
💐 লেখিকা পাপুমণি হাজৰিকাৰ লেখা গ্ৰন্থ সুবাসত প্ৰচাৰ কৰা হৈছে।💐
কালক অতিক্ৰম কৰি মাজে মাজে স্তিমিত হৈ যোৱা, নিস্তৰঙ্গ হৈ যোৱা প্ৰবহমান কালৰ ধাৰাক আগবঢ়াই নিবলৈ প্ৰয়াস কৰা দুৰ্লভ নাৰীসকলৰ এগৰাকী সুবৰ্ণলতা; কিন্তু বন্ধন জৰ্জৰিত সেই কালৰ মুক্তিকামী আত্মাৰ ব্যাকুল যন্ত্ৰণাৰ প্ৰতীক সুবৰ্ণলতাৰ মুক্তিৰ আকাঙ্ক্ষা আধৰুৱা হৈয়ে থাকি যায় ৷
সেই অসম্পূৰ্ণ আশাৰ এক সুখকৰ পৰিণতিৰ অন্বেষা হ’ল সুবৰ্ণলতাৰ কন্যা বকুলৰ আত্মকথা- “বকুল কথা”৷
সেই অন্বেষাৰ কোনো সমাধান, কোনো সুখকৰ স্থায়ী পৰিণতি পোৱা গ’ল নে ?
‘প্ৰথম প্ৰতিশ্ৰুতি’, ‘সুৱৰ্ণলতা’ আৰু ‘বকুল কথা’ আশাপূৰ্ণা দেৱীৰ সত্যৱতী ত্ৰয়োবৃত্তৰ এই খণ্ড উপন্যাসত সমাজৰ অন্তঃপুৰত অৱহেলিত মানুহৰ স্বাভাৱিক মৰ্যাদা আৰু সন্মানৰপৰা বঞ্চিত, সমাজৰ শৃংখলত আবদ্ধ নাৰী জাতিৰ মুক্তিৰ আকাঙক্ষাক লালিত কৰা হৈছে ৷
এই বঞ্চনা, অমৰ্যাদাৰ প্ৰতিবাদ কৰি সমাজৰ শৃংখল ভাঙি বদ্ধ অন্তঃপুৰলৈ মুক্ত পৃথিৱীৰ পোহৰ আনিবলৈ প্ৰয়াস কৰা মুষ্টিমেয় কেইগৰাকীমান নাৰীৰ অন্যতম সত্যৱতী ৷
সত্যৱতীৰ ছোৱালী সুবৰ্ণলতাইও নীৰৱে সেই নাৰী মুক্তিৰ আকাঙ্ক্ষাতে জীৱন পাত কৰিছে আৰু সেই আকাঙ্ক্ষা ফলৱতী হৈছে সুবৰ্ণলতাৰ জীয়েক বকুলৰ জীৱনত ৷
অনামিকা দেৱী নামেৰে যশস্বী লেখিকাৰ ৰূপত বকুলে তেওঁৰ সমাজৰ নতুন ৰূপত মাক আৰু আইতাকৰ সাধনাৰ সাফল্য দেখা পাইছেনে ?
নে দেখিছে মাথোন শিকলি ছিঙাৰ এক ভয়াবহ উন্মাদনাৰ নাৰী-প্ৰগতিৰ নামত চলা স্বেচ্ছাচাৰ ?
এই জিজ্ঞাসাই বকুল বা অনামিকা দেৱীক বাৰে বাৰে উন্মনা কৰি তুলিছে ৷
আশাপূৰ্ণা দেৱীৰ সত্যৱতী ত্ৰয়োবৃত্তৰ এই শেষ খণ্ড, ‘বকুল কথা’ ত এই প্ৰশ্নই মুখ্য হৈ উঠিছে- স্বাধীনতা আৰু স্বেচ্ছাচাৰ এই দুটাৰ সীমাৰেখা ক’ত ?
সেই সীমাৰেখাৰ অন্বেষাই বকুল কথাৰ মুখ্য উপজীৱ্য ৷
আজি গ্ৰন্থ-শৃংখলৰ ষষ্ঠ দিনটোত ‘বকুল কথা’ আপোনালোকলৈ আগবঢ়ালোঁ ৷
আশাকৰোঁ বকুল কথাই আপোনালোকৰ ৰস আস্বাদনত সহায় কৰাৰ লগতে নতুন অন্বেষণৰ বাট দেখুৱাব…
💐💐💐💐💐পাপুমণি হাজৰিকা💐💐💐💐

