💐”বৰ অসমৰ পৰম্পৰাগত বিবাহ প্ৰথা” —এই গৱেষণামূলক গ্ৰন্থখনত বৰ অসমৰ বহুকেইটা জনগোষ্ঠীৰ বিবাহ সম্পৰ্কীয় লোকাচাৰৰ ভিন্ন দিশ খৰচি মাৰি আলোচনা কৰা হৈছে; য’ত সুবিস্তৃত ৰূপত তুলি ধৰা হৈছে বৰ অসমৰ বৈচিত্ৰ্যপূৰ্ণ লোক-সাংস্কৃতিক উপাদানসমূহ।💐

ইতিপূৰ্বে প্ৰকাশিত ‘বৰ অসমৰ বসন্তকালীন উৎসৱ-পৰ্ব’ আৰু ‘বৰ অসমৰ জন্ম-মৃত্যু সম্পৰ্কীয় লোকাচাৰ’ শীৰ্ষক অন্য দুখন গুৰুত্বপূৰ্ণ গ্ৰন্থৰ সম্পাদক ড০ গীতিকা দাসৰ একে ছিৰিজৰ নৱতম গ্ৰন্থখন প্ৰকাশ কৰি উলিয়াইছে পূৰ্বায়ণ প্ৰকাশনে।

৪৩৪ পৃষ্ঠাৰ বৃহৎ কলেৱৰৰ এই গ্ৰন্থখনত ৰাভা, তিৱা, টাইফাকে, চাওতাল, কাৰ্বি, খাচি, কোঁচ ৰাজবংশী, সোণোৱাল কছাৰী, মিচিং, বড়ো, মৰাণ, চুতীয়া, দেউৰী, চিংফৌ, গাৰো, টুৰুং, ডিমাছা, নেপালী, মুছলমান আদি কেইবাটাও জাতি-জনগোষ্ঠী, ধৰ্মাৱলম্বী লোকৰ বিবাহ পদ্ধতিৰ লগতে অসমৰ দৰং, বকো, মাজুলী আদি অঞ্চলৰ পৰম্পৰাগত বিবাহ অনুষ্ঠানৰ লোকাচাৰ সম্পৰ্কে সবিস্তাৰে আলোচনা কৰা হৈছে।

সৰ্বমুঠ ৪২ টা প্ৰবন্ধ অন্তৰ্ভুক্ত কৰা গ্ৰন্থখনত অসমীয়া সমাজৰ তোলনী বিয়া, শ্ৰীমন্ত শংকৰ সংঘৰ বিবাহ পদ্ধতি, অসমৰ মেইটেই মণিপুৰী আৰু কন্যাক নগাসকলৰ বিবাহ আদি বিষয়ক প্ৰবন্ধও গ্ৰন্থখনত সন্নিৱিষ্ট হৈছে।

পৰম্পৰাগত বিবাহ-পদ্ধতি তথা আনুষংগিক লোকাচাৰ, উৎসৱ, অনুষ্ঠান আদি সকলো দিশ সামৰি সংকলন কৰি উলিওৱা গ্ৰন্থখনৰ সন্দৰ্ভত ড০ বিনীতা দেৱ চৌধুৰীয়ে কৈছে —

“বিবাহৰ লগত জাতি এটাৰ বহু সাংস্কৃতিক সমল জড়িত হৈ থাকে।

সাম্প্ৰতিক বিশ্বায়নৰ ধামখুমীয়াত অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ উৎসৱ-অনুষ্ঠানত যেন প্ৰত্যাহ্বান আহি পৰিছে।

স্বকীয় ৰূপ হেৰুৱাই সকলো একাকাৰ হৈ পৰা পৰিলক্ষিত হয়। বহু পৰম্পৰা লুপ্তপ্ৰায়।

এনে এক পৰিৱেশত এই পৰম্পৰাবোৰৰ গৱেষণামূলক আলোচনা এক প্ৰতিপ্ৰত্যাহ্বান বুলিয়েই ক’ব লাগিব। “

নিশ্চিতভাৱে ‘বৰ অসমৰ পৰম্পৰাগত বিবাহ প্ৰথা’ গ্ৰন্থখনে বৰ্তমান সময়ৰ পৰিপ্ৰেক্ষিত্বত এক লক্ষ্যণীয় গুৰুত্ব বহন কৰিছে।

তদুপৰি বিদ্যায়তনিক দিশতো এই গ্ৰন্থ নিঃসন্দেহে এক অনন্য সংযোজন।

বৰ অসমৰ পৰম্পৰাগত বিবাহ প্ৰথা

ড০ গীতিকা দাস (সম্পাদক)

পূৰ্বায়ণ প্ৰকাশন

দাম ৪৪০ টকা

Leave a Reply

Your email address will not be published. Required fields are marked *