
💐সাম্প্ৰতিক অসমীয়া সাহিত্যৰ তৰুণ প্ৰজন্মৰ এগৰাকী শক্তিশালী লেখিকা হিচাপে পাঠক সমাজত নিজৰ নামেৰে স্বকীয় পৰিচয় দাঙি ধৰিবলৈ সক্ষম হোৱা এটা নাম -মৌচুমী ঘোৰাঁচোৱা৷💐
ছাত্ৰাৱস্থাৰে পৰা বিভিন্ন বিষয়ৰ ওপৰত বিভিন্ন কাকত,আলোচনীত প্ৰবন্ধ লিখি সেই সময়তে নিৱন্ধকাৰ হিচাপে পৰিচয় গঢ়িবলৈ সক্ষম হোৱা মৌচুমী ঘোৰাঁচোৱাই অলপতে ‘সাগৰিকা বৰুৱা’ নামত উপন্যাস লিখি পাঠকৰ বিপুল সমাদৰ ও জনপ্ৰিয়তা অৰ্জন কৰে৷
💐মৌচুমী ঘোৰাঁচোৱাৰ সদ্যপ্ৰকাশিত উপন্যাস ‘ন্যানছিঙৰ চকুলো’ ৷💐
এই উপন্যাসখনি ‘সন্ত্ৰাসবাদীৰ প্ৰেমিকা হোৱাৰ যন্ত্ৰণা’ নামেৰে ‘গ্ৰন্থ সুবাস’ গ্ৰুপত প্ৰকাশ হৈছিল৷
এই ‘ন্যানছিঙৰ চকুলো’ত আছে এগৰাকী গাৱঁৰ সহজ সৰল গাভৰুৰ জীৱনৰ কৰুণ বেথা৷ উগ্ৰপন্থীৰ প্ৰেমিকাৰূপে গাভৰুগৰাকীয়ে জীৱনত সন্মুখীন হোৱা ৰূঢ় বাস্তৱৰ লগতে সেই সময়ৰ অসমৰ সমাজ জীৱনৰ সন্ত্ৰাস জৰ্জড়িত সময়খিনিৰ বাস্তৱ চিত্ৰণে পাঠকক অন্য এক স্বাদ দিব সেয়া নিশ্চিত৷
কাৰণ ‘ন্যানছিঙৰ চকুলো’ত বৰ্ণিত হৈছে সাধাৰণ গ্ৰাম্য সমাজৰ নিখুঁত চিত্ৰায়ণ,গাৱৰ সাধাৰণ গাভৰু এগৰাকীক উগ্ৰপন্থী প্ৰেমিকে কৰা চূড়ান্ত পতাৰণা আৰু বিপ্লৱৰ নামত চলি থকা মিথ্যাবাদ আৰু এখিনি বাস্তৱ সত্যৰ নিকৰুণ উপলব্ধি৷
💐পূৰ্ণ আশা উপন্যাসখনি পাঠকসমাজে সহমৰ্মিতাৰে ,নিসন্দেহে আকোঁৱালি ল’ব৷💐

