💐💐💐💐বেজবৰুৱা ৰচনাৱলী💐💐💐💐

অসমীয়া জাতীয় জীৱনত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰভাৱ অবিস্মৰণীয়।

সমগ্ৰ জীৱন ক্লান্তিহীন পৰিশ্ৰম,নিৰৱচ্ছিন্ন সাধনাৰে অসমীয়া ভাষা- সাহিত্য , সংস্কৃতিৰ ভেটিটোক বেজবৰুৱাই পৰম শক্তিশালী ৰূপত গঢ় দি গ’ল।

এনে এক বিশেষ ৰচনা নাই, য’ত বেজবৰুৱাই হাত দিয়া নাছিল।

এই সমস্ত ৰচনাৰ লক্ষ্য আছিল অসমৰ সৰ্বাংগীন উন্নতি লগতে অসমীয়া মানুহক গভীৰ স্বদেশ-প্ৰেমেৰে উদ্বুদ্ধ কৰি তোলা।

অসামান্য সৃষ্টিৰে অসমীয়া সাহিত্যত এক নতুন যুগৰ সূচনা কৰোঁতা বেজবৰুৱাৰ সমস্ত ৰচনা ৰচনাৱলীৰূপত ইতিমধ্যে অসম প্ৰকাশন পৰিষদে প্ৰকাশ কৰি উলিয়াইছে।

বিশিষ্ট লেখক,সাংবাদিক নিত্য বৰাৰ সম্পাদনাত দহটা খণ্ডত প্ৰকাশিত ‘ বেজবৰুৱা ৰচনাৱলী’ৰ প্ৰতিটো খণ্ডৰ মূল্য মাত্ৰ ৪০০টকা।

Leave a Reply

Your email address will not be published. Required fields are marked *