
❤️❤️❤️❤️❤️পানীৰ আত্মকথা❤️❤️❤️❤️❤️
মৌচুমী হাতীবৰুৱা অসমীয়া কাব্যজগতৰ এটি চিনাকি নাম।
প্রান্তিক, সাতসৰী, শ্রীময়ী, আমাৰ অসম, সম্ভাৰ, নিয়মীয়া বাৰ্তা,পূৰ্বাচল,আজিৰ দৈনিক বাতৰি, অগ্ৰদূত আদি অসমৰ আগশাৰীৰ কাকত আলোচনীত কাব্য চৰ্চা কৰি কবিগৰাকীয়ে পাঠকৰ সমাদৰ লাভ কৰাৰ লগতে সমালোচক সকলৰো দৃষ্টি আকৰ্ষণ কৰিছে।
২০১৯ চনত লখিমপুৰ জিলা লেখিকা সমাৰোহ সমিতিয়ে সদৌ অসম ভিত্তিত আয়োজন কৰা কবিতা প্রতিযোগিতাত প্ৰথম স্থান লাভ কৰি স্বৰ্গীয়া সুপ্রভা মেধি স্মাৰক বঁটা’ লাভ কৰিবলৈ সক্ষম হয়।
২০২০ চনত ‘সাহিত্যৰ অন্বেষণ, অসম এ সদৌ অসম ভিত্তিত আয়োজন কৰা ‘কাব্যশ্ৰী বৰুৱা সোঁৱৰণি বঁটা’ কবিতা প্রতিযোগিতাত দ্বিতীয় শ্ৰেষ্ঠ প্ৰতিযোগীৰ সন্মান লাভ কৰে।
১৯৭৪ চনত জন্ম গ্ৰহণ কৰা মৌচুমী হাতীবৰুৱা পেচাত এগৰাকী শিক্ষয়িত্রী।
২০১০ চনত প্ৰকাশিত তেখেতৰ ‘গাঁৱলীয়া ছোৱালীবোৰ ভেঁটফুলৰ দৰে’ নামৰ প্রথমখনি কাব্য সংকলনে পঢ়ুৱৈ সমাজৰ পৰা প্ৰভূত জনপ্রিয়তা লাভ কৰে।
‘পানীৰ আত্মকথা’ তেখেতৰ দ্বিতীয় সংকলন।
পাঠক সমাজে পূৰ্বৰ গ্ৰন্থখনিৰ দৰেই এইখনি গ্ৰন্থকো মৰমেৰে আকোৱালি লৈছে।

