💐💐💐💐বৰৰজা প্ৰমথেশ্বৰী💐💐💐💐

গৌৰৱোজ্জ্বল অসমৰ ইতিহাসৰ গৌৰৱোজ্জ্বল চৰিত্ৰ বৰৰজা প্ৰমথেশ্বৰী।

অসমৰ প্ৰথম মহিলা শাসক।

আধুনিক সমাজৰ পৃষ্ঠপোষক, নাৰী শিক্ষাৰ বাটকটীয়া ফুলেশ্বৰী কুঁৱৰীৰ চৰিত্ৰটি কিছু ম্লান পৰি ৰোৱা পৰিলক্ষিত হয়।

সাহিত্যৰ ক্ষেত্ৰত আহোম সাম্ৰাজ্যত সোণালী যুগৰ সূচনা কৰা বৰৰজা প্ৰমথেশ্বৰীৰ অচিনাকি ছবিখনি জনসাধাৰণৰ সন্মুখত তুলি ধৰাৰ এক ক্ষুদ্ৰ প্ৰয়াস ‘বৰৰজা প্ৰমথেশ্বৰী’।

ইতিহাসৰ পাতৰ পৰা সমল বুটলি যৎকিঞ্চিত কল্পনাৰ আলম লৈ শিৱ সিংহ- ফুলেশ্বৰী কুঁৱৰীৰ অকথিত প্ৰেম কাহিনী ‘বৰৰজা প্ৰমথেশ্বৰী’।

মোৱামৰীয়া মহন্তৰ কপালত বলিৰ কেঁচা তেজৰ ফোঁট দিয়া বৰৰজা প্ৰমথেশ্বৰীৰ জীৱনৰ কিছু অলিখিত ছবি উপন্যাসখনত অংকন কৰিবলৈ চেষ্টা কৰা হৈছে।

নবছৰীয়া শাসনকালত বৰৰজা ফুলেশ্বৰী কুঁৱৰীৰ অসমীয়া সমাজৰ কাৰণে আগবঢ়োৱা বৰঙণিৰ কিছু অলিখিত অধ্যায় তুলি ধৰা হৈছে।

উপন্যাসখনৰ শেষলৈ বুৰঞ্জীবিদসকলে আগবঢ়োৱা মোৱামৰীয়া বিদ্ৰোহৰ প্ৰকৃত কাৰণসমূহ দাঙি ধৰা হৈছে।

ফুলেশ্বৰী কুঁৱৰীৰ চৰিত্ৰটো ভুল শুদ্ধ প্ৰমাণ কৰাৰ লক্ষ্য কাহানিও নহয়।

ফুলেশ্বৰী কুঁৱৰীৰ জীৱনৰ অকথিত অধ্যায় পাঠকৰ সন্মুখত দাঙি ধৰাই লেখিকাৰ লক্ষ্য আৰু উদ্দেশ্য।

ইতিহাসৰ পটভূমিত ৰচিত লেখিকা শিৱানী বৰাৰ উপন্যাস ” 💐💐💐💐💐💐

Leave a Reply

Your email address will not be published. Required fields are marked *