💐💐💐💐💐বিদুৰ নীতি💐💐💐💐💐

ভাৰতীয় দৰ্শনত নীতি শাস্ত্ৰসমূহৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে।

‘মহাভাৰত’ৰ শান্তি পৰ্ব আৰু অনুশাসন পৰ্বক বহু পণ্ডিতে একপ্ৰকাৰ ধৰ্মশাস্ত্ৰ বুলিয়েই ক’ব খোজে।

ইয়াৰ মাজতে উদ্যোগ পৰ্বত উজ্জ্বল হৈ জিলিকি উঠা চৰিত্ৰটো হৈছে বিদুৰ।

এই পৰ্বত বিদুৰ আৰু ধৃতৰাষ্ট্ৰৰ মাজত হোৱা কথোপকথনখিনিৰ গুৰুত্ব অপৰিসীম। প্ৰাচীন হৈয়ো ই সাম্প্ৰতিক ।

নৈতিকতা, জ্ঞান , সত্য আৰু ধৰ্মৰ প্ৰতি নিষ্ঠাৱান যুগ পুৰুষ বিদুৰ হৈছে ‘বিদুৰ নীতি’ৰ প্ৰবক্তা।

তেওঁৰ এই বাণী ধৃতৰাষ্ট্ৰই অৱজ্ঞা কৰাৰ ফলতে ‘ কুৰুক্ষেত্ৰ ৰণ ‘ হৈছিল ।

বিদুৰৰ এই নীতি-বিচাৰ আৰু বাক্যসমূহ অনুবাদ কৰিছে থানেশ্বৰ শৰ্মাই।

অসম প্ৰকাশন পৰিষদে প্ৰকাশ কৰা এই গ্ৰন্থৰ মূল্য ১২০ টকা মাত্ৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *