💐💐💐💐💐বংশধ্বজ💐💐💐💐💐💐

…জীৱন কাৰো বাবেই ৰৈ নাথাকে।

বাচি থকাৰ সংগ্ৰামত জয়ী হ’বলৈ সকলোৱেই নিজৰ পথ নিজেই বিচাৰি ল’ব লাগিব…।

সাধাৰণ মানুহৰ জীৱন কাহিনীও অসাধাৰণ হ’ব পাৰে যদি জানিবলৈ চেষ্টা কৰা হয়।

কেইজনমান মুষ্টিমেয় মানুহৰ ম‌ইমতালি বা ব্যক্তিগত কলহৰ ফলত এদিন অসমৰ দৰে স্বাধীন ৰাজ্য এখনৰ স্বাধীনতাৰ বেলি মাৰ গৈছিল।

ইতিহাসে সেই ঘটনাবোৰ আৰু তাৰ সুদূৰপ্ৰসাৰি প্ৰভাৱ হয়তো যথাযথভাৱে নথিভুক্ত কৰিছে কিন্তু মাত্ৰ এটা দশকৰ কালান্তক ঘটনাৰাজীয়ে ৰাজ্যখনৰ সাধাৰণ মানুহৰ জীৱনক কেনেদৰে প্ৰভাৱান্বিত কৰিছিল সেই বিষয়ে ইতিহাসত কোনো লিখিত বিৱৰণ নাই।

অসমলৈ মানৰ আগমনত অসমৰ সাধাৰণ ৰাইজৰ কোনো হাত নাছিল।

বৃটিছকো অসমৰ সাধাৰণ ৰাইজে আহ্বান জনোৱা নাছিল।

ক্ষমতাসীন সকলৰ নিজৰ মাজত খোৱা কামোৰাৰ ফল ভুগিব লগীয়া হৈছিল অসমৰ সাধাৰণ জনতাই।

উনৈশ শতিকাৰ আৰম্ভণিতে সেই এটা দশকৰ নিষ্ঠুৰ ইতিহাসৰ ভুক্তভোগী প্ৰতিখন ঘৰৰে এটা নিজস্ব কাহিনী আছে, আছে এক নিজস্ব ইতিহাস ।

এনে এটা পৰিয়ালৰ এটাৰ পৰা আনটো প্ৰজন্মলৈ বিস্তাৰিত কাহিনীৰেই সৃষ্টি হৈছে এখন বিশেষ উপন্যাস― ‘বংশধ্বজ’।

সুদূৰ আমেৰিকাৰ স্থায়ী বাসিন্দা হৈয়ো নিজ জন্মভূমিৰ মাটিৰ মায়াত বন্দী লেখক প্ৰণবেন্দ্ৰ শৰ্মাৰ কলমত উদ্ভাসিত হৈ উঠা ‘বংশধ্বজ’ উনৈশ শতিকাৰ আৰম্ভণি দশকৰ অসমখনৰ এখন অনবৈদ‍্য কল্পচিত্ৰ যিখনক এজন নিপুণ শিল্পীৰ তুলিকাৰে কেনভাছৰ মাজত মূৰ্ত হৈ উঠা অপূৰ্ব শিল্পকৃতীৰ লগতহে তুলনা কৰিব পাৰি।

“বংশধ্বজ” নামৰ অনবদ্য উপন্যাসখন গুৱাহাটী গ্ৰন্থ মেলাৰ সময়ত প্ৰকাশ হৈ ওলাইছে।

কিতাপখনে পঢ়ুৱৈৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ ইতিমধ্যে সক্ষম হৈছে।

কিতাপখন সোনকালেই এমাজন আৰু ফ্লিপকাৰ্টত উপলব্ধ হ’ব।

পাণবজাৰৰ বিপণীৰ উপৰিও অসমৰ বিভিন্ন ঠাইৰ বিপণীত “বংশধ্বজ” বিচাৰিলে পাব।

ডাকযোগেও কিতাপখন ঘৰতেই পোৱাৰ ব্যৱস্থা আছে। ইয়াৰ বাবে মণিকূটৰ হোৱাচ্ছাপ নম্বৰ 8638960116 ত পঢ়ুৱৈৰ সম্পূৰ্ণ ঠিকনা পঠালে কিতাপখন বিনামূলীয়া ডাকখৰচত পঠিয়াই দিয়া হ’ব।

💐💐💐💐💐 মণিকূট প্ৰকাশন💐💐💐💐💐

Leave a Reply

Your email address will not be published. Required fields are marked *