‘তোমাৰ প্ৰেমৰ কবিতাকেইটাৰ ভিতৰত কোনোটোহঁত কবিতাত ভাবৰ অনুভূতিৰ এটা সজীৱতা মাধুৰ্য আছে।

প্রেম মানুহৰ এটা চিৰন্তন চেতনা।

প্রেমেই মানুহৰ স্বপ্ন আৰু আশা।

মই প্রতিজন কবিকেই প্ৰেমিক বুলি ভাবোঁ আৰু ময়ো ভাবোঁ “The poet’s task is to rescue ‘love’ from destruction and carry it to the further shore.”

✍️নীলমণি ফুকন🌹

‘প্রথম পঢ়াতে কবিতাবোৰ ভাল লগাটো কিন্তু ডাঙৰ কথা।

মই প্ৰথম পঢ়িয়েই গগৈৰ কবিতাত ভাব-ভাষাৰ বেছ সোৱাদ পাইছোঁ।

শিহৰণ-অভিজ্ঞতা, ভাবনা- দুর্ভাবনাক ছন্দময় উত্তেজনা দিয়াৰ কাম কবিয়ে আত্মপ্রত্যয়েৰে, উৎসাহেৰে, কৌশলেৰে কৰিছে বুলি মোৰ বিশ্বাস।”

✍️ড° কবীন ফুকন🌹

‘এই নৈখননো কি… শিলৰ বয়স নৈখনে জানে।

নৈখনৰ জ্ঞান, ক্ষমতা আৰু প্রভাৱ আৰু উচ্চস্তৰৰ ।

শিল মৃত্যুৰ প্ৰতীক হ’লে নদী জীৱনৰ প্ৰতীক হৈ শিলক পৰাভূত কৰাৰ ক্ষমতা আয়ত্ত কৰিছে।

প্ৰেমৰ শক্তি প্ৰৱঞ্চনাৰ শক্তিতকৈ অধিক শক্তিশালী।

এজন প্রেমিক প্ৰতাৰিত হ’লেও প্ৰেমৰ মৃত্যু নহয় অথবা জীৱন- নদীৰ প্রবাহো বন্ধ নহয় ৷’

✍️আনন্দ বৰমুদৈ🌹

মৃণাল কুমাৰ গগৈৰ ‘প্ৰেমৰ কবিতাত কবিয়ে উপলব্ধিৰ গাঢ়তাৰে নতুন ৰসৰ সৃষ্টি কৰাৰ উপৰি ক’তো যেন বিচাৰি নোপোৱা সোৱাদৰ বতৰা দিবলৈও সক্ষম হৈছে।

কবিতাকেইটা প্ৰেমৰ পাতল অনুভৱ নহয়; ভাব আৰু ভাষাৰ সুষম ব্যৱহাৰেৰে কবিয়ে প্ৰেমৰ এক নান্দনিক ৰূপ দিবলৈ চেষ্টা কৰিছে ‘প্ৰেমৰ কবিতা’ৰ মাজেৰে ৷

✍️ইছমাইল হোছেইন🌹

Leave a Reply

Your email address will not be published. Required fields are marked *