পিতৃ আৰু মাতৃৰ আশীৰ্বাদত এই শুৱনী ধৰাত আবিৰ্ভাৱৰ সৌভাগ্য হৈছিল ১৯৫৮ চনৰ ৫ ডিচেম্বৰত।

জ্ঞান চক্ষু মুকলি কৰাৰ পাতনি মেলিছিলো তিনি বছৰ বয়সতে ডিব্ৰুগড়ৰ জ্ঞানদায়িনী মন্দিৰত। পৰৱৰ্তি সময়ত উত্তৰ লখিমপুৰ, শিৱসাগৰ চৰকাৰী বালক বিদ্যালয়, যোৰহাট চৰকাৰী বালক বিদ্যালয়ৰ পৰা স্কুলিয়া শিক্ষা শেষ কৰি জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা বাণিজ্য স্নাতক হ’লো।

বাল্য কালৰ পৰা সংগীতৰ অনুৰাগী হোৱাৰ বাবে বিভিন্ন প্ৰতিযোগীতাত অংশ গ্ৰহণ কৰি শেষত ডিব্ৰুগড় বিশ্ববিদ্যালয় আন্ত কলেজ প্ৰতিযোগীতালৈকে অংশ গ্ৰহণ কৰাৰ সৌভাগ্য হৈছিল। অসম আন্দোলনৰ বাবে আইন পঢ়া সম্পূৰ্ণ নকৰাকৈ নিজৰ ওপৰত থিয় দিয়াৰ প্ৰয়াস আৰম্ভ কৰা হ’ল। সামাজিক জীৱনত সদৌ অসম ছাত্ৰ সন্থাৰ সক্ৰীয় সদস্য, জগন্নাথ বৰুৱা মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ উপসভাপতি, জগন্নাথ বৰুৱা মহাবিদ্যালয় বাণিজ্য ছাত্ৰ ফৰামৰ সাধাৰণ সম্পাদক, ডিব্ৰুগড় বিশ্ববিদ্যালয় বাণিজ্য ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক, ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ বিভিন্ন দায়িত্বত, এপল ভিষয়া সন্থাৰ সম্পাদক আৰু সভাপতি আদিৰ কাম কৰাৰ পিছত বিদ্যাভাৰতীৰ অন্তৰ্গত শংকৰদেৱ বিদ্যাা নিকেতনৰ সম্পাদক, উপ-সভাপতি, সভাপতি, কোষাধক্ষ্য আদি পদত প্ৰায় ২০ বছৰ অতিক্ৰম কৰিলে। সংগীত আধৰুৱা হ’ল যদিও চেগা চোৰাকাকৈ চলি থাকিল। আছোঁ।

নিজৰ বিষয়ে লিখাৰ অভ্যাস হোৱা নাছিল । কাৰণ নিজৰ ভিতৰত ক’ব পৰা তেনে গুণ আহৰণ কৰাৰ সুযোগেই নহ’ল যি অল্প বিদ্যাতে বাৰ্দ্ধক্য পোৱালেগৈ।


সাহিত্যৰ প্ৰতি অত্যন্ত ৰাপ আছিল যদিও বিশেষকৈ বাতৰি কাকতত প্ৰবন্ধ লিখাৰ আগ্ৰহ বেছি হোৱাৰ বাবে বিভিন্ন সামাজিক, ৰাজনৈতিক, শৈক্ষিক, অৰ্থনৈতিক বিষয়ত ১৯৮৪ চনৰ পৰাই লিখা আৰম্ভ কৰি এতিয়ালৈকে চলাই আছোঁ। ২০২২ চনত মোৰ প্ৰথম সংকলন নিৰ্মোহ নিৰপেক্ষ পুথি উন্মোচন কৰা হয় আৰু নাম কৰণৰ অদিকাৰ দিছিলো বিশিষ্ট সাংবাদিক, সাহিত্যিক হেমন্ত কুমাৰ ভৰালী ডাঙৰীয়াক। তাৰ পিছত আৰু দুখন পুথি যুগুটোৱা অৱস্থাত আছে ।

এখন প্ৰবন্ধ সংকলন আৰু আনখন ভেষজ সম্পৰ্কীয়। সামাজিক মাধ্যমত সংপৃক্ততা বহু পুৰণি আৰু সুহৃদ পাঠক সকলৰ স্নেহৰ আশীষ শিৰত লৈ বিভিন্ন বিষয়ৰ ওপৰত লিখি থাকোঁ। তাত পঢ়ুৱৈৰ সংখ্যা যথেষ্ট হোৱাত আগ্ৰহ বৃদ্ধি হৈছে। প্ৰতিটো বিষয়তে সমাজৰ বাবে কিবা এটা বাৰ্তা দিয়াৰ প্ৰয়াস লৈ লিখাৰ চেষ্টাত অসংখ্য পঢ়ুৱৈয়ে দিয়া সহাৰি আৰু সমৰ্থন মোৰ এই কাম অব্যাহত ৰখাৰ বাবে পৰম উৎসাহ। গ্ৰন্থ সুবাসো সেই সকলৰ ওচৰলৈ মোক হাত ধৰি লৈ যোৱাৰ বাবে কৃতজ্ঞতাৰ পাত্ৰ।

মোৰ সান্নিধ্যত থকা অনেকজনৰে লিখা পঢ়ো আৰু তেওঁলোকক উৎসাহ দিয়াৰ লগতে এটা কথা শিকাবৰ প্ৰয়াস কৰোঁ যে প্ৰতিটো লেখাত ৰস, ভাষাৰ লালিত্য, সমাজলৈ বাৰ্তা , প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব লগা বিষয়ৰো সুৱলা ভাষাৰ প্ৰয়োগ নিশ্চিত কৰিলে আমাৰ ভাষাটোৰ প্ৰতি মানুহ শ্ৰদ্ধাশীল হ’ব আৰু আপোনাৰ লিখা পঢ়াৰ বাবে আগ্ৰহ বাঢ়িব। সন্তান সকলক সংস্কাৰ দিয়াৰ ক্ষেত্ৰতো এই অভ্যাসে সহায় কৰিব পাৰে।

সদায় ডাঙৰ বিষয়ৰ সৰু সৰু কথাবোৰ লক্ষ্য ৰাখি উপস্থাপন কৰিলে মানুহ উপকৃত হয় আৰু সমাজৰ যি সকলে সেয়া পঢ়ে সেই সকলৰ আগ্ৰহ বৃদ্ধি হয়। এই সামান্য ধাৰণাৰেই কলম চলাই থকাৰ মাজতে বিভিন্ন ঠাইৰ দুই চাৰিজন অৰ্থনৈতিকভাবে দূৰ্বল মেধা ছাত্ৰ-ছাত্ৰীক খুটি খাব পৰা কৰাটো এটা হাবিয়াস আছিল বাবে জন্মগুৰুৰ আশীৰ্বাদত পাৰিলো যদি অকণমান কৰিলোঁ। তেওঁলোকৰ উত্তৰণ দেখি এতিয়া মনে মনে গৌৰৱ কৰোঁ যদিও কাৰো ওচৰত প্ৰকাশ কৰি তেওঁলোকক আঘাট দিয়া নাই ।

সাহিত্য জীৱনৰ সাফল্য একোৱেই নাই যদিও আপোনাসকলৰ অনুৰোধ উপেক্ষা কৰিব নোৱাৰি প্ৰথম বাৰলৈ এই লেখা প্ৰস্তুত কৰি পঠালোঁ।

Leave a Reply

Your email address will not be published. Required fields are marked *