🌹❤️🌹❤️ বৰো-অসমীয়া অভিধান :🌹❤️🌹❤️

অসমীয়া লিপিৰে বৰো অভিধান এখন প্ৰকাশ পোৱাটো প্ৰকৃতাৰ্থত এটা গুৰুত্বপূৰ্ণ কথা।

অসমীয়া লিপিৰে প্ৰকাশ পোৱা ‘বৰো-অসমীয়া অভিধান’ অভিধানৰ সংকলক আৰু সম্পাদক ক্ৰমে ভবেন নার্জী আৰু ড° প্ৰমোদ চন্দ্ৰ ভট্টাচার্য।

এই অভিধানৰ দ্বাৰা বৰো ভাষাত অসমীয়া আৰু অসমীয়া ভাষাত বৰো ভাষাৰ শব্দ প্ৰয়োগৰ প্ৰক্ৰিয়াটো সহজ হ’ব।

অসমীয়া লিপি জনা অনা-বৰো লোকে বৰো শব্দৰ অৰ্থ বিচাৰিবলগীয়া হ’লে এই অভিধানখনৰ সহায় ল’ব পাৰিব।

উল্লেখ্য, সচৰাচৰ ‘বড়ো’ বানানৰ পৰিৱৰ্তে এই অভিধানত ‘বৰো’ বানান ব্যৱহাৰ কৰা হৈছে আৰু ইয়াৰ ব্যাখ্যাসহ আলোচনা ও গ্ৰন্থখনত সন্নিৱিষ্ট হৈছে ।

অসমীয়া তথা বৰো ভাষা-সাহিত্যলৈ এই গ্ৰন্থখন এক গুৰুত্বপূৰ্ণ সংযোজন।

Leave a Reply

Your email address will not be published. Required fields are marked *