💐💐💐অনুৰাধা শৰ্মা পূজাৰীৰ কলমত ‘বাইশ গজৰ যুঁজাৰু’💐💐💐

“ক্ৰিকেট খেলৰ অনুৰাগী বা ক্ৰিকেট খেল ভাল নোপোৱা পাঠকেও পঢ়ি ভাল পাব দিগন্ত ওজাৰ ‘বাইশ গজৰ যুঁজাৰু’ গ্ৰন্থখন৷

এই কিতাপৰ মূল বাক্যশাৰীয়েই হৈছে ‘তিনিশ বছৰীয়া ভাৰতীয় ক্ৰিকেটৰ ৰোমাঞ্চকৰ যাত্ৰা…’৷

লেখকৰ ভাষাত কেইগৰাকীমান মূল যোদ্ধাৰ মাজেৰে ‘বাইশ গজৰ যুঁজাৰু’ হৈছে ভাৰতত ক্ৰিকেটৰ ক্ৰমবিৱৰ্তনৰ এক ৰূপৰেখা মাত্ৰ৷

অসম পাবলিচিং কোম্পানীয়ে প্ৰকাশ কৰা কিতাপখনৰ অংগসজ্জাৰ পৰা সূচীপত্ৰলৈকে আছে এক নতুনত্বৰ চাপ৷

ক্ৰিকেটৰ যোদ্ধা আৰু খেলক এক উন্নত সাহিত্যৰসলৈ ৰূপান্তৰ কৰিছে দিগন্ত ওজাই৷

ভাষাৰ শৈলীও চমকপ্ৰদ৷

গ্ৰন্থখন পঢ়ি আনন্দ আৰু ক্ৰিকেট সম্পৰ্কীয় মনস্তাত্ত্বিক জ্ঞান লাভ কৰি ভাল পাব পাঠকে৷

ক্ৰীড়াক সাহিত্যৰ আওতালৈ আনিব কম লেখকেহে পাৰে৷”

💐💐💐সাদিন, ১৪ জানুৱাৰী, ২০২৪💐💐💐

Leave a Reply

Your email address will not be published. Required fields are marked *