
💐একাংশ বিশ্ব বিখ্যাত লেখক, চিন্তাবিদৰ জীৱন আৰু দৰ্শনক লৈ বিশিষ্ট গৱেষক, লেখক অধ্যাপক ডঃ গোবিন্দ প্ৰসাদ শৰ্মাই প্ৰণয়ন কৰিছে ‘ বিশ্ব-মনীষা’ নামৰ এখন গ্ৰন্থ ।💐
‘প্ৰকাশ’ আলোচনীত নিয়মীয়াকৈ প্ৰকাশিত এলানি মূল্যৱান প্ৰৱন্ধৰ সংকলন হৈছে এই গ্ৰন্থখন।
এই গ্ৰন্থখনত শেক্সপীয়ৰ, টলষ্টয়, ডঃ জ’নছন, টি এছ এলিয়ট, ফ্ৰয়ড, আইনষ্টাইন, আৰু ৰাধাকৃষ্ণণৰ জীৱন কাহিনী আৰু চিন্তাৰ বিষয়ে আকৰ্ষণীয়কৈ একোটা পৰিচয় দাঙি ধৰিবলৈ চেষ্টা কৰা হৈছে।
বিশ্ব মণিষী সকলৰ জীৱন, চিন্তা তথা সমগ্ৰ বিশ্বৰ প্ৰতি তেওঁলোকৰ অতুলনীয় অৱদানৰ একত্ৰ মূল্যায়নৰ এই গ্ৰন্থখন অসম প্ৰকাশন পৰিষদে প্ৰকাশ কৰি এটা অভাৱ পূৰণ কৰিছে সকলো স্তৰৰ পাঠকৰ বাবে।
এই গ্ৰন্থখনৰ মূল্য মাত্ৰ ২০০ টকা ।

