💐💐💐💐💐গ্ৰন্থ পৰ্য্যালোচনা💐💐💐💐💐

গ্ৰন্থ উন্মোচকৰ অনুভৱৰ একাষাৰ

গ্ৰন্থৰ নাম : “ভগ্ন হৃদয় “
লেখিকা : পৰিমিতা গগৈ দিহিঙ্গীয়া ।
প্ৰকাশক :জাগৰণ সাহিত্য প্ৰকাশন ।
ৰূপজ্যোতি দেৱনাথ ।
মূল্য : ১৫০ টকা

প্ৰথম প্ৰকাশ : ২০২২

   "ভগ্ন হৃদয়"

প্ৰথমেই লেখিকা পৰিমিতা গগৈ দিহিঙ্গীয়া আৰু তেওঁৰ স্বামী বিতোপন দিহিঙ্গীয়ালৈ মই ধন্যবাদ ও কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ মোক তেওঁৰ নৱতম গ্ৰন্থ “ভগ্ন হৃদয় ” উন্মোচন কৰিবলৈ নিমন্ত্ৰণ দি এগৰাকী পাঠিকা হিচাপে এইখিনি সুযোগ দি কৃতাৰ্থ কৰাৰ বাবে ।
তাৰ পিছতেই মই পাঠক সমাজলৈ শ্ৰদ্ধা জনাই মোৰ ক্ষুদ্ৰ জ্ঞানে কিতাপ খনৰ কিছু চমু আভাষ দিয়াৰ চেষ্টা কৰি কাহিনীটোৰ এক পৰ্য্যালোচনা আগবঢ়ালো । নিশ্চয় আপোনালোকে মোৰ হৃদয়ৰ পৰা নিগৰি অহা অনুভৱৰ টোপোলাটো আদৰি লব ।

    নাম তাইৰ "অশ্ৰুকন্যা" । নাজানো কিয় মাক দেউতাকে তাইক সেই নাম দিছিল । হয়তো তাই সকলোৰে চকুৰ ৰাণী হোৱাৰ এটা আশা ও সপোন দেখিছিল তেওঁলোকে । সময়ৰ লগে লগে "অশ্রুকন্যা" আন দহ জনী ছোৱালীৰ দৰে ডাঙৰ হৈ যৌৱনৰ দুৱাৰ দলিত ভৰি দিলেহি । ভাল লগা ,ভাল পোৱাৰে একাত্ম হব পৰাকৈ তাইৰ স্বতঃস্ফূৰ্ত ভাবে হৃদয়খন পৰিপক্ক হৈ উঠিল ।কলেজত পঢ়ি থকা সময়তে ভাল লাগিল তাইৰ এজন গহীন ,ধিৰস্থিৰ আৰু অত্যন্ত যত্নপৰায়ন যুৱক ভাস্কৰক ।মৰম স্নেহ ,আদৰ যত্নৰ মাজেৰে কলেজীয়া জীৱনটোৰ মধুৰ সময়বোৰ পাৰ হৈ গৈ থাকিল ।
মধুৰ সময়ৰ আৱেগবোৰ যেতিয়া এদিন স্মৃতি হয় .........
   প্ৰেম অবিহনে জীৱনৰ মূল্যই বা ক'ত ? প্ৰেমে শিকাই আমাক সৎ হবলৈ । প্ৰেমে শিকাই আমাক মৰুভূমিৰ মাজতো পানী আছে বুলি অনুভৱ কৰিবলৈ । জীয়াই থকাৰ প্ৰেৰণা "প্ৰেম" । প্ৰেম স্বৰ্গীয় । আজিও অমৰ হৈ আছে লেইলা-মজনু কিম্বা আদম-ইব বা জংকী-পানেইৰ প্ৰেম কাহিনী । 
তথাপিও জানো প্ৰেমক আজিৰ সমাজে স্বীকৃতি দিয়ে ? হয়তো কেতিয়াবা নিজৰ সন্তানৰ ভবিষ্যত সুৰক্ষিত হোৱাৰ স্বাৰ্থতে বহুতো অভিভাৱকে স্বাৱলম্বী নোহোৱা এজন যুৱকৰ হাতত নিজৰ কন্যাক অৰ্পণ কৰিবলৈ দিদ্ধাবোধ কৰে ।         অশ্রুকন্যাৰ ক্ষেত্ৰতো সেয়াই হ'ল ।অধ্যয়নৰত ভাস্কৰে কি দৰে তাইক ভৰণপোষণ দিব ?  সেইটো আছিল অশ্রুকন্যাৰ মাক দেউতাকৰ প্ৰথম প্ৰশ্ন । সংস্থাপিত হোৱালৈ সময় বিচাৰিছিল ভাস্কৰে ।কিন্তু .......... ভাস্কৰ-অশ্রুকন্যাৰ প্ৰেমক মানি নোলোৱা ঘৰখনে দুখন হৃদয় ভাঙি চুৰমাৰ কৰি বিয়া দি দিলে বিদিত নামৰ এজন যুৱকৰ লগত । 
 নাৰীৰ হেনো কোনো ৰং বা  আকাৰ নাই । যি পাত্ৰত থয় তাৰেই ৰঙেৰে ৰঙীন হৈ সেই পাত্ৰৰেই আকাৰ লয় । 
 অশ্রুৱে ও সেই ঘৰ খনৰ আকাৰ লৈ বিদিতৰ নামৰ ৰঙেৰে ৰঙীন হোৱাৰ সপোন বুকুত বান্ধি নতুন ঘৰ খনত নতুন জীৱনৰ যাত্ৰা আৰম্ভ কৰিলে । 
" সময়... দুঃসময় ...আৰু অশ্রুকন্যা " । 
  প্ৰতি গৰাকী নাৰীৰ বাবে যেন এনে এটি সময়ে অপেক্ষা কৰে যি সময়ে দিয়ে নাৰী হোৱাৰ অনাবিল সুখ আৰু আনন্দ আৰু নাৰী হোৱাৰ গৌৰৱ । 
অশ্ৰু "মা" হব । খবৰটো পাই বিদিত কিন্তু সুখী নহল । বিভিন্ন প্ৰকাৰে সেয়া নষ্ট কৰাৰ কথা কৈছিল যদিও সময়ত কিন্তু অশ্রুকন্যাই জন্ম দিলে এটি লৰা সন্তান । ভবাৰ দৰে অশ্রুৰ বিবাহিত জীৱন কিন্তু সুখকৰ নহল । অত্যাচাৰ ,অপমানে ইমানেই চৰম পৰ্যায় পালেগৈ যে তাইক পুনৰ জন্ম ঘৰখনলৈ ঘূৰি যাবলৈ বাধ্য কৰোৱা হল । কিন্তু উভতি যাব লগা হল  তাই কলিজাৰ টুকুৰাটো এৰি থৈ । কোনো কাৰণত তাইক সন্তানটো সেইখন ঘৰে নিদিলে । কথাতে কয় বোলে নাৰীয়ে নাৰীৰ শত্ৰু । এই কথা সঁচা প্ৰমাণিত কৰি বিদিতৰ লগত সহযোগ কৰিলে বিদিতৰ মাক আৰু বায়েকে ।
 অশ্রুৰ মাক দেউতাকে তাইৰ প্ৰেমক স্বীকৃতি নিদিয়াৰ চূড়ান্ত ভুলবোৰ বুজি পালেও যে তেতিয়া সময় গৈ বহু দূৰ পালেগৈ । 
 নাৰী সহনশীল ,নাৰী ধৰ্য্য আৰু ত্যাগৰ প্ৰতীক । অশ্রুকন্যাই ও নিজৰ মনটো স্থিৰ কৰি মনোনিবেশ কৰিলে এখন নাৰ্চিং হোমত । ৰোগীৰ সেৱা কৰাই হল তাইৰ মানৱ ধৰ্ম ।
 কেতিয়াবা হঠাৎ নভবাকৈ আমি নিবিচৰাকৈয়ে ভগৱানে এনে মানুহৰ লগত সংযোগ ঘটাই যে আমি ভগৱানৰ অস্তিত্বক অন্তৰৰ পৰা মানি লবলৈ বাধ্য হৈ পৰো । এই জীৱনৰ ফল ও এই জীৱনতে পাই বুলি বহু জনে কয় । হয়তো তাৰেই প্ৰতিফলনত বিদিত বৰগোহাঁইৰ এটা দুৰ্ঘটনা হল বুলি খবৰ পালে অশ্রুকন্যাই । তাতকৈও আচৰিত হল যে একে সময়তে বিদিতৰ দ্বিতীয় পত্নীয়ে সেইখন নাৰ্চিং হোমতে সন্তান প্ৰসৱৰ বাবে ভৰ্ত্তি হৈছে । 
   বিদিতৰ দ্বিতীয় পত্নী শিৱানী বৰগোঁহাইৰ লগত অহা সন্তানটো যেতিয়া অশ্রুৰ সন্তান বুলি গম পালে । তেতিয়া মাতৃ হৃদয়ে হাহাকাৰ কৰি উঠিল । 

কোনে বাৰু পাহৰিব পাৰে নিজৰ সন্তানক ? ৯ মাহ ১০ দিন গৰ্ভত লৈ প্ৰসৱ বেদনা সহ্য কৰি ভূমিষ্ঠ কৰে এটি সন্তানক মাকে । বুকুৰ পিয়াঁহ খুৱাই উজাগৰী ৰাতি পাৰ কৰে সন্তানৰ লগত এগৰাকী মাতৃয়ে ।
আৱেগেৰে কোনেও গম নোপোৱাকৈ অশ্রুৱে সাৱটি ললে কণমানিটোক । কণমানিটোৱে কোৱা ” Sister” সম্বোধন টোৱে বুকুত বুজাব নোৱাৰা এক আঘাতে চূৰ্ণ কৰিছিল অশ্রুৰ হিয়া ।
পিছ মুহূৰ্ততে সংযম কৰিছিল নিজক । কাৰণ তাইৰ সন্তানে যে শিৱানীকে মাকৰ ৰূপত দেখি আহিছে । শিৱানীয়েও মাকৰ মৰমৰ পৰা তাক কেতিয়াও বঞ্চিত কৰা নাই পুত্ৰ জ্যোতিষ্মানক । এই কথা তাই জ্যোতিষ্মানৰ লগত কথা পাতি জানিব পাৰিলে ।তেন্তে পুনৰ সেইগৰাকী মাকৰ পৰা পৃথক কৰিলে অকনমানি হিয়া খনে কম কষ্ট পাব নে ?? কণমানি হৃদয় খন ভাঙি নপৰিব নে ? এই কথা ভাবি তাই ধীৰস্থিৰ ভাবে এটা সিদ্ধান্ত ললে যে “কণমানি জ্যোতিষ্মান বৰগোঁহাই আজীৱন শিৱানীৰ সন্তান হৈ থাকিব।”

ঠিকনা

Leave a Reply

Your email address will not be published. Required fields are marked *