
🌹🌹🌹🌹 জ্যোতিপ্রভা চাংমাই শইকীয়া🌹🌹🌹🌹
উচ্চাকাংক্ষাৰ বিপৰীতে সৰল সপোন সাৰ্থকৰ আশা।
ক্ষুদ্ৰ পৰিচয়ৰে আত্মসন্তুষ্টি।
সময়ৰ দীঘ-বাণিৰে বৈ খোৱা উপলব্ধিতে পৰিচয় থৈ যাব খোজে অসম আৰক্ষীৰ অৱসৰী উপ আৰক্ষী অধীক্ষক জ্যোতি পি চি শইকীয়াই ।
ইতিমধ্যে তেখেতৰ প্ৰকাশিত কাব্য সংকলন
(১) * সান্ধা -বিলাস” প্রকাশক, বি, আৰ বুক উল, পানবজাৰ গুৱাহাটী, অসম, ডিচেম্বৰ ২০২২ আৰু
(২) এৰাসুঁতিৰ দেও- উৰিকনা ” প্রকাশক- শংকৰদেৱ প্ৰকাশন, নগাঁও অসম, নৱেম্বৰ ২০২৩
কাব্যগ্ৰন্থ দুখনে প্রিয় পাঠক সমাজৰ সমাদৰ লাভ কৰা কৰি গৰাকীৰ নৱতম কাব্য সংকলন ‘নৈ আৰু নাৰী ব্যাকৰণহীন’।
কাব্য সাহিত্যৰ পথাৰৰ মেটমৰা শইচৰ তিলমান অংশ হৈ ৰওঁক তাৰেই আশাৰে কাব্য প্রিয় পাঠকলৈ ‘নৈ আৰু নাৰী ব্যাকৰণহীন’।

