বেশ্যাৰ সেন্দূৰ

” কি হ’ল ?

তই তাৰ স’তে নবহিলি যে ? “

” আপুনি মানুহ নে পশু হা ?

নিজৰ বিবাহিতা পত্নী জনীকো আনৰ হাতত তুলি দিব পাৰে কেইটামান টকাৰ কাৰণে ? ছিঃ ! “

ক্ষোভেৰে কৈছিল ৰেখাই।

” ঐ, কি ক’লি পত্নী ?

তই মোৰ ঘেন্টাৰ পত্নী নেকি!

বেশ্যা আৰু কাৰোবাৰ পত্নী ?”

উগ্ৰভাৱে হাঁহি কৈছিল মানসে।

” তেন্তে কিয় মোক বিয়া কৰাই আনিছিল আপুনি ?

কিয় মিঠা মিঠা কথা কয় মোক সপোন দেখুৱাই মোৰ শিৰত সেন্দূৰ আঁকি দিছিল ?

” চকুলো ওলাই আহিছিল ৰেখাৰ।

” বেশ্যাৰ মুখত সেন্দূৰ নাম শোভা নাপাই ।

আবে দুটা কথা ভালকৈ ক’লোঁ বুলি তই বিশ্বাস কৰি ল’লি মই তোক প্ৰকৃততে মাইকী বনাম!

চাল্লী বনৰী,শুন তোৰ এই ধুনীয়া শৰীৰটোৰ বজাৰত বেচ দাম আছে ।

সেইকাৰণে তোক মাইকী বনাইছোঁ ।

আজিৰ পৰা সদায় কাষ্টমাৰ আহিব ।

হাল্লা কৰিবি তোক লেংটা কৰি কোবাম মই ।”

ৰেখাৰ মূৰৰ ওপৰত যেন আকাশখন খহি পৰিল ।

হয় তাই বেশ্যা । তাই জানে তাইৰ স্থান । মানুহে তাইক ৰাস্তাৰে গ’লে ঘূৰি ঘূৰি চায় । কিন্তু মানুহে দেখাকৈ তাইক মাতিবলৈ সাহস নকৰে ।

জানোচা তাইক মাতিলে বদনাম চপাই ল’ব লাগে ?

তাইতকৈ ভালকৈ হয়তো এই ভদ্ৰ সমাজ খনৰ মানুহৰ স্বৰিত্ৰ আন কোনেও চিনি নাপায় । বহু নামী- দামী মানুহ তাইৰ ওচৰত উলংগ হৈছে ।

মুখা খোলা গৈছে। আৰু তায়ো আজিকালি কেইটামান টকাৰ বিনিময়ত তাই শৰীৰৰ কোমল মাংস বোৰ বিনা- দ্বিধায় ভক্ষণ কৰিবলৈ এৰি দিব পাৰে ।

টকা লৈছে যেতিয়া তাইৰ একো আপত্তি নাথাকে । যাৰ যেনেকৈ মন যায় ভোকাতুৰ কুকুৰৰ দৰে এই শৰীৰৰ মাংস ভক্ষণ কৰে মানুহবোৰে ।

আবেগ- অনুভূতিহীন দৈহিক মিলন । এক কথাত দৈহিক মিলন নহয়, অংগ সঞ্চালন ।

আনতকৈ বেলেগ আছিল মানস । তাইৰ ওচৰলৈ দুদিন অহাৰ পিছত তাইক বিয়াৰ প্ৰস্তাৱ দিছিল ।প্ৰথমে তাইৰ হাঁহি উঠিছিল । বেশ্যাৰ বিয়া ?

তাই একো আচৰিত হোৱা নাছিল । হয়তো ফ্ৰী ছাৰ্ভিচ বিচাৰি বিয়াৰ প্ৰস্তাৱ দিছিল । তেনেকুৱা মানুহ বহু লগ পাইছে তাই।

কিন্তু দিন যোৱা মাত্ৰকে তাইৰ অন্তৰ কাঢ়ি নিলে সি । হাজাৰ নিৰাশাৰ মাজতো তাই সপোন দেখিবলৈ ল’লে । তাৰ এটা ফোন কলৰ কাৰণে অপেক্ষাত বন্দী হৈ থকা হ’ল তাই । সি ফোন কৰিলে কাষ্টমাৰৰ ওচৰত থকা বুলি ক’লে তাৰ খুবেই খং উঠে । এদিন তাই এই সকলোবোৰ কাম এৰি দিলে মানসৰ সৈতে সংসাৰ গঢ়াৰ আশাত । মানসে তাইক খুবেই কেয়াৰ কৰে ।

তাই এইবোৰ এৰি দিয়াৰ পিছত সি খুবেই সুখী ।তাৰ হেঁপাহবোৰ দেখি তাইৰ মন ভৰি গৈছিল। এদিন তাই ম’বাইলৰ পৰা চিমখন উলিয়াই ভাঙি পেলাই দিলে । আৰু মানসক এখন নতুন ছিম কাৰ্ড আনি দিবলৈ ক’লে ।
এমাহ পিছত দুয়ো গৈ মন্দিৰত বিয়া পাতিলে । তাইৰ এনেকুৱা অনুভৱ হৈছিল , মানস যেন তাইৰ জীৱনলৈ ভগৱান হৈ আহিছিল । আজি যেন তাইৰ মূৰৰ ওপৰত সুখৰ বৰষুণ । অতীতৰ কথাবোৰ তাই এটা দুঃস্বপ্ন বুলি ভাবি পাহৰি যাবলৈ চেষ্টা কৰিলে ।
কিন্তু এয়া কি ? এদিন ৰাতি লগৰ এজন ৰাতি থকাকৈ লৈ আহি তাৰ চকুৰ আগতেই তাইক সেই মানুজনৰ সতে শুবলৈ জোৰ কৰিলে । তাই মান্তি নোহোৱা দেখি সি নিজে তাইৰ শৰীৰৰ সমস্ত বস্ত্ৰ খুলি মানুহ জনক তাইৰ ওপৰত জঁপিয়াই পৰিবলৈ আদেশ দিলে । তাৰপিছত সি বাহিৰলৈ ওলাই গ’ল । সেয়াই আছিল আৰম্ভণি । তাৰপিছত সদায় সি নতুন নতুন মানুহ লৈ আহি তাইক শুবলৈ জোৰ কৰে । আপত্তি কৰিলেই অবাইচ গালি । অসহ্য শাৰীৰিক অত্যাচাৰ।নাই, তাই আৰু নোৱাৰে ।

আগলৈ পঢ়িবলৈ কিতাপ খন পঢ়িব।

Leave a Reply

Your email address will not be published. Required fields are marked *