
🪂🏂⛷️❤️🌹বিজ্ঞানৰ সাধু :🪂🏂⛷️❤️🌹
ৰোহিনীকান্ত বৰুৱাৰ ‘বিজ্ঞানৰ সাধু’ শীৰ্ষক গ্ৰন্থখন
১৯৪৩ চনত প্ৰকাশ পাইছিল।
এই গ্ৰন্থৰে অসম প্ৰকাশন পৰিষদ সংস্কৰণ প্ৰকাশ পায় ২০১৬ চনত, ড° দীনেশ চন্দ্ৰ গোস্বামীৰ সম্পাদনাত।
বিজ্ঞানক টান বিষয় বুলি ভাবি থকা কিশোৰ- কিশোৰীৰ বাবে বিজ্ঞানক অতি সৰলভাৱে মনোগ্ৰাহীকৈ উপস্থাপন কৰা হৈছে এই গ্ৰন্থখনত ।
জ্যোতির্বিজ্ঞান, উদ্ভিদবিজ্ঞান, প্রাণীবিজ্ঞানৰ পৰা আৰম্ভ কৰি টেলিফোন, মটৰগাড়ীলৈকে বিজ্ঞানৰ বিভিন্ন তত্ত্ব, তথ্য আৰু বিকাশক গ্ৰন্থখনত সামৰা হৈছে।
যদিও মূলতঃ কিশোৰ-কিশোৰীৰ উপযোগীকৈ গ্ৰন্থখন ৰচনা কৰা হৈছে, বিজ্ঞানৰ প্ৰতি যিকোনো পঢ়ুৱৈক এই গ্ৰন্থখনে আগ্ৰহী কৰি তুলিব।
