💐💐২০২০ বৰ্ষৰ সাহিত্য অকাদেমি বঁটাপ্ৰাপ্ত গ্ৰন্থ
“বেংছতা’💐💐

ডাঃ অপূৰ্ব কুমাৰ শইকীয়া

দাম – ২০০ টকা

ডাঃ অপূৰ্ব কুমাৰ শইকীয়া সাম্প্ৰতিক অসমীয়া গল্প সাহিত্য জগতখনৰ এটা বিশিষ্ট নাম।

তেওঁৰ গল্পৰ বিৰল ব্যতিক্ৰমী চৰিত্ৰই অসমীয়া গল্প সাহিত্যৰ বিস্তৃতিত বিশেষ ভূমিকা গ্ৰহণ কৰিছে।

স্কুলীয়া দিনৰে পৰা গল্পচৰ্চাত মনোনিৱেশ কৰা শইকীয়াই পৰিপূৰ্ণ বয়সত ‘প্ৰান্তিক’ আৰু ‘গৰীয়সী’ আলোচনীৰ পাতত নিজৰ গল্পচৰ্চা আৰম্ভ কৰে আৰু আলোচনী দুখনৰ পাততেই তেওঁৰ উৎকৰ্ষ, গভীৰ ব্যাপ্তি পৰিস্ফুট হৈ উঠে।

অৰ্থঘন, নিৰ্মেদ আৰু¸ চাতুৰ্যপূৰ্ণ গল্পভাষাৰ নিৰ্মাণ আৰু তাৰ সঠিক ব্যৱহাৰেৰে গল্পকাৰগৰাকীয়ে তেওঁৰ শৈলীক নিজস্ব এক আয়তন দিবলৈ সক্ষম হৈছে।

তেওঁৰ গল্পৰ বৈচিত্ৰ্যভৰা বিষয়বস্তুৱে পঢ়ুৱৈক সদায়েই আকৰ্ষিত কৰে, উদ্বেলিত কৰে।

এক নিৰ্মল আৰু ৰুচিশীল হাস্যৰসৰ সন্নিৱেশে তেওঁৰ গল্পক আন এক বৈভৱ প্ৰদান কৰিছে।

তেওঁৰ নতুন সংকলন ‘বেংছতা’ত সংকলিত হৈছে গল্পকাৰগৰাকীৰ শেহতীয়া কিছুসংখ্যক চমৎকাৰ গল্প— যিসমূহে গল্পকাৰগৰাকীৰ বৈচিত্ৰ্য আৰু সদা সংঘটিত উত্তৰণৰ যাত্ৰাক সুন্দৰকৈ তুলি ধৰিব।

‘বেংছতা’ অধ্যয়নে পঢ়ুৱৈক দিব এক কোলাহলবৰ্জিত বিচিত্ৰ বৰ্ণময় সমদলৰ সৈতে যাত্ৰা কৰাৰ দৰে অভিজ্ঞতা।

💐গ্ৰন্থখনে ইতিমধ্যে সাহিত্য অকাদেমি বঁটা লাভ কৰিছে।💐

Leave a Reply

Your email address will not be published. Required fields are marked *