৈজ্ঞানিক উদ্ভাৱনৰ জৰিয়তে ভাৰতবৰ্ষই বিশ্ব – সভ্যতাৰ উৎকৰ্ষ কেনেদৰে বিস্তাৰ কৰিছে তাৰ ঐতিহাসিক বাখ্যাসহকাৰে বিশিষ্ট লেখক সুৰেশ সোনীয়ে প্ৰণয়ন কৰা ‘ভাৰত মে বিজ্ঞান কি উজ্বল পৰম্পৰা’ নামৰ গ্ৰন্থখন ‘ভাৰতত বিজ্ঞানৰ উজ্বল পৰম্পৰা’ নামেৰে অসমীয়ালৈ অনুবাদ কৰিছে ড০ বিনীতা নাথে।

অসম প্ৰকাশন পৰিষদে ছপা কৰা এই গ্ৰন্থখনে ভাৰতৰ বৈজ্ঞানিক পৰম্পৰা ঐতিহাসিক দৃষ্টিভংগীৰে অৱলোকন কৰাত সহায় কৰিব।

গ্ৰন্থখনৰ মূল্য মাত্ৰ ২০০ টকা ।

Leave a Reply

Your email address will not be published. Required fields are marked *