💐💐💐💐💐💐নৈ বৈ যায়💐💐💐💐💐💐

লীলা গগৈৰ নৈ বৈ যায় উপন্যাসৰ আটাইতকৈ উল্লেখযোগ্য দিশটোৱেই হৈছে ইয়াত থকা অসমৰ সাংস্কৃতিক জীৱনৰ বৰ্ণাঢ্য ৰূপটো।

এই উপন্যাসৰ অধ্যয়নৰ জৰিয়তে বিশেষতঃ অসমীয়া লোক-সংস্কৃতিৰ বিষয়ে এটা মোটামুটি ধাৰণা কৰিব পৰা যায়।

অসমৰ লোক-সংস্কৃতিৰ এজন বিশিষ্ট গৱেষক গগৈয়ে উপন্যাসখনত লোক-সাহিত্যৰ বিভিন্ন অংগবোৰক কাহিনীয়ে দাবী কৰা মতে কৌশলপূৰ্ণভাৱে প্ৰয়োগ কৰিছে।

এইবোৰৰ ভিতৰত উল্লেখ কৰিব পাৰি লোকগীত ( বিহুনাম, বিয়ানাম, নিচুকনী গীত, ভেকুলী বিয়াৰ নাম আদি), প্ৰবাদ-প্ৰবচন-পটন্তৰ, লোকভাষা আদি।

লোক-সাহিত্যৰ সমলেৰে ভৰপূৰ হৈ আছে।

অসমীয়া সাহিত্য জগতত বনলতা প্ৰকাশনে প্ৰকাশ কৰা এই গ্ৰন্থখন অভিনৱ সংযোজন বুলিব পাৰি।

Leave a Reply

Your email address will not be published. Required fields are marked *