
💐💐 ড° হীৰেন গোহাঁই ছাৰৰ কথাৰে আহকচোন পঢ়োঁ ৷ 💐💐
‘সৌৰভ, প্ৰথমে মই তোমাক অভিনন্দন জনাইছোঁ ৷
‘ব্ৰাজুকা সুন্দৰী’খন ভাল হৈছে ৷
কিতাপখনৰ কবিতাখিনি তুমি ভালকৈ লিখিছা ৷
তাৰ আন এটা দিশ মই তোমাক ক’ব খুজিছোঁ ৷
বহুত নাম কৰা খেলুৱৈয়ে এদিন অৱসৰ লয় ৷
তেওঁলোকৰ পিছৰ জীৱনছোৱা কেৱল উপেক্ষা আৰু সংগ্ৰাম ৷
যুদ্ধ কৰি প্ৰতিষ্ঠা লাভ কৰা সেই খেলুৱৈসকল এদিন অকলশৰীয়া হৈ যায় ৷’
আমি গ্ৰাম্য ফুটবলৰ কথাও পাতিলোঁ ৷
ধেমাজি টাউন ক্লাৱ আৰু মাছখোৱাৰ মাজত হৈছিল এখন খেল ৷
টেনশ্যন, উত্তেজনা, মাৰ-পিট আৰু বাও চাউলৰ ভাত ৷
টিভি নথকা এখন গাঁৱৰ একমাত্ৰ মানুহঘৰত বাঁহৰ এণ্টেনা লগাই মাজৰাতি খেল চোৱা ৷
বিশ্বকাপ ফুটবলৰ উন্মাদনা শেষ হৈছে কেতিয়াবাই ৷
এতিয়া কেৱল লিভাৰপুল কিম্বা মাদ্ৰিদ ৷
এল-ক্লাছিকোৰ লাইভ শ্ব’ ৷
‘তুমি বঙলা পঢ়া নে নাই ?
মতি নন্দীৰ উপন্যাস পঢ়িবাচোন ৷
মোৰ কাকতত লিখাটো আজিকালি মানা ৷
আকৌ ক’লে— ‘কিতাপখন ভাল হৈছে ৷’💐💐💐

