💐💐গ্ৰন্থৰ নাম : ‘প্ৰিন্সিপিয়া প্ৰাকৃতিক দৰ্শনৰ গাণিতিক নীতি’💐💐

মূল : আইজাক নিউটন

💐অনুবাদ — ড° জয়ন্ত শৰ্মা, অধ্যাপক, তেজপুৰ
কেন্দ্ৰীয় বিশ্ববিদ্যালয়, তেজপুৰ ।💐

সম্পাদনা : বসন্ত ডেকা। প্ৰাক্তন সহযোগী
অধ্যাপক, সন্দিকৈ কলেজ, গুৱাহাটী।

ছাৰ আইজাক নিউটন সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ বিজ্ঞানী সকলৰ মাজৰ এজন। তেখেতৰ এখন বিখ্যাত গ্ৰন্থ, ” প্ৰিন্সিপিয়া, প্ৰাকৃতিক দৰ্শনৰ গাণিতিক নীতি” হ’ল সৰ্বকালৰ এখনি সৰ্বশ্ৰেষ্ঠ যুগান্তকাৰী ৰচনা। প্ৰিন্সিপিয়াৰ প্ৰকাশ সমগ্ৰ বিশ্বৰে বিদ্বত সমাজৰ বাবে এক যুগান্তকাৰী পৰিঘটনা। এই গ্ৰন্থই বিশ্বৰ প্ৰাকৃতিক দৰ্শনৰ অধ্যয়নৰ সুঁতিকেই যে কেৱল সলনি কৰি দিলে এনে নহয়, ই নিউটনৰ জীৱনৰ গতিকো সলাই পেলালে আৰু তেখেত এগৰাকী অতি প্ৰখ্যাত ব্যক্তিত পৰিণত হ’ল। এই গ্ৰন্থখন প্ৰকাশৰ আগতেই সমগ্ৰ ইংলেণ্ডতে বিখ্যাত হৈ পৰিছিল। ১৬৮৭ চনৰ প্ৰথম প্ৰকাশিত এই গ্ৰন্থখন বিভিন্ন সংস্কৰণ তথা বিভিন্ন ইউৰোপৰ ভাষালৈ অনুদিত হোৱাৰ পাছত ১৭২৯ চনত এন্দ্ৰু ম’টে ইয়াক লেটিনৰ পৰা ইংৰাজীলৈ অনুবাদ কৰে আৰু তেতিয়াৰ পৰাই সমগ্ৰ বিশ্বৰ বিদ্বত মহলে এই গ্ৰন্থখন পঢ়াৰ সুযোগ পায়। ইয়াৰ পাছতেই সমগ্ৰ পৃথিৱীৰ বিভিন্ন ভাষাৰ লোকৰ মাজত প্ৰিন্সিপিয়াই সমাদৰ লভিবলৈ আৰম্ভ কৰে যদিও ভাৰতীয় আধুনিক ভাষা সমূহৰ মাজত ইয়াৰ অনুবাদ এতিয়ালৈ হোৱা বুলি জনা নাযায়। তেনে ক্ষেত্ৰত এই বিশ্ববিখ্যাত কিতাপখনৰ অসমীয়া অনুবাদ কৰি অনুবাদক, তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপক জয়ন্ত কুমাৰ শৰ্মাই এক অসাধ্য সাধন কৰা বুলিয়েই ক’ব পাৰি। ১৬৮৭ চনৰ জুলাই মাহত প্ৰথম প্ৰকাশ হোৱা আইজাক নিউটনৰ মূল কিতাপৰ অসমীয়ালৈ অনুদিত হ’ব বুলি কল্পনাই কৰিব নোৱাৰা এই কষ্টকৰ কামকেই কৰি দেখুৱালে অনুবাদক, প্ৰকাশক আৰু সম্পাদকৰ যৌথ প্ৰচেষ্টাই য’ত অনুবাদকৰ সময় লাগিল ৭ বছৰ আৰু সম্পাদকৰ সময় লাগিল ৫ বছৰ। ১২ বছৰীয়া কষ্টৰ ফচল , প্ৰায় পাঁচ শ পৃষ্ঠাৰ এই আতকধুনীয়া গ্ৰন্থখন এনে সুন্দৰ ৰূপত পাই আমি অতিশয় আনন্দিত হৈছো। অসমীয়া গ্ৰন্থ জগতত নিঃসন্দেহে এই কিতাপক এক অতিশয় মূল্যৱান সংযোজন বুলি ক’ব পাৰো।

কিতাপখনৰ মুখ্যাংশ তিনিটা খণ্ডত বিভক্ত কৰি প্ৰতিটো খণ্ডত বিষয়বস্তুৰ বৰ্ণনা কৰা হৈছে এনেদৰে – প্ৰথম খণ্ড বস্তুৰ গতিবিষয়ক সংজ্ঞা, স্বীকাৰ্য্য অথবা গতিৰ নিয়ম আদি। কিতাপৰ প্ৰায় দুশ পৃষ্ঠা ইয়াৰ বাবে ব্যৱহাৰ হৈছে। দ্বিতীয় খণ্ড ব্যৱহাৰ হৈছে প্ৰতিৰোধী মাধ্যমত বস্তুৰ গতিৰ ওপৰত। প্ৰায় ১৩০ পৃষ্ঠা জুৰি প্ৰতিৰোধী মাধ্যমত বিভিন্ন বস্তুৰ গতিৰ ওপৰত আলোচনা কৰা হৈছে। তৃতীয় খণ্ড উৎসৰ্গিত হৈছে প্ৰকৃততে বিশ্ব অৰ্থাৎ প্ৰাকৃতিক দৰ্শনৰ গাণিতিক নীতিৰ ব্যাখ্যাৰ মাজত। প্ৰায় ১৩০ পৃষ্ঠা জুৰি এই বিষয়ে বিশদভাবে আলোচনা কৰা হৈছে এই খণ্ডত।

এনেদৰে এই মূল তিনিটা খণ্ডৰ ওপৰঞ্চিকৈ কিতাপখনৰ পাতনিতে কেইটামান অতি মূল্যৱান পৃষ্ঠা সংযোগ কৰা হৈছে যিকেইটা মোৰ মতে সমগ্ৰ কিতাপখনৰেই মূল্যমান সাংঘাতিক ভাবে বঢ়াই তুলিছে। ইয়াৰ ভিতৰত উল্লেখযোগ্য বুলি ভবা কিছু হ’ল – ছাৰ আইজাক নিউটনৰ ৪৬ বছৰ বয়সৰ এখন চিত্ৰ, নিউটনৰ সংক্ষিপ্ত জীৱনপঞ্জী, প্ৰিন্সিপিয়াৰ প্ৰথম সংস্কৰণকে ধৰি বিভিন্ন সংস্কৰণৰ শিৰোনাম পৃষ্ঠা, নিউটনৰ নিজৰ হাতৰ আখৰৰ এখন চিঠি, আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি ভবা এডমাণ্ড হেলীৰ নিউটন প্ৰশস্তি ” নিউটন গাথা” যিটো অসমীয়ালৈ অনুবাদ কৰি দিছে গুৱাহাটীৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য্য ড° অমৰজ্যোতি চৌধুৰীয়ে। ইয়াৰ উপৰিও ১৬৮৬ চনৰ ৮ মেত নিউটনে লেখা প্ৰিন্সিপিয়াৰ প্ৰথম সংস্কৰণৰ পাতনিকে ধৰি আন কেইটামান সংস্কৰণৰ বিভিন্ন পাতনিসমূহ। মুঠতে, কিতাপখনৰ আৰম্ভণিতে থকা এইখিনি পৃষ্ঠা পঢ়িলেই পঢ়ুৱৈৰ মন ভৰি যোৱাকৈ অনুবাদক, সম্পাদক আৰু প্ৰকাশকে অশেষ যত্ন কৰি এইখিনি কিতাপখনৰ লগত সংযোজন কৰিছে আৰু তাৰেই ফলশ্ৰুতিত প্ৰিন্সিপিয়াৰ দৰে এখন অমূল্য গ্ৰন্থৰ আতকধুনীয়া অসমীয়া অনুবাদ পঢ়ুৱৈৰ হাতত আহি পৰিল।

সমগ্ৰ গ্ৰন্থ খনৰ ভিতৰত প্ৰতিটো পৃষ্ঠাৰ মাজত পঢ়ুৱৈয়ে কি বিচাৰি পাব, সেয়া পঢ়ুৱৈৰ বাবে এৰি থৈ এটা কথাই এই মুহূৰ্তত মনলৈ আহিছে – এইখন এনে এখন মহৎ গ্ৰন্থ যিখন প্ৰতিজন বিজ্ঞানমনস্ক ব্যক্তিৰ ঘৰতেই এখনকৈ ৰাখি , মন গ’লেই কিছু অংশ পঢ়িলে নিশ্চয়কৈ মানসিক প্ৰশান্তি লাভ কৰিব। এই উপলব্ধিখিনিৰেই প্ৰতিধ্বনি শুনা গৈছিল যোৱা ১৩ মাৰ্চত গুৱাহাটীৰ শ্বহীদ ন্যাসত কিতাপখনৰ উদ্বোধনী অনুষ্ঠানত। প্ৰিন্সিপিয়াৰ উদ্বোধক, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক বাৰীন্দ্ৰ শৰ্মাদেৱে সেইদিনা অসমবাসীৰ বাবে জনোৱা আহ্বানত উল্লেখ কৰে – “প্ৰাকৃতিক দৰ্শনৰ গাণিতিক নীতি, প্ৰিন্সিপিয়াখন আচলতে প্ৰতিখন ঘৰতেই থাকিব লাগে, অকল আজি পঢ়াৰ বাবেই নহয় ভৱিষ্যতৰ বাবেও মন গলেই পঢ়িব পৰাকৈ, বুজিব পৰাকৈ এই গ্ৰন্থখন সংগ্ৰহ কৰিব লাগে”।

ভাৰতৰ অন্যান্য আঞ্চলিক ভাষাত অনুদিত ৰূপত উপলব্ধ নোহোৱা প্ৰিন্সিপিয়াৰ অসমীয়া অনুবাদ কৰি জয়ন্ত শৰ্মাদেৱে সঁচাকৈয়ে এটা অতি উল্লেখযোগ্য আৰু মহৎ কাম সম্পন্ন কৰিলে। কিতাপখন সম্পাদনা কৰিছে সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ প্ৰাক্তন সহকাৰী অধ্যাপক বসন্ত ডেকাই। নিজৰ দায়িত্ব ডেকাদেৱে অতি নিয়াৰিকৈ আৰু সুশৃংখল ভাবে সম্পন্ন কৰিছে। সম্পাদকৰ টোকাৰ লেখাৰ সৰলতাই সকলোকেই মুগ্ধ কৰিব। কিতাপখন প্ৰকাশ কৰি উলিয়াইছে গুৱাহাটীৰ লেম্বৰোডৰ অৰ্কিড প্ৰকাশনৰ হৈ সৌৰভ কুমাৰ ডেকাই। আকৰ্ষণীয় বেটুপাতসহ কিতাপখন বৰ সুন্দৰকৈ ছপা কৰি উলিয়াইছে। অঙ্গসজ্জা মনোমোহা।

কিতাপখনৰ বিষয়ে থোৰতে :

প্ৰিন্সিপিয়া প্ৰাকৃতিক দৰ্শনৰ গাণিতিক নীতি
মূল লেখক : ছাৰ আইজাক নিউটন
অসমীয়া অনুবাদ : ড° জয়ন্ত কুমাৰ শৰ্মা
প্ৰকাশক — অৰ্কিড প্ৰকাশন, গুৱাহাটী।
মূল্য —- ১৪০০ টকা,
পৃষ্ঠা সংখ্যা — ৪৫৯

💐💐💐💐মৃণাল কুমাৰ মিশ্ৰ💐💐💐💐💐

Leave a Reply

Your email address will not be published. Required fields are marked *