📖কিতাপ পঢ়ি অনুভৱ লিখা🖊️

সামাজিক অনুষ্ঠান গ্ৰন্থ সুবাসৰ উদ্যোগত।

নাম-সুনীতি কাকতি

বয়স- ৪৭

গাওঁ +ডাকঘৰ-উলাবৰী
জিলা-নলবাৰী
পিন নং -৭৮১৩৩৯

পেছা-চতুৰ্থ বৰ্গৰ কৰ্মচাৰী

ডা: ভৃংগেশ্বৰ শৰ্মা ৰচিত গল্প সংকলন “বিয়লি বেলাৰ গল্প”

প্ৰকাশন – বনলতা প্ৰকাশন

জনপ্ৰিয় অসমীয়া আলোচনী প্ৰান্তিকৰ হাস্য ব্যঙ্গ শিতান দৈনন্দিনৰ জৰিয়তে চিনাকি হোৱা প্ৰিয় গল্পকাৰ ডা: ভৃংগেশ্বৰ শৰ্মাৰ “বিয়লি বেলাৰ গল্প” শীৰ্ষক গল্প সংকলনটো তলাবন্ধৰ এই আজৰি সময়ছোৱাত মেলি লৈছিলো ।

নিজে বৃদ্ধত্বৰ দিশলৈ ধীৰে ধীৰে এখুজি দুখুজিকৈ আগবাঢ়ি গৈ থকা বাবেই চাগৈ গল্প সংকলনটোৰ প্ৰত্যেকটো গল্পই মনত চাপ বহুৱাই থৈ গ’ল ।

গল্প সংকলনটোৰ নামৰ লগত ৰজিতা খুৱাই আটাইকেইটা গল্পৰ কেন্দ্ৰীয় বিষয় বস্তু হ’ল , মানব জীৱনৰ অন্তিম পৰ্যায়টো যাক কোৱা হয় বৃদ্ধ অৱস্থা।

সৰ্বমুঠ চৌধ্যটা গল্পৰে গঠিত সংকলনটোৰ গল্পসমূহৰ মাজত আছে কেৱল এডাল যোগসূত্র–বৃদ্ধকালছোৱা।

কপৌ এহালিয়ে যেনেকৈ নিজ সন্তানক খুৱাই বুৱাই প্ৰতিপালন কৰে, তেনেকৈ পিতৃ-মাতৃয়ে সন্তানক প্ৰতিপালন কৰি মানুহ হিচাপে উপযুক্ত কৰি গঢ়ি এসময়ত হৈ পৰে বৃদ্ধ।

বৃদ্ধ কালছোৱাই উপহাৰ হিচাপে লৈ আহে এক সত্য –নিসংগতা । ব্যস্ত জীবন যাত্রাৰ বাবে বৃদ্ধৰ আবেদনলৈ কাণ দিব পাহৰি যায় সন্তানসকলে । “ফটো” শীৰ্ষক গল্পটোত গল্পকাৰে এজন আসন্ন মৃত্যুৰ বাবে সাজু পিতৃৰ মৰ্মবেদনা প্ৰকাশ পাইছে কিছু বৰ্ণনাৰে, –“সঁচাকৈয়ে মই এটা যাত্রাৰ বাবে সাজু হৈছোঁ ।

এটা দীঘলীয়া যাত্রা। আৰু উভতি নাহোঁ। এই যাত্রাৰ শেহত মই এটা তৰা হৈ থাকিমগৈ। আকাশত থকা হাজাৰ বিজাৰ তৰাৰ মাজৰ আন এটা তৰা ।

তথাপি , কিবা এটা হেৰুৱাৰ দুখত বুকুখন যেন ভাগি যাব খোজে। না না , একো দুখ নাই । এয়া দুখ কৰাৰ সময় নহয় । এতিয়া নতুনৰ বাবে ঠাই এৰি দিয়া সময় । নতুনক মই ঠাই এৰি দিম । সিঁহতে মোৰ ঠাই ল’ব মই আঁতৰি যাম । এয়াই নিয়ম ।”

“কামাখ্যা ফাৰ্মাছিত চাৰিজন বন্ধু” শীৰ্ষক গল্পটোত প্ৰকাশ পাইছে বৃদ্ধ অবস্থাৰ মাজত আশাবাদিতা। চাৰিজন বন্ধুৰ দুজনৰ মৃত্যুৰ পিছত বাকী দুজনে তাচ খেলি খেলি পাৰ কৰিছে কঠিন সময়।

সাহস দিছে ইজনে আনজনক । “অভিনয়” গল্পটোত পুত্র বোৱাৰীৰ পৰা অশেষ নিৰ্য‍াতন পাইয়ো কৰুণভাবে কৰি গৈছে সুখী হোৱাৰ অভিনয় ।

ডা: ভৃংগেশ্বৰ শইকীয়াৰ “বিয়লি বেলাৰ গল্প” শীৰ্ষক সংকলনটোৰ জৰিয়তে স্পষ্টকৈ ফুটি উঠিছে বৃদ্ধকালৰ প্ৰত্যেকটো সমস্যা । আবেগ আৰু বাস্তবৰ এক সুন্দৰ সংমিশ্ৰণৰে এখন সুখপাঠ্য গল্পপুথি পঢ়িব পাই নিজকে ধন্য মানিছো ।
——–++++——-

Leave a Reply

Your email address will not be published. Required fields are marked *