💐💐বকুলবনৰ সাহিত্য : কবি-নাট্যকাৰ আনন্দচন্দ্ৰ বৰুৱা💐💐

লেখিকা- ডঃ নমিতা বৰুৱা

মূল্য- ৩৫০/ –

প্ৰকাশক – পূৰ্বাঞ্চল প্ৰকাশ

অসমীয়া সাহিত্যৰ ৰমন্যাসিক শেষ স্তৰৰ অন্যতম কবি, নাট্যকাৰ আনন্দচন্দ্ৰ বৰুৱা বকুলবনৰ কবিৰূপে পৰিচিত।

সাহিত্যৰ অন্যান্য বিভাগসমূহৰ প্ৰতিও বৰঙণি আগবঢ়াইছিল যদিও এইখন গ্রন্থত ঘাইকৈ আনন্দচন্দ্ৰ বৰুৱাৰ কবিতা আৰু নাটকৰ বিষয়েহে আলোচনা কৰা হৈছে।

শেষ ৰমন্যাসিক স্তৰৰ কবি হিচাপে তেওঁৰ কবিতাত ফুটি উঠা সকলো লক্ষণ, বৈশিষ্ট্য আলোচনা কৰা হৈছে।

বিষয়ৰ বৈচিত্র্যৰ লগতে আংগিকৰ ক্ষেত্রতো যথেষ্ট পৰীক্ষা-নিৰীক্ষা কৰা আনন্দচন্দ্ৰ বৰুৱাৰ কাবাৰ ক্ষেত্ৰ অতি বিস্তৃত।

সংস্কৃত কাব্যৰ অনুবাদৰ পৰা হাফিজৰ ৰুবায়েৎ তথা ছোভিয়েট কবিতালৈকে পৰিব্যাপ্ত কবিজনাৰ কবিতাত প্রেম আৰু সৌন্দৰ্যৰ সাধনাৰ লগতে ভাৰতীয় ঐতিহ্য-সংস্কৃতি -পৰম্পৰাৰ সুপ্রকাশ ঘটিছে।

দ্বিতীয় মহাযুদ্ধৰ আগতে প্রতিষ্ঠা লাভ কৰা অসমীয়া নাট্যকাৰসকলৰ অন্যতম আনন্দচন্দ্ৰ বৰুৱাৰ নাট্যবৈশিষ্ট্যৰ লগতে যুগসন্ধিৰ সময়ত তেওঁ লোৱা ভূমিকা আলোচনা কৰা হৈছে।

বিশেষকৈ অসমীয়া গীতি -নাটকৰ উত্থানত আনন্দচন্দ্র বৰুৱাৰ ভূমিকা নাট ৰচনা আৰু মঞ্চায়নৰ বিভিন্ন দিশ সামৰি আলোচনা কৰা হৈছে।

পূর্বে কোনো বিস্তাৰিত আলোচনা নোহোৱা যুগসন্ধিৰ এই পথিকৃত কবি, নাট্যকাৰজনৰ ক্ষেত্ৰত এইখন গ্রন্থই জিজ্ঞাসুজনৰ উপকাৰ সাধিব বুলি আমি আশাবাদী ।💐💐💐

Leave a Reply

Your email address will not be published. Required fields are marked *