💐💐💐প্ৰাচীন ভাৰতৰ ভৰদ্বাজসকল💐💐💐

বহু শতিকা প্ৰাচীন ভাৰতীয় সংস্কৃতি গঢ় দিয়াত ভৰদ্বাজসকলৰ অবিস্মৰণীয় অৱদান আছিল৷

বিশিষ্ট সংস্কৃত পণ্ডিত, অধ্যাপক ড॰ থানেশ্বৰ শৰ্মাই সিদ্ধপুৰুষসকলৰ পাৰিবাৰিক ইতিহাস উদ্ধাৰ কৰি বেদৰ অনুপুংখ বিচাৰ, ধৰ্মীয় পাঠ, আইন পাঠ আনকি নিবন্ধ তথা শিক্ষা আদিৰ আদ্যোপান্ত অধ্যয়নেৰে ‘প্ৰাচীন ভাৰতৰ ভৰদ্বাজসকল’ নামৰ গুৰুত্বপূৰ্ণ গ্ৰন্থখন প্ৰণয়ন কৰিছে৷

প্ৰাচীন ভাৰতীয় আখ্যান, সংস্কাৰ তদুপৰি প্ৰাচীন আইন আৰু ইতিহাস আদিৰ ক্ষেত্ৰত ভৰদ্বাজসকলৰ অৱদানৰ বিষয়ে এই গ্ৰন্থখনত বিশদ আলোচনা কৰা হৈছে৷

৫০০ টকা মূল্যৰ এই ব্যতিক্ৰমী গ্ৰন্থখন অসম প্ৰকাশন পৰিষদে ইতিমধ্যে বজাৰত মুকলি কৰি দিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *