
এই কিতাপখন ফৰাচী বিপ্লৱ আৰু ইতিহাস সম্পৰ্কে কৰা কোনো মৌলিক গৱেষণালব্ধ ফল নহয়।
মানৱ-ইতিহাসৰ এই যুগান্তকাৰী সন্ধিক্ষণৰ বিষয়ে মোৰ নিজৰ পঢ়ি ভাল লাগিছিল ।
কিতাপ পত্ৰ গোটাই বিষয়টোৰ সম্পৰ্কে জানিবলৈ চেষ্টা
সেয়ে বিভিন্ন কৰিছিলোঁ।
লাহে লাহে নিজে পঢ়া কথাখিনি সজাই পৰাই লিখি উলিয়াবলৈ মন গ’ল, জনাবলৈ মন গ’ল-মানুহৰ শৌৰ্য্য, সাহস, বীৰত্ব, আত্মত্যাগ, দুখ-দুৰ্দশা আৰু উজ্জ্বল আদৰ্শৰে দীপ্ত ফৰাচী বিপ্লৱৰ আকৰ্ষণীয় আৰু মহান ইতিহাস ।
সেয়ে নানান কিতাপ-পত্ৰ পঢ়ি, জুকিয়াই, এই কিতাপখন লিখি উলিয়ালো।
বিজ্ঞ পাঠকসকলে সেয়ে লেখাত হয়তো বিভিন্ন ঐতিহাসিকৰ চকাচমকা প্ৰভাৱ দেখিবলৈ পাব ।
নিজস্ব মতামত আগবঢ়োৱা কঠিন যদিও পৰিস্থিতি আৰু ঘটনা বিশ্লেষণ কৰি নিজে বিশ্বাস কৰা বস্তুবাদী ঐতিহাসিক দৃষ্টিভঙ্গীৰ পৰা মাজে মাজে প্রয়োজনীয় ব্যাখ্যা দিবলৈ চেষ্টা কৰিছোঁ।
বিচাৰৰ ভাৰ বন্ধু-বান্ধৱ আৰু পাঠক সকলৰ ওপৰত।
কিতাপখন লিখি সম্পুৰ্ণ কৰাৰ ক্ষেত্ৰত সদায় উৎসাহিত আৰু সহায় কৰাৰ বাবে মোৰ বন্ধু ডাঃ চৈয়দ আহমেদ জাদিদ, ডাঃ বুধিন শইকীয়া, ডাঃ প্ৰণৱসাগৰ দিহিঙ্গিয়া, ডাঃ হিৰণ্য গোস্বামী আৰু অনেকলৈ মোৰ আন্তৰিক কৃতজ্ঞতা ৰ’ল ।
যুক্তৰাষ্ট্ৰৰ পৰা সমল আৰু কিতাপ আনি দিয়াৰ বাবে অধ্যাপক শিৱনন্দন তিৱাৰী, প্ৰকাশৰ বাবে উৎসাহ আৰু ব্যৱস্থা কৰি দিয়াৰ বাবে সুসাহিত্যিক অধ্যাপক ডঃ লক্ষ্মীনন্দন বৰালৈ মোৰ কৃতজ্ঞতা থাকিল।
কিতাপখনৰ প্ৰকাশৰ দায়িত্ব গ্রহণ কৰাৰ বাবে শ্রীভূমি পাবলিচিং কোম্পানীৰ শ্ৰীযুত অৰুণ পুৰকায়স্থৰ ওচৰত মই চিৰকৃতজ্ঞ ।
শেষত এই কিতাপখন দেউতা ড° মহেন্দ্রনাথ বৰা, মা শ্ৰীমতী অমিয়া বৰা আৰু মোৰ বন্ধু ডাঃ জয়ন্ত ৰংপিৰ হাতত তুলি দিলোঁ ।
ড: ধ্ৰুৱজ্যোতি বৰা
গুৱাহাটী
চেপ্টেম্বৰ ১৯৮১
