❤️🌹গ্ৰন্থ আলোচনা❤️🌹

❤️🌹লেখিকা মেঘালী দত্ত ঠাকুৰীয়া বাইদেউৰ কথাৰে।❤️🌹

গ্ৰন্থৰ নাম —- বুদ্ধজায়া (উপন্যাস)
লেখিকা —– গীতালি বৰা ।
প্ৰকাশক —– আক-বাক প্ৰকাশন ।
মূল্য। —— ২৯৯/-

প্ৰতিষ্ঠিত গল্পকাৰ, ঔপন্যাসিক  গীতালি বৰাৰ উপন্যাস "বুদ্ধজায়া" এক মননশীল, অগতানুগতিক বিষয়বস্তুৰে, নিজস্ব উপস্থাপন শৈলীৰে লেখা এখন অনন্য উপন্যাস।

এক সাহসী পদক্ষেপ গ্ৰহন কৰি তেখেতে উপন্যাসখন লেখিছে। 

যথেষ্ট অধ্যয়নৰ দ্বাৰা  লেখা  'বুদ্ধজায়া' উপন্যাস উপেক্ষিতা নাৰীৰ এক জীৱনগাথা । 

"বুদ্ধজায়া" উপন্যাসখনত  বুদ্ধদেৱ এই উপন্যাসৰ নায়ক নহয়। 

বুদ্ধজায়াত সৰ্বকালৰ উপেক্ষিতা নাৰী সকলৰ যাতনা, ত‍্যাগ, মায়া আৰু  শক্তিৰ কাহিনী কিছুমান সত্য নাৰী চৰিত্ৰৰ মাজেৰে তুলি ধৰিছে।

গীতালি বৰাৰ উপন্যাসত সদায় সমাজৰ উপেক্ষিতা নাৰীৰ বিষাদৰ কথাবোৰ বৰ মৰ্মস্পৰ্শী হৈ উঠে। 
            
বুদ্ধজায়াত "মানুহ বুদ্ধদেৱ" হিচাপে  বহু প্ৰশ্নৰ উন্মেষ আছে।

ঘৰ- সংসাৰ, সন্তান আৰু সকলো কৰ্মকে পিঠি দি সকলোৱে সংঘত ভৰ্ত্তি হোৱাত পৰিয়ালত নাৰী সকলে কি যাতনা ভোগ কৰিছিল তাক সুন্দৰ কৈ তুলি ধৰিছে উপন্যাসখনত।

সকলোৱে অকল ধৰ্মৰ বাবে বহু শাক‍্য সংঘভুক্ত হোৱা নাছিল। তাৰো আছিল বহুতো কাৰণ। 

অকামিলা হৈ পৰিছিল সকলো। 

সেয়ে সমকালীন সমাজৰ এচাম মানুহ বুদ্ধৰ বিৰোধী আছিল।
উপন্যাসৰ মূখ্য চৰিত্ৰ গোপাৰ অন্তৰ্দ্বন্দ, মানসিক অৱস্থাই মন বেদনাৰে ভৰাই তুলিলে।

যশোধৰা,অমিতা, শুদ্ধোধন,নন্দা, দেৱদত্ত আদি চৰিত্ৰৰ মাজেৰে উপন্যাসৰ কাহিনী আগবঢ়াই নিয়া হৈছে। সকলো চৰিত্ৰৰে আছে ক্ষোভ, মনোবেদনা আৰু ত‍্যাগৰ জলন্ত  উদাহৰণ । 

 উপন্যাসখন পঢ়ি  যেন এক নতুনচিন্তা আৰু এখন অন্য জগতত সোমাই পৰিছিলোঁ ।
'বুদ্ধজায়া'  ইতিহাসক সমল হিচাপে  লৈ লেখা,এখন সকলোৱে পঢ়িব পৰা মননশীল উপন্যাস। 
                         **

মেঘালী দত্ত ঠাকুৰীয়া ।

Leave a Reply

Your email address will not be published. Required fields are marked *