
অধ্যয়নে দিয়া বিশাল ব্যাপ্তিক জীৱনৰ অভিজ্ঞতাৰ লগত গভীৰভাৱে সংপৃক্ত কৰি লিখা প্ৰবন্ধ আৰু ৰচনাৰ জৰিয়তে অৰ্ণৱ শইকীয়াই ইতিমধ্যে অসমীয়া non-fiction সাহিত্যত এক বিশেষ স্থান উলিয়াই ল’বলৈ সক্ষম হৈছে।
সাহিত্য, শিল্প-কলাৰ পৰা আৰম্ভ কৰি ইতিহাস আৰু দৰ্শনৰ ক্ষেত্ৰখনলৈকে তেওঁৰ অধ্যয়ন বিস্তৃত।
অধ্যয়নৰ জৰিয়তে গঢ়ি উঠা সংবেদনাৰে তেওঁ প্রাত্যহিক পৃথিৱী, মানুহ আৰু সংঘটনক চাবলৈ শিকিছে।
মূলতঃ সকলো যাতনা আৰু ক্লান্তিৰ শেষত জীৱনৰ প্ৰতি অন্ততম অভীপ্সা আৰু আশাবাদেৰে তেওঁৰ লেখাসমূহ বহু পঢ়ুৱৈৰ বাবে অনুপ্ৰেৰণাদায়ক।
সাহিত্যৰ জৰিয়তে জীৱনৰ কথা ক’বলৈ গৈ তেওঁ গদ্যৰ এক সুকীয়া শৈলী আয়ত্ত কৰিছে, যাৰ বাবে তেওঁৰ গদ্যৰ পঠন অভিজ্ঞতা একে সময়তে বৌদ্ধিক সমলযুক্ত হৈয়ো সুখপ্রদ।
সাম্প্রতিক সাহিত্য তত্ত্ব আৰু সংজ্ঞাৰ বন্দিত্বৰ পৰা মুক্ত বুলি পঢ়ুৱৈক সহজ কথকতাৰে পতিয়ন নিয়াব পৰাকৈ তেওঁৰ অধ্যয়ন ব্যাপক আৰু সমৃদ্ধ।
‘বনৰীয়া গোলাপৰ সুবাস’ অৰ্ণৱ শইকীয়াৰ এলানি জীৱনমুখী আৰু প্ৰজ্ঞাদীপ্ত প্ৰবন্ধ সংকলন- যি পঢ়ুৱৈক বিশ্বসাহিত্যৰ ব্যাপকতাৰ লগতো পৰিচয় কৰাই দিব।
প্রকাশক ‘বনৰীয়া গোলাপৰ সুবাস’।

