
💐💐💐💐💐নীল প্ৰজাপতি💐💐💐💐💐
উপন্যাস- নীল প্ৰজাপতি
ঔপন্যাসিক- অনুৰাধা শৰ্মা পূজাৰী
অনুৰাধা শৰ্মা পূজাৰীৰ এখন সুখপাঠ্য উপন্যাস নীল প্ৰজাপতি।
বিশ্বায়ন,মুক্ত বানিজ্য ব্যৱস্থাৰ ধামখুমীয়াত আধুনিক সমাজ ব্যবস্থাৰ আমূল পৰিবৰ্তন ঘটিছে।
বহুজাতিক সংস্থাৰ হেচাই মূল্যবোধৰ সংজ্ঞা, পাৰিবাৰিক জীৱনৰ মাপকাঠিকে সলাই দিলে।
মানুহৰ জাতি, চৰিত্ৰ , ঐতিহ্য সকলো একাকাৰ হৈ একবিশ্বৰ সামূহিক নতুন চৰিত্ৰ গঠন হৈছে।
অৰ্থ আৰু প্ৰলোভনে নিয়ন্ত্ৰণ কৰা মানৱ সমাজৰ কেইটিমান চৰিত্ৰ লৈ নীল প্ৰজাপতি ৰচনা কৰা হৈছে।
এই সমাজ খনৰ চৰিত্ৰ বিচিত্ৰ।
হিন্দী, ইংৰাজী,মাতৃভাষাৰ সংমিশ্ৰণ,আন্তঃৰাজ্যিক বিবাহ, সংস্কৃতিৰ মিশ্ৰণে এক নতুন সংস্কৃতিৰ জন্ম দিছে।
এই সংস্কৃতিত অভ্যস্ত তথাকথিত আধুনিক নাৰী পুৰুষৰ বাবে প্ৰেম, ত্যাগ আৰু মুল্যবোধৰ ধাৰণাও সুকীয়া।
অনিশ্চয়তা, নিৰাপত্তাহীনতাত ভোগা ভোগবাদী সমাজৰ এই চৰিত্ৰ সমুহ মুলৰ পৰা বিচ্ছিন্ন, নিসংগ।
ৰঙীন পখিলা সদৃশ এই চৰিত্ৰ বোৰ প্ৰকৃততে সুখীনে।
তেওঁলোকে জীৱনৰ পৰা বিচাৰে কি …
নীল প্ৰজাপতি এক সন্ধান …
জীৱনৰ অৰ্থ সন্ধানৰ যাত্ৰা ….

