
লেখকৰ জন্ম ১৯৭২, বৰপেটাত।
বৰপেটা বিদ্যাপীঠৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ তেওঁ এম চি কলেজৰ পৰা স্নাতক সন্মান লাভ কৰে।
১৯৯৪ চনত ‘প্রান্তিক’ত প্ৰথম গল্প প্ৰকাশ পোৱা দাসৰ বৰ্তমানলৈ প্ৰকাশিত গল্পৰ সংখ্যা প্রায় ত্ৰিছটা।
দাস সম্প্ৰতি অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সহকাৰী গাণনিক বিষয়া হিচাপে কৰ্মৰত।
‘পখিলা বাসনা আৰু অন্যান্য গল্প’ তেওঁৰ প্ৰথম গল্প প্ৰকাশৰ ২৫ বছৰ পাছত প্ৰকাশিত প্রথমখন গল্পগ্রন্থ।
সমাজ-ৰাজনৈতিক বিষয়সমূহৰ ক্ষেত্ৰত থকা সচেতনতা আৰু গভীৰ উপলব্ধিয়ে অসমীয়া গল্প সাহিত্যৰ জগতখনত পাৰ্থ বিজয় দাসৰ বাবে এক নিজস্ব পৰিচিতি প্রতিষ্ঠা কৰিছে।
তেওঁৰ অৰ্থঘন, নির্মেদ, বুদ্ধিদীপ্ত নিজস্ব গল্পভাষা আৰু কথনশৈলীয়ে পঢ়ুৱৈক লৈ যাবলৈ সক্ষম হয় এখন অন্য আৰু অনন্য গল্পজগতলৈ।
পার্থ বিজয় দাস 🌹❤️❤️🌹
🌹❤️❤️🌹পখিলা বাসনা আৰু অন্যান্য গল্প🌹❤️❤️

