
🌹🌹ভাল ছাত্র হ’ব নোৱাৰিলোঁ🌹🌹
‘ভাল ছাত্র হ’ব নোৱাৰিলোঁ’-কেৱল লেখকৰ ভাল ছাত্ৰ হ’ব নোৱাৰাৰ কাৰণ অনুসন্ধানৰ দস্তাবেজ নহয়।
আত্মানুসন্ধান সমাজ সন্ধানলৈ উত্তীৰ্ণ হোৱা লেখাবোৰত আছে অসমৰ শিক্ষাৰ্থী-শিক্ষক-শিক্ষাব্যৱস্থাৰ অলেখ ডোখৰীয়া জীৱন্ত ছবি।
প্ৰত্যাহ্বানক নতুনত্বৰ আহ্বান হিচাপে লৈ উচ্চাকাংক্ষী শিক্ষার্থীয়ে আগবাঢ়ি গৈয়ো এটা সীমাত নিজকে সীমাবদ্ধ কৰিব লগীয়া হোৱাৰ আৰ্তনাদৰ কাহিনী।
যিবোৰ কাহিনীয়ে পাঠকক ভাবোচ্ছাসিত কৰিব পাৰে- ময়ো ভাল ছাত্র-অভিভাৱক-শিক্ষক হ’ব পাৰোঁ।
হোৱা উচিত ।
কাহিনীবিযুক্ত ৰচনাৰাজিত উপদেশৰ ভাৱধাৰা পৰিলক্ষিত নহয় কিন্তু লেখকৰ ভাল ছাত্ৰ হ’ব নোৱাৰাৰ আত্মমূল্যায়নৰ আঁৰে আঁৰে লুকাই আছে ভাল ছাত্র হোৱাৰ অমোঘ মন্ত্র।
সকলো শ্ৰেণীৰ পাঠকৰ উপযোগী মনোৰম গদ্য শৈলীৰ গ্ৰন্থখন একাষাৰে ক’বলৈ গ’লে অনন্য, ব্যতিক্ৰমী আৰু শক্তিশালী বার্তাবাহক।
