
💐”ষ্টেছনৰ প্লেটফৰ্মত থকা মানুহবোৰক বাহিৰৰ ভাল মানুহবোৰে মৰমৰ চকুৰে নাচায়।💐💐
বেয়া মানুহ বুলি ভাবে। সংসাৰত যেন তেওঁলোকেই ভাল। মই দেখা প্লেটফৰ্মৰ মানুহবোৰ দেখোন বহুত ভাল। মনবোৰ মুকলি, বিশাল। কিন্তু প্লেটফৰ্মলৈ অহা ভাল মানুহবোৰ দেখোন মোৰ পছন্দ নহয়। তেওঁলোকহে বেয়া। আমাকতো বেয়া ব্যৱহাৰ কৰেই, তদুপৰি বেয়া ধান্দাতো আহে।
কিছুমানে নিচা খাবলৈ আহে। চোৰাং বস্তু কিনিবলৈ আহে।… “💐
💐সাহিত্য অকাডেমিৰ শিশু সাহিত্য বঁটা প্ৰাপক যুগললোচন দাসৰ “প্লেটফৰ্মৰ মুকুতা” এখনি হৃদয়স্পৰ্শী শিশু উপন্যাস; য’ত বৰ্ণিত হৈছে এটি অঘৰী কিশোৰৰ বৈচিত্ৰ্যময় জীৱনৰ ৰোমাঞ্চকৰ কাহিনী।💐
আৰম্ভণিতে ঔপন্যাসিকে কৈছে কৈছে—
“… প্লেটফৰ্মেই সিহঁতৰ ঘৰ আৰু কৰ্মস্থলী। তাৰ বাহিৰে যে বাহিৰত এখন বেলেগ পৃথিৱী আছে, তাৰ উমান নাপায় সিহঁতে।… সিহঁতৰ এই কঠিন বৈচিত্ৰ্যপূৰ্ণ জীৱনৰ সংগ্ৰামবোৰ বিস্ময়কৰ। “
ৰে’ল ষ্টেছনৰ প্লেটফৰ্মত থকা গৃহহীন, অনাথ শিশুহঁতৰ জীৱন-সংগ্ৰামৰ কাহিনীৰ সমান্তৰালভাৱে উপন্যাসখনত জীৱন্ত ৰূপত চিত্ৰণ ঘটোৱা হৈছে প্লেটফৰ্মৰ অন্ধকাৰ জগতখনৰ ছবি। তাৰ মাজতে মুকুতাহঁতৰ দৰে দুৰ্ভগীয়া ল’ৰা -ছোৱালীবোৰে পোহৰৰ সপোন দেখে!
শিশু-মনৰ আশা-আকাংক্ষা আৰু হেঁপাহক লেখকে আলফুলে ফুটাই তুলিছে। সিহঁতৰ কল্পনাবিলাসী কোমল মনোজগতখনৰ অলেখ চিন্তা-ভাবনা লেখকৰ কলমেৰে প্ৰাণ পাই উঠিছে। ফুলকুমলীয়া শিশুহঁতৰ কৰুণ কাহিনীৰ মাধ্যমেৰে সুখ আৰু আশাৰ সঞ্চাৰ কৰিছে। মুকুতাহঁতৰ দুঃখ-দুৰ্দশাপূৰ্ণ জীৱনৰ মাজতো সপোনবোৰ এদিন দিঠকত পৰিণত হৈছে—
“… সিহঁতে দেখা সপোনবোৰ সপোনতেই শেষ হ’ব বুলি ইমানদিনে কৰি অহা ধাৰণাটো আজি সম্পূৰ্ণ সলনি হৈ গ’ল। সিহঁতে দেখা সপোনো সঁচা হৈ ধৰা দিব পাৰে। সিহঁতকো মৰম কৰা, ভালপোৱা মানুহ আছে। প্লেটফৰ্মৰ অঘৰী বুলি সিহঁত অৱহেলিত নহয়। কথাবোৰ ভাবি সি জোৰেৰে কান্দি পেলালে। “
প্লেটফৰ্মৰ মুকুতা
যুগললোচন দাস
পূৰ্বায়ণ প্ৰকাশন
দাম ১৬০ টকা
