💐💐💐💐💐”পাতাল গংগা”💐💐💐💐💐

লেখিকা : মুনমী হাজৰিকা

‘পাতাল গংগা’ গল্প সংকলনৰ প্ৰথমৰ পাঁচটা গল্প পঢ়িলোঁ আজি৷ প্ৰতিটো গল্পই অনন্য, একক, ভিন্ন! সোৱাদৰ দিশৰ পৰা অতুলনীয়৷ উপস্থাপন, কাৰিকৰী বা কলা-কৌশলৰ দিশেৰে সবিশেষ ক’বলৈ নাযাওঁ কিয়নো মোক আজি মুহি ৰাখিছে গল্পকেইটিত অংকিত আৱেগে৷

সিহঁতৰ কাহিনীয়ে, জীৱনবীক্ষাই, দুখবোধে মোক কোনোবাখিনিত নিজৰেই যেন চিনাকি দিছে৷ মই ভাবো প্ৰতিজন পাঠকেই গল্পকেইটিত ক’ৰবাত নহয় ক’ৰবাত নিজক বিচাৰি পাব৷ একাকী, অস্থিৰ মনটোৰ কাহানিও কাকো ক’ব নোৱাৰা কথকতা সাৰ পাই উঠিব৷

এখন্তেক বহিব খুজিব নিজানত নিৰলে নিজৰ সৈতে অকলে ৰাজমাও পুখুৰীৰ পাৰ বন্ধোৱা ষ্টেপত বা সুদূৰ জয়পুৰৰ আমেৰ ফ’ৰ্টত নতুবা সৌ নাতিদূৰৰ চিনাকি হাওৰাঘাটৰ ৰবীন্দ্ৰ সেঁতুৰ ওপৰত বা গংগাৰ পবিত্ৰ পানীত দুলি থকা হাত-নাওবোৰৰ আৰ্দ্ৰ বুকুত৷

পাতাল গংগাত মুঠ ষোল্লটা গল্প সন্নিৱিষ্ট হৈছে৷ ভাল লগা কিতাপ পঢ়িলে মোৰ মনত সদায় এটা ভয়ে ঘৰ কৰে৷ অবুজনৰ দৰে কিতাপখন পঢ়ি শেষ হৈ যোৱাৰ ভয়৷ ভাল লগা কিতাপ পঢ়িলে মোৰ কিতাপখনৰ পৰা ওলাই আহিব নোৱাৰা অৱস্থা হয়৷ শেষ হৈ যোৱাৰ ভয়তে পাতাল গংগাৰ পাঁচোটাকৈ গল্প পঢ়ি উঠি গাৰুৰ তলত সামৰি থৈছো৷

ইমান সোনকালে মই কিতাপখনৰ পৰা মুকলি হ’ব খোজা নাই৷ বাকী থকা গল্পকেইটা পঢ়ি উঠি ভালকৈ লিখিম অনুভৱৰ কথা৷ মোৰ মুনমী বাজনী অনন্য প্ৰতিভাৰ অধিকাৰী৷ প্ৰচুৰ সম্ভাৱনাৰে পৰিপূৰ্ণা৷ কিন্তু বাজনী ইমান বেছি প্ৰচাৰবিমুখ যে বাৰ লেখাৰ সোৱাদৰ পৰা বহু পঢ়ুৱৈ এতিয়াও বহু আঁতৰত৷

ভাল লেখাৰ প্ৰচাৰ হোৱাটো খুবেই দৰকাৰ৷ বাৰ গল্পলেখন, উপন্যাস সৃষ্টিৰ প্ৰতি মই সাংঘাতিক আশাবাদী৷ আপোনাৰ কলম যেন কাহানিও থমকি নৰয়৷ সাহিত্যৰ ক্ষেত্ৰখনত আৰু আগুৱাই যাওক বা৷ মোৰ ফালৰ পৰা অলেখ শুভকামনা৷

কি নাই ইতিমধ্যে পঢ়ি উঠা গল্পকেইটিত! সংকলনৰ শিৰোনামেৰে সৃষ্ট “পাতাল গংগা”ৰ ছায়াৰ মাজৰ ৰাধাজনী আজিও জী আছে হাজাৰজনী ছায়াৰ মাজত৷ যাৰ দুচকুৱে অনেক নিলীয়নক হেৰুৱাই বিচাৰি ফুৰে জনসমূদ্ৰত অকলসৰে, অধীৰে৷

“অভিজ্ঞান”ত অমৰে উচ্চাকাংক্ষাৰ জখলাৰে বগুৱা বাই দখল কৰা ভুৱা চাকচিক্যৰ বিলাসবহুল জীৱনৰ পৰা ঠেকা খাই বিচাৰি পাইছে হেৰাই যোৱা আত্মাৰ উপলব্ধি৷ উত্তৰণ, আত্মাৰ বাবে আত্মাৰ উত্তৰণ৷ যদিওবা বাস্তৱ কঠোৰ, অসহজ তথাপি আত্মাৰ উত্তৰণ বা জ্ঞান প্ৰাপ্তিও জানো কম কথা!

‘ৰৌদ্ৰস্নান’ৰ সুবাসনাক মই সিদিনাহে যেন দেখি আহিলো চানমাৰী অভাৰব্ৰীজৰ ৰেলিঙত বহি অকলে, সাহসেৰে গুণগুণাই গাই আছিল জীয়া গীতৰ কলি!

‘সদানন্দ বৰুৱাৰ খং’ কাহানিও অমূলক নাছিল৷ জীৱনে মানুহবিশেষক লৈ কেতিয়াবা বৰ কঠোৰ হাতেৰে লিখে চিত্ৰনাট্য, সংলাপ আৰু ঘটনা পৰিক্ৰমা৷ নিজৰ উপায়হীনতাত নিজক কষ্ট দিয়াৰ অদ্ভুত তাড়না৷ কিছুমান জীৱন নাট কঠিন শিলৰ চেপাত ঢাকি থোৱা থাকে৷ বৰ কষ্টেৰে ল’ব লগা হয় জীয়ন উশাহ৷

আৰু ‘অন্য এক মৰিয়ম’! সঁচাকৈ আমেৰৰ ৰাজকুঁৱৰী যোধাবাঈৰ দৰেই আপোন ঘৰৰ চোতালত চঞ্চল ফৰিঙৰ দৰে জঁপিয়াই খিলখিলাই হাঁহি থকা কতজনী ছোৱালী যে অন্য এক মৰিয়ম! কিমানজনী মৰিয়মে যে দুচকুৰ সিপাৰে বিষাদ লুকুৱাই হাঁহি হাঁহি পিন্ধি লয় ৰাজসম্ৰাজ্ঞী মৰিয়মৰ এসাজ৷ আনৰ বাবে নিজৰ মনৰ বৰখোটালিত নিজক তলা বন্ধ কৰি চাবিপাট দলিয়াই দিয়ে মানসৰোবৰৰ জলৰাশিত!

মুঠতে “পাতাল গংগা” এখনি সুখপাঠ্য সংকলন৷ পঠনীয়৷ ধন্যবাদ৷

💐💐💐💐💐 লেখিকা বৰ্ণালী দত্তৰ লেখা গ্ৰন্থ সুবাসত প্ৰচাৰ কৰা হৈছে।💐💐💐💐💐💐

Leave a Reply

Your email address will not be published. Required fields are marked *